ETV Bharat / state

বাধ্যতামূলকভাৱে হিন্দী ভাষা জাপি দিয়াৰ তীব্ৰ বিৰোধিতা কৃষক সভাৰ

author img

By

Published : Apr 10, 2022, 5:04 PM IST

হিন্দী বাধ্যতামূলকভাৱে জাপি দিয়াৰ প্ৰংসগকলৈ ৰাজ্যজুৰি অব্যাহত ক্ৰিয়া প্ৰতিক্ৰিয়া । হিন্দী বাধ্যতামূলকভাৱে জাপি দিয়াৰ তীব্ৰ বিৰোধিতা কৰিছে কৃষক সভাই (Krishak Sabha opposes compulsion of Hindi) ।

krishak sova against hindi
হিন্দী বাধ্যতামূলকভাৱে জাপি দিয়াৰ তীব্ৰ বিৰোধীতা কৃষক সভাৰ

গুৱাহাটী, ৯ এপ্ৰিল : অসম সহ উত্তৰ-পূবৰ ৰাজ্যসমূহত দশম শ্ৰেণী পৰ্যন্ত হিন্দী ভাষা বাধ্যতামূলক কৰা আৰু হিন্দী শিকোৱাৰ বাবে ২২ হাজাৰজন শিক্ষক প্ৰেৰণ কৰাৰ বিষয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৰা ঘোষণাৰ তীব্ৰ বিৰোধিতা কৰিছে অসম ৰাজ্যিক কৃষক সভাই (Krishak Sabha protest against Hindi compulsion) । RSSৰ এক জাতি, এক ভাষা, এক সংস্কৃতিৰ আদৰ্শ আৰু কৰ্প’ৰেটৰ এক দেশ এক অৰ্থনীতি ৰূপায়নৰ স্বাৰ্থতে নৰেন্দ্ৰ মোদী-অমিত শ্বাহৰ কেন্দ্ৰীয় চৰকাৰে উক্ত ঘোষণা কৰিছে সেয়া স্পষ্ট ।

একেসময়তে দেশৰ জনসাধাৰণক বিভ্ৰান্ত কৰি অমিত শ্বাহে কৰা ঘোষণাত হিন্দীক ভাৰতৰ চৰকাৰী ভাষা বুলিও অভিহিত কৰিছে (Amit Shah on Hindi compulsion in India)। স্বতঃস্ফুৰ্ত্ভাৱে হিন্দী শিকা আৰু গ্ৰহণ কৰাত কৃষক সভাৰ আপত্তি নাই, কিন্তু বাধ্যতামূলক কৰি RSSৰ দৰ্শন ৰূপায়ন কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে অসম ৰাজ্যিক কৃষক সভাই ।

সমগ্ৰ দেশতে হিন্দী বলবৎ কৰাৰ বাবে ২০১৯ তে ত্ৰি-ভাষা সূত্ৰৰ প্ৰস্তাৱ কৰিছিল নৰেন্দ্ৰ মোডীৰ চৰকাৰে । ইয়াৰ বিৰুদ্ধে দক্ষিণ ভাৰত, উত্তৰ-পূবৰ ৰাজ্যসমূহৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু দেশৰ ২৬ জন মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক কৰাৰ পিছত এই সূত্ৰ প্ৰয়োগ কৰাৰ পৰা বিৰত আছিল ।

অসম তথা উত্তৰ-পূবৰ ৰাজ্যসমূহত বিজেপি আৰু মিত্ৰজোঁটৰ চৰকাৰ থকাৰ সুযোগত উক্ত সূত্ৰ প্ৰয়োগ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ উঠি পৰি লাগিছে । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মতি সাপেক্ষেই অমিত শ্বাহে উক্ত ঘোষণা কৰিছে বুলি মন্তব্য কৃষক সভাৰ । সংবিধান স্বীকৃত ভাৰতৰ যুক্ত ৰাষ্ট্ৰীয় চৰিত্ৰক নস্যাৎ কৰাৰ উদ্দেশ্যও ইয়াৰ মাজত প্ৰকট হৈছে ।

আদানি-আম্বানীকলৈ এক দেশ-এক অৰ্থনীতি গঢ়াৰ সপোন বিজেপি চৰকাৰে দেখিছে বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কৃষক সভাই । বিজেপি চৰকাৰৰ হঠকাৰী সিদ্ধান্তই অসম সহ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বৈচিত্ৰময় সংস্কৃতিক ধংস কৰিব বুলিও আশংকা প্ৰকাশ কৰিছে সভাই । কেন্দ্ৰীয় চৰকাৰৰ হিন্দী জাপি দিয়াৰ প্ৰচেষ্টাই অসম তথা উত্তৰ-পূবৰ ৰাজ্যসমূহক পুনৰ অশান্ত কৰি তুলিব আৰু ইয়াৰ সুযোগ গ্ৰহণ কৰিব উগ্ৰবাদী আৰু বিচ্ছিন্নতাবাদী সংগঠনসমূহে ।

ইয়াৰ বাবে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ হিন্দীকেন্দ্ৰিক ভাষা নীতি দায়ী হ’ব বুলি মন্তব্য কৰে কৃষক সভাই ।

লগতে পঢ়ক: Encounter at Doboka : ডবকাত আৰক্ষীৰ গুলীত আহত ডকাইত

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.