ETV Bharat / bharat

চাৰিবছৰৰ পাছত বাংলাদেশৰ পৰা স্ব-ভূমিলৈ ত্ৰিপুৰাৰ ৰাজকুমাৰ বাউৰী

author img

By

Published : May 30, 2022, 1:50 PM IST

চাৰিবছৰ পূৰ্বে ত্ৰিপূৰাৰ এজন লোকক নিচাগ্ৰস্ত অৱস্থাত গ্ৰেপ্তাৰ কৰিছিল বাংলাদেশ বৰ্ডাৰ গাৰ্ডে(Bangladesh Border Guard detains a man from Tripura four years ago) । নিচাগ্ৰস্ত অৱস্থাত আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰা ব্যক্তিগৰাকীয়ে চাৰিটা বছৰ বাংলাদেশ কাৰাগাৰত কটোৱাৰ পাছত উভতি আহিল জন্মভূমিলৈ । ত্ৰিপুৰাৰ মোহনপুৰৰ বাসিন্দাগৰাকীক বাংলাদেশ আৰক্ষীয়ে গতালে ভাৰতীয় বিষয়াসকলক ।

tripura-man-returns-home-from-bangladesh-jail
চাৰি বছৰ বাংলাদেশৰ কাৰাগাৰত কটাই স্ব-ভূমিলৈ উভতিল ত্ৰিপুৰাৰ এজন লোক

আগৰতলা,৩০ মে': মানুহজনৰ নাম ৰাজকুমাৰ বাউৰী । ঘৰ ত্ৰিপুৰাৰ পশ্চিম জিলাৰ মোহনপুৰ উপ-সংমণ্ডলৰ চিমনা অঞ্চলত । দুৰ্ভাগ্যবশত ৩৫ বছৰীয়া লোকজনে চাৰিবছৰ পূৰ্বে নিচাগ্ৰস্ত অৱস্থাত অতিক্ৰম কৰিছিল আন্তঃৰাষ্ট্ৰীয় সীমান্ত । সেই অপৰাধতেই বাংলাদেশ বৰ্ডাৰ গাৰ্ডে আটক কৰিছিল লোকজনক(Bangladesh Border Guard detains a man from Tripura four years ago) । অৱশেষত সুদীৰ্ঘ চাৰিটা বছৰৰ চুবুৰীয়া দেশখনৰ কাৰাগাৰত কটোৱাৰ পাছত ৰাজকুমাৰ বাউৰীক হস্তান্তৰ কৰিলে ভাৰতীয় বিষয়াসকলৰ হাতত ।

স্ব-ভূমিলৈ উভতি লোকজনে অত্যন্ত সুখী বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে । বাউৰীয়ে লগতে সমগ্ৰ ঘটনাৰ বিৱৰণী দাঙি ধৰে সাংবাদিকৰ আগত । তেঁও জনোৱা অনুসৰি চাতৰিবছৰ পূৰ্বে সেইদিনা নিচাগ্ৰস্ত অৱস্থাত ত্ৰিপূৰাৰ বিভিন্ন স্থানলৈ গৈছিল । অজ্ঞাতভাৱে এখন বাছত উঠি তেঁও উপস্থিত হৈছিল ত্ৰিপুৰাৰ দক্ষিণ জিলাৰ চাব্ৰুম অঞ্চলত । তেঁও সীমা অতিক্ৰম কৰাৰ পাছত এজন লোকে তেঁওৰ পৰিচয় সুধিছিল বুলিও সদৰি কৰে । কিন্তু নিচাগ্ৰস্ত হৈ থকাৰ বাবে তেঁও নিজৰ পৰিচয় দাঙি ধৰিব পৰা নাছিল ।

সেই লোকজনে বাউৰীক খাদ্যৰ যোগান ধৰি বাউৰীক লগত লৈ গৈ বাংলাদেশৰ ৰামগড় আৰক্ষীৰ হাতত গতাই দিয়ে । ২ ঘন্টাৰ জেৰাৰ পাছত ৰামগড় আৰক্ষীয়ে খাগ্ৰাচাৰী আদালতত হাজিৰ কৰোৱাই কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ৰাজকুমাৰ বাউৰীক । বেলোনিয়া চেক পোষ্টৰ জড়িয়তে বাউৰীক গতাই দিয়া হৈছিল ভাৰতীয় বিষয়াসকলৰ হাতত । বাংলাদেশ আৰক্ষীয়ে বাংলাদেশৰ বৰ্ডাৰ গাৰ্ডৰ সৈতে ত্ৰিপুৰাৰ চিধাই মোহনপুৰ অঞ্চলৰ বাসিন্দা ব্যক্তিজনক বিবাংলাদেশ আৰক্ষীয়ে বাংলাদেশৰ বৰ্ডাৰ গাৰ্ডৰ সৈতে ত্ৰিপুৰাৰ চিধাই মোহনপুৰ অঞ্চলৰ বাসিন্দা ব্যক্তিজনক বিবাংলাদেশৰ কাৰাগাৰত চাৰিটা বছৰ কটোৱাৰ পাছত বাউৰীয়ে এতিয়া তেঁওৰ পত্নী-পুত্ৰ সৈতে ভাল দিন কচোৱাৰ সপোন দেখিছে ।

ইফালে হস্তান্তৰ প্ৰক্ৰিয়াৰ সময়ত উপস্থিত খকা ত্ৰিপুৰাৰ এগৰাকী আৰক্ষী বিষয়াই কয় যে বাংলাদেশ আৰক্ষীয়ে বাংলাদেশৰ বৰ্ডাৰ গাৰ্ডৰ সৈতে ত্ৰিপুৰাৰ মোহনপুৰ অঞ্চলৰ বাসিন্দা ব্যক্তিজনক হস্তান্তৰ কৰে । বিষয়া গৰাকীয়ে উল্লেখ কৰে যে বাংলাদেশত বাউৰীক কাৰাগাৰৰ শেষৰ ফালে ৰখা হৈছিল । বাউৰীক হস্তান্তৰ কৰাৰ বিষয়ে পৰিয়ালৰ সদস্যক অৱগত কৰোৱা বুলি উল্লেখ কৰে ত্ৰিপুৰাৰ অৰক্ষী বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক: Pulwama Encounter Update: নিহত জৈচ ই মহম্মদৰ দুজন সদস্য

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.