ETV Bharat / state

কেন্দ্ৰৰ প্ৰতিবেদনে উদঙাইছে ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ পঁয়া লগা অৱস্থা

author img

By

Published : Apr 10, 2022, 5:50 PM IST

ৰাজ্যৰ শিক্ষ‍াখণ্ডৰ শোচনীয় অৱস্থা(Pathetic Condition of education sector in Assam)। ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ ১৩.৯ শতাংশই কেঁচা ঘৰ । দেশৰ ভিতৰতে অসমত আধাতে বিদ্যালয় এৰা ছাত্র-ছাত্রীৰ সংখ্যা সর্বাধিক । ৰাজ্যখনৰ অধিকাংশ বিদ্যালয়তে নাই খোৱাপানী, বিজুলী, পুথিভঁৰাল, খেলপথাৰ আদি প্ৰয়োজনীয় সুবিধা (Facilities in government schools of Assam)।

education sector of the state
উন্নয়ণৰ ঢাক-ঢোল: শিক্ষাখণ্ডত উন্নয়ণ কিমান?

গুৱাহাটী, ১০ এপ্ৰিল : শৈক্ষিক ক্ষেত্ৰখনৰ আমূল পৰিৱৰ্তনৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ সময়তে শেহতীয়াকৈ পোহৰলৈ আহিছে ৰাজ্যৰ শিক্ষাখণ্ডৰ বাস্তৱ স্বৰূপ । কেন্দ্রীয় চৰকাৰে প্ৰকাশ কৰা ডিষ্ট্রিক্ট ইনফর্মেশ্যন ছিষ্টেম ফৰ এড্যুকেশন প্লাছ ২০২০-২১(District Information System for Education Plus 2020-21)ৰ প্রতিবেদন অনুসৰি অসমৰ শিক্ষাখণ্ডৰ আন্তঃগাঁথনি একেবাৰে দুৰ্বল(Poor infrastructure in Assam education sector) । এতিয়াও ৰাজ্যখনৰ অধিকাংশ বিদ্যালয়তে খোৱাপানী, বিজুলী, পুথিভঁৰাল, খেলপথাৰ আদি প্ৰয়োজনীয় সুবিধাসমূহ নাই ।

আনহাতে, এনে সা-সুবিধাসমূহ থকা বিদ্যালয়সমূহত চোৱা-চিতা কৰাৰ বাবে প্রয়োজনীয় লোকৰ অভাৱ । তথ্য মতে ৰাজ্যৰ ২,৮৮৩খন চৰকাৰী তথা প্ৰাদেশীকৃত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত নাই কোনো বেৰা । এনেদৰে বেৰা নথকা চৌহদৰ বিদ্যালয়ৰ সংখ্যা বৰপেটা, কাছাৰ, বাক্স, কামৰূপ আৰু লখিমপুৰ জিলাত সর্বাধিক ।

আনহাতে ৰাজ্যৰ ৪১৮খন প্ৰাদেশীকৃত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাই ছাত্রীৰ বাবে সুকীয়া শৌচালয়, ৭৮ খনত নাই খোৱাপানীৰ ব্যৱস্থা, ৪৭খনত নাই বিজুলী, ৭৬৪খনত নাই পুথিভঁৰাল আৰু ৯৫৮ খনত নাই খেলপথাৰ । সকলোতকৈ ডাঙৰ কথা যে বিজ্ঞান শাখা থকা উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত ছাত্র-ছাত্রীৰ বাবে পৰীক্ষাগাৰ থকাটো অত্যন্ত জৰুৰী । কিন্তু আশ্চর্যজনক কথা যে ৰাজ্যৰ ১৯৪৭খন বিদ্যালয়তে নাই এনে পৰীক্ষাগাৰ ।

