ETV Bharat / city

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : May 30, 2022, 3:10 PM IST

news-at-3
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

মণিপুৰত IED বিস্ফোৰণ: এজনৰ মৃত্যু, চাৰিজন আহত

মণিপুৰত আই ই ডি বোমা বিস্ফোৰণ (IED blast in Manipur) ৷ এই বিস্ফোৰণত 5 জন লোক আঘাতপ্ৰাপ্ত হয় ৷ লগে লগে আহতকেইজনক থৌবাল চিকিৎসালয়লৈ ভৰ্তি কৰা যদিও এজন ব্যক্তি চিকিৎসালয়তে মৃত্যু হয়(One person died in Manipur) ৷

মাজুলীত ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰিলে ৰাজ্যপালে

ৰাজ্যপাল জগদীশ মুখীৰ দুদিনীয়া মাজুলী ভ্ৰমণৰ আজি দ্বিতীয় তথা অন্তিমটো দিন ৷ দ্বিতীয় তথা অন্তিম দিনৰ কাৰ্যসূচী(Governor Jagdish Mukhi's two days majuli visit) হিচাপে ৰাজ্যপালগৰাকীয়ে পুৱাৰ ভাগত পীতাম্বৰ দেৱগোস্বামী বালিকা উচ্চ বিদ্যালয়ত অনুষ্ঠিত ছোৱালী ভলীবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷

ক'ভিডত অনাথ হোৱা শিশুৰ বাবে বিশেষ আঁচনি ঘোষণা প্ৰধানমন্ত্ৰীৰ

ক'ভিড কালত অনাথ হোৱা শিশুসকলক প্ৰতি মাহে ৪,০০০ টকাকৈ (PM Modi announces Rs 4,000 per month) প্ৰদান কৰাৰ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Prime Minister Narendra Modi)ৰ ৷ যোৱা 11 মাৰ্চ, 2020 ৰ পৰা 28 ফেব্ৰুৱাৰী, 2022 লৈ ক 'ভিড-19 মহামাৰীত যিসকল শিশুয়ে পিতৃ-মাতৃ দুয়োকে হেৰুৱাইছে তেওঁলোকক সাহাৰ্য বিতৰণ কৰা হ'ব ৷

ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত দুটাকৈ পদক অৰ্জন টিংখাঙৰ পুষ্পা গগৈৰ

ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত দুটাকৈ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিলে টিংখাঙৰ শগুনচোৱা গাঁৱৰ পুষ্পা গগৈয়ে(Panja Player of Tingkhong) ৷

Tripura By elections 2022: নিৰপেক্ষ আৰু শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে প্ৰশিক্ষণ কৰ্মশালা

কৰ্মশালাৰ আৰম্ভণিতে ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী বিষয়া কিৰণ গিটে নিৰপেক্ষ আৰু শান্তিপূৰ্ণ নিৰ্বাচনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে এই কৰ্মশালাত বিভিন্ন দলৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল, মনোনয়ন পত্ৰ পৰীক্ষা, মনোনয়ন পত্ৰ প্ৰত্যাহাৰ, প্ৰাৰ্থীৰ ৰাজনৈতিক প্ৰতীক আৱণ্টন, নিৰাপত্তা নিয়োজন, ভোটগ্ৰহণ কৰ্মচাৰী দল গঠন, ভোটগ্ৰহণ সঠিকভাৱে কৰাৰ নিৰ্দেশনাও অন্তৰ্ভুক্ত থাকে ।

Laal Singh Chaddha trailer: ‘লাল সিং চাড্ডা’ৰ ট্ৰেইলাৰ মুকলি

আমিৰ খান আৰু কৰীণা কাপুৰ খানৰ নতুন ছবি 'লাল সিং চাড্ডা'ৰ ট্ৰেইলাৰ দেওবাৰে মুকলি কৰা হয় । ট্ৰেইলাৰটো চাই দৰ্শকে বিভিন্ন ৰসৰ সোৱাদ লাভ কৰিব যেন অনুমান হয় ৷ চাওক ট্ৰেইলাৰটো-

চাৰিবছৰৰ পাছত বাংলাদেশৰ পৰা স্ব-ভূমিলৈ ত্ৰিপুৰাৰ ৰাজকুমাৰ বাউৰী

চাৰিবছৰ পূৰ্বে ত্ৰিপূৰাৰ এজন লোকক নিচাগ্ৰস্ত অৱস্থাত গ্ৰেপ্তাৰ কৰিছিল বাংলাদেশ বৰ্ডাৰ গাৰ্ডে(Bangladesh Border Guard detains a man from Tripura four years ago) । নিচাগ্ৰস্ত অৱস্থাত আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰা ব্যক্তিগৰাকীয়ে চাৰিটা বছৰ বাংলাদেশ কাৰাগাৰত কটোৱাৰ পাছত উভতি আহিল জন্মভূমিলৈ । ত্ৰিপুৰাৰ মোহনপুৰৰ বাসিন্দাগৰাকীক বাংলাদেশ আৰক্ষীয়ে গতালে ভাৰতীয় বিষয়াসকলক ।

প্ৰাকৃতিক পৰিৱেশৰ মাজত আলিয়া শুই পৰিছে ঘাঁহনিৰ মাজত

শীঘ্ৰেই হলীউডৰ ছবিত দেখিবলৈ পোৱা যাব বলীউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাটক ৷ অভিনেত্ৰী গৰাকীয়ে ইনষ্টাগ্ৰামত শেহতীয়াকৈ প্ৰাকৃতিক পৰিৱেশৰ সৌন্দৰ্য উপভোগ কৰি থকা কেইখনমান ফটো আপলোড কৰিছে ৷ চাওক ফটো-

Haridev Tithi Mahotsav : হাজাৰ হাজাৰ বন্তিৰে আলোকিত বৰপেটাৰ বহৰি সত্ৰ

হাজাৰ হাজাৰ বন্তি প্ৰজ্বলনেৰে বৰপেটাৰ বহৰি সত্ৰত আয়োজিত মহাপুৰুষ হৰিদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ (Haridev tithi Mahotsav at bahari satra)৷ ভক্তসকলে উজাগৰে থাকি ওৰে নিশা বন্তিত আগবঢ়ালে তেল শলিতা ৷

পঞ্জাৱত দিন দুপৰতে গুলীয়াই হত্যা কৰা হ’ল জনপ্ৰিয় তাৰকা সিদ্ধু মুছেৱালাক

পঞ্জাৱৰ মানচা জিলাত দেওবাৰে কোনো অজ্ঞাত লোকে বিখ্যাত পাঞ্জাৱী গায়ক তথা কংগ্ৰেছী নেতা সিদ্ধু মুছেৱালাৰ ওপৰত গুলীচালনা কৰে (Sidhu Moosewala death news) ৷ গুৰুতৰ অৱস্থাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও ইতিমধ্যেই তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.