ETV Bharat / state

Encounter at Doboka : ডবকাত আৰক্ষীৰ গুলীত আহত ডকাইত

author img

By

Published : Apr 10, 2022, 9:37 AM IST

Updated : Apr 10, 2022, 1:51 PM IST

ডবকাত সংঘটিত হৈছে আৰক্ষীৰ গুলীচালনা(Police encounter at Doboka) ৰ ঘটনা ৷ এই ঘটনাত আহত হৈছে ছামচুল হক নামৰ এটা ডকাইত ৷ সম্প্ৰতি নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আঘাতপ্ৰাপ্ত ডকাইতটোক ৷

dokait-injured-in-police-encounter-at-doboka-hojai
ডবকাত আৰক্ষীৰ গুলীত আহত ডকাইত

হোজাই, 10 এপ্ৰিল : হোজাই জিলাৰ ডবকাত আৰক্ষীৰ এনকাউণ্টাৰ(Police encounter at Doboka) ৷ এইবাৰ আৰক্ষীৰ লক্ষ্য ডকাইত ৷ প্ৰাপ্ত তথ্য অনুসৰি, হোজাই জিলাৰ ডবকাত শনিবাৰে নিশা এটা ডকাইতক লক্ষ্য কৰি গুলীচালনা কৰে আৰক্ষীয়ে ৷ আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হয় ছামচুল হক নামৰ এটা ডকাইত(Dokait injured in police encounter at Doboka) ৷ আঘাতপ্ৰাপ্ত ডকাইত সম্প্ৰতি নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

উল্লেখ্য যে, আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত চলাইছিল এক অভিযান ৷ আৰক্ষীৰ এই অভিযানতে কৰায়ত্ত কৰা হৈছিল ডকাইত ছামতুল হকক ৷ শনিবাৰে নিশাৰ ভাগত চলা এই অভিযানত ডকাইতটোৰ লস্কৰ পথাৰস্থিত ঘৰৰ পৰা জব্দ কৰা হয় ভালেমান মাৰণাস্ত্ৰ ৷ জেৰাত বহু মাৰণাস্ত্ৰ লুকাই ৰখাৰ কথা স্বীকাৰ ডকাইতটোৰ ৷

ডবকাত আৰক্ষীৰ গুলীত আহত ডকাইত

পৰৱৰ্তী সময়ত ডকাইতটোক লগত লৈ আৰক্ষীয়ে শালবাগান অঞ্চললৈ অভিযান চলাবলৈ যাওতেই পলায়নৰ চেষ্টা চলোৱা বুলি জানিব পৰা গৈছে ৷ যাৰ বাবে ডকাইতটোক লক্ষ্য কৰি আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য(Police firing in Hojai) হয় ৷ আৰক্ষীৰ গুলীত সোঁ ভৰিত আঘাতপ্ৰাপ্ত হয় ডকাইতটো ৷

লগতে চাওক: কাজিৰঙাত নিশা আৰক্ষীৰ গুলীচালনা; আহত এজন

Last Updated :Apr 10, 2022, 1:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.