ইফালে ৰাজ্য চৰকাৰখনে নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰাৰ বাবে সকলো ধৰণৰ পদক্ষেপ হাতত লোৱাৰ সময়তে ৰাজ্যৰ বৃহৎসংখ্যক ছাত্র-ছাত্রীয়ে আধাতে বিদ্যালয় এৰাৰ তথ্যও পোহৰলৈ আহিছে । খোদ কেন্দ্রীয় চৰকাৰে প্রকাশ কৰা তথ্য অনুসৰি ২০২০-২১ বৰ্ষত অসমত মাধ্যমিক পর্যায়ত ৩১ শতাংশ ছাত্র-ছাত্রীয়ে আধাতে বিদ্যালয় এৰিছে । আধাতে বিদ্যালয় এৰা ছাত্ৰৰ হাৰ ২৯.৭ শতাংশ আৰু ছাত্ৰীৰ হাৰ হৈছে ৩২.১ শতাংশ ।

এইক্ষেত্ৰত সমগ্র দেশৰ ভিতৰতে অসমৰ স্থান হৈছে প্রথম । একেদৰে উচ্চ প্রাথমিক পর্যায়ত বিদ্যালয় এৰা ছাত্র-ছাত্রীৰ হাৰ হৈছে ৪.৬ শতাংশ । ইয়াৰ ভিতৰত ছাত্ৰৰ হাৰ হৈছে ৬ শতাংশ আৰু ছাত্ৰীৰ হাৰ হৈছে ৩.২ শতাংশ । প্রাথমিক পর্যায়তো ৰাজ্যৰ ৩.৩ শতাংশ ছাত্র-ছাত্রীয়ে আধাতে বিদ্যালয় এৰিছে । ইফালে ৰাজ্যৰ বৃহৎ সংখ্যক বিদ্যালয়ে আজিও কেঁচা ঘৰতে পাঠদান অব্যাহত ৰাখিছে । সমগ্র দেশত এইক্ষেত্ৰত অসমৰ স্থান হৈছে প্রথম ।

ৰাজ্যখনত থকা কেঁচা ঘৰৰ বিদ্যালয়ৰ সংখ্যা হৈছে ৬,৫৫৪ খন । ৰাজ্যখনৰ মুঠ চৰকাৰী বিদ্যালয়ৰ ১৩.৯ শতাংশই কেঁচা ঘৰত পাঠদান অব্যাহত ৰাখিছে । মন কৰিবলগীয়া কথা যে আজিৰ পৰা কিছুদিন পূর্বে অসম ৰাজ্যিক প্রাথমিক শিক্ষা সন্মিলনীয়েও ৰাজ্যৰ শিক্ষাখণ্ডৰ পঁয়ালগা ছবিখন উদঙাই দিছিল ।

সন্মিলনীয়ে প্ৰকাশ কৰিছিল যে ৰাজ্যৰ ১,৬৬৪ খন প্রাথমিক বিদ্যালয়ত ছয়টা শ্রেণী এটা গৃহতে পঢ়ুৱাই থকা হৈছে । একেদৰে দহ হাজাৰ প্ৰাথমিক বিদ্যালয়ত বিজুলী নাই । বেছিভাগ বিদ্যালয়তে ডেস্ক-বেঞ্চ আৰু শৌচাগাৰৰ ব্যৱস্থা নাই বুলিও প্রকাশ কৰিছিল সন্মিলনীয়ে ।

প্রণিধানযোগ্য যে কেন্দ্রীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰেও ৰাজ্যৰ শিক্ষাখণ্ডৰ বাবে প্রতি বছৰে কোটি কোটি টকা ব্যয় কৰি আহিছে । কিন্তু বৃহৎ অংকৰ ধন ব্যয় কৰাৰ পাছতো ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নত নোহোৱাটো অতি পৰিতাপৰ বিষয় ।

লগতে পঢ়ক: Robbery in Mahindra Dealer : তেজপুৰ আৰক্ষীৰ দুগৰাকী বিষয়াক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.