ETV Bharat / bharat

মণিপুৰত IED বিস্ফোৰণ: এজনৰ মৃত্যু, চাৰিজন আহত

author img

By

Published : May 30, 2022, 11:53 AM IST

Updated : May 30, 2022, 1:13 PM IST

মণিপুৰত আই ই ডি বোমা বিস্ফোৰণ (IED blast in Manipur) ৷ এই বিস্ফোৰণত 5 জন লোক আঘাতপ্ৰাপ্ত হয় ৷ লগে লগে আহতকেইজনক থৌবাল চিকিৎসালয়লৈ ভৰ্তি কৰা যদিও এজন ব্যক্তি চিকিৎসালয়তে মৃত্যু হয়(One person died in Manipur) ৷

as_mnipur_01_ied_blast_img
মণিপুৰত IED বিস্ফোৰণঃ এজনৰ মৃত্যু, চাৰিজন আহত

মণিপুৰ, 30 মে': মণিপুৰত আই ই ডি বোমা বিস্ফোৰণ (IED blast in Manipur) ৷ মণিপুৰৰ থৌবাল জিলাৰ খোংজোমৰ সপম মায়াই লেইকাইৰ কমিউনিটি হলৰ ভিতৰত সোমবাৰে পুৱতিনিশা প্ৰায় 1.30 ত এটা আই ই ডি বোমা বিস্ফোৰণ হয় ৷ কমিনিউটি হলটোত কয়া নামৰ পানী টেংক নিৰ্মাণ কোম্পানী আৰু জিচিকেচিৰ দ্বাৰা নিয়োজিত কিছু বহিঃৰাজ্যৰ শ্ৰমিক বাস কৰিছিল ৷

বিস্ফোৰণৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ৷ এই বিস্ফোৰণত 5 জন লোক আঘাতপ্ৰাপ্ত হয় ৷ লগে লগে আহতকেইজনক থৌবাল চিকিৎসালয়লৈ ভৰ্তি কৰা যদিও আঘাতপ্ৰাপ্ত এজন ব্যক্তি চিকিৎসালয়তে মৃত্যুবৰণ কৰে (One person died in Manipur) ৷ মৃত শ্ৰমিকজন পশ্চিম বংগৰ খৰিয়াতাবাদৰ পংকজ মহাতো(21) বুলি চিনাক্ত কৰা হৈছে। আনহাতে আঘাতপ্ৰাপ্ত 4 গৰাকী শ্ৰমিক (Four injured in ied blast) হৈছে পশ্চিম বংগৰ দক্ষিণ 24 পৰগণা জিলাৰ অৰুপ মণ্ডল (30), পশ্চিম বংগৰ পৰা সৌভিক পাত্ৰ (18), পশ্চিম বংগৰ দক্ষিণ 24 পৰগণা অপূৰ্ব মণ্ডল (25) আৰু ৰাজেশ ৰামানিক (19) ৷

মণিপুৰত IED বিস্ফোৰণ

ঘটনাস্থলীত ফৰেনচিক বিভাগ উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ ঘটনা সন্দৰ্ভত খোংজোম থানাত এটা গোচৰ ৰুজু কৰা হৈছে । বৰ্তমানলৈ এই বিস্ফোৰণৰ দায়িত্ব কোনেও স্বীকাৰ কৰা নাই বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : Manipur IED blast : মণিপুৰৰ ৰাজধানী ইম্ফলত পুনৰ IED বিস্ফোৰণ

Last Updated :May 30, 2022, 1:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.