ETV Bharat / bharat

Hajj season 2022 : 10 লাখ হজযাত্ৰীৰ অংশগ্ৰহণৰ সম্ভাৱনা

author img

By

Published : Apr 10, 2022, 1:44 PM IST

ক'ভিড পৰিস্থিতিৰ বাবে দুবছৰৰ অন্তত এইবাৰ হজ যাত্ৰাৰ বাবে বিদেশী যাত্ৰীক অনুমতি (Foreigners allowed for Hajj pilgrimage this year)। দেশী-বিদেশী ১০ লাখ লোকক হজ যাত্ৰাৰ বাবে এইবাৰ চৌদি আৰৱ চৰকাৰে অনুমতি দিব । ইয়াৰ লগতে কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে ।

Hajj season 2022
হজ যাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ১০ এপ্ৰিল : বিশ্বজুৰি ক'ভিডৰ সংক্ৰমণ হ্ৰাস পাইছে ৷ যাৰ বাবে সকলো ক্ষেত্ৰতে একপ্ৰকাৰ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে । বিশেষকৈ ধৰ্মীয় কাৰ্যসূচীবোৰত লাহে লাহে ভক্ত বা দৰ্শনাৰ্থীৰ সংখ্যাও বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে । ইয়াৰ মাজতে হজযাত্ৰীসকলৰ বাবে আছে এক গুৰুত্বপূৰ্ণ খবৰ ।

হজ যাত্ৰীসকলৰ বাবে নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে চৌদি আৰৱ চৰকাৰে (Saudi Arabia government issues new guidelines on Hajj pilgrimage) । এইবাৰ ১ মিলিয়ন অৰ্থাৎ ১০ লাখ লোকে অংশগ্ৰহণ কৰিব পাৰিব হজ যাত্ৰাত (1 million people allowed to go on Hajj pilgrimage) । বিশ্বৰ সৰ্বাধিক সংখ্যক মুছলমানে যাতে হজ যাত্ৰাৰ সুবিধা লাভ কৰিব পাৰে, তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে চৌদি আৰৱ চৰকাৰে ।

ইফালে ৬৫ বছৰতকৈ কম বয়সৰ লোকেহে হজ যাত্ৰাৰ অনুমতি পাব । লগতে ক'ভিড প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰা লোকেহে পাব হজ যাত্ৰাৰ অনুমতি (Fully vaccinated people will get permission for Hajj pilgrimage) । বিদেশী হজ যাত্ৰীসকলে চৌদি আৰৱলৈ যোৱাৰ ৭২ ঘণ্টাৰ ভিতৰত ক'ভিডৰ পিচিআৰ পৰীক্ষাৰ ফলাফল দাখিল কৰিব লাগিব ।

উল্লেখ্য যে, যোৱা দুটা বছৰত ক'ভিডৰ সংক্ৰমণৰ বাবে কেৱল চৌদি আৰৱৰ লোককহে হজ যাত্ৰাৰ অনুমতি দিয়া হৈছিল । দুটা বছৰৰ অন্তত প্ৰথমবাৰলৈ বিদেশী হজ যাত্ৰীক অনুমতি প্ৰদান কৰা হৈছে । মন্ত্ৰালয়ে জনোৱা অনুসৰি, ২০২১ চনত পবিত্ৰ মক্কা চহৰলৈ প্ৰায় ৬০,০০০ হজ যাত্ৰীৰ আগমন ঘটিছিল ৷ আনহাতে ২০১৯ চনত এই সংখ্যা আছিল ২.৫ নিযুত ।

লগতে পঢ়ক : Pakistan political crisis : পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা বহিষ্কাৰ ইমৰাণ খান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.