ETV Bharat / state

কালধুমুহাই প্ৰাণ কাঢ়িলে শ শ বগলী পোৱালিৰ: আঘাতপ্ৰাপ্ত পক্ষী উদ্ধাৰ - Cyclone Remal Impact In Assam

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 10:18 AM IST

Baby egret dies in Kaliabor : কলিয়াবৰৰ গোমোঠা গাঁৱত প্ৰচণ্ড ধুমুহাত শোকাৱহ ঘটনা ৷ বহু কণী নষ্ট হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হৈছে বগলী ।

Baby egret dies in Kaliabor
ৰাজ্য়ত ধুমুহাৰ তাণ্ডৱ (ETV BHARAT ASSAM)

কলিয়াবৰ, ২৯ মে’: ৰাজ্য়ত ধুমুহাৰ তাণ্ডৱ অব্য়াহত । ৰেমলৰ প্ৰভাৱত ৰাজ্য়খনৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে লাখ লাখ লোকৰ । ঘূৰ্ণিবতাহৰ প্ৰভাৱত স্তব্ধ হৈছে জনজীৱন । কেইবাঠাইতো গৃহহীন হৈছে শ শ পৰিয়াল । বিভিন্ন সমস্য়াৰ সন্মুখীন হৈছে লাখ লাখ লোক । এতিয়া সকলো ব্য়স্ত ক্ষয়ক্ষতিৰ হিচাপ কৰাত । পিচে প্ৰকৃতিৰ এই কালৰূপৰ পৰা পৰিত্ৰাণ পোৱা নাই জীৱ-জন্তুৰ লগতে পক্ষীকুলেও । এই ধুমুহাত পক্ষীকুলৰ জীৱনলৈও নামিছে বিপৰ্যয় । ইয়াৰ মাজতে ধাৰাষাৰ বৰষুণ, ধুমুহাই কলিয়াবৰৰ ভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে পক্ষীকুলৰো বিপদ মাতি আনিছে ।

ৰাজ্য়ত ধুমুহাৰ তাণ্ডৱ (ETV BHARAT ASSAM)

কলিয়াবৰৰ গোমোঠা গাঁৱত বিগত কেইবাবছৰ ধৰি বাঁহগছত আশ্ৰয় লৈ আহিছে হাজাৰ হাজাৰ বগলীয়ে । অঞ্চলটোৰ ৰাইজে ইয়াকে লৈ গৰ্বও অনুভৱ কৰে । কাৰণ এতিয়া ইমানবোৰ বগলী একেলগে দেখাপোৱাটোও সৌভাগ্য়ৰ বিষয় । ৰেমলৰ প্ৰভাৱত হোৱা ঘূৰ্ণিবতাহত এই গাঁওখনৰ বাঁহগছত থকা বহুতো বগলীৰ লগতে পোৱালি আঘাতপ্ৰাপ্ত হয় । বগলীৰ বহু কণী নষ্ট হোৱাৰ লগতে শ শ পোৱালিৰ মৃত্যু হৈছে ।

গোমোঠা গাঁৱৰ বাঁহগছত আশ্ৰয় লৈ থকা অগণন বগলী ধুমুহাত আঘাতপ্ৰাপ্ত হোৱা বগলীৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ কলিয়াবৰৰ চাৰিজন সাংবাদিকে উদ্ধাৰ কৰিলে আঘাতপ্ৰাপ্ত বগলী । সংবাদকৰ্মী কেইজনে উদ্ধাৰ উদ্ধাৰ কৰা বগলীৰ লগতে বগলীৰ পোৱালিকেইটা চিকিৎসা প্ৰদানৰ বাবে পশু চিকিৎসক সূৰুজ প্ৰতিম কাকতিক গতাই দিয়ে । বগলীৰ এনে অৱস্থা দেখি অঞ্চলটোৰ ৰাইজ ব্য়থিত হৈ পৰিছে ।

লগতে পঢ়ক:বগাকৈ বগলী বহলাই বহিছে আমগুৰিৰ দাধৰা গাঁৱত

ধুমুহাই প্ৰাণ ল’লে শ শ বগলী পোৱালিৰ : বোকাখাতত হৃদয়বিদাৰক ঘটনা - Cyclone Remal Impact In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.