ETV Bharat / state

ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত দুটাকৈ পদক অৰ্জন টিংখাঙৰ পুষ্পা গগৈৰ

author img

By

Published : May 30, 2022, 2:28 PM IST

Updated : May 30, 2022, 2:35 PM IST

ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত দুটাকৈ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিলে টিংখাঙৰ শগুনচোৱা গাঁৱৰ পুষ্পা গগৈয়ে(Panja Player of Tingkhong) ৷

Panja Player of Tingkhong achieve two medals in 2nd BCAI National Armwrestling Championship 2022
ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত দুটাকৈ পদক লাভ টিংখাঙৰ পুষ্পা গগৈৰ

মৰাণ, 30 মে' : ক্ৰীড়া ক্ষেত্ৰখনত শেহতীয়াকৈ ৰাজ্যবাসীলৈ পুনৰ এক ভাল খবৰ আনিছে টিংখাঙৰ এগৰাকী যুৱতীয়ে । ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত দুটাকৈ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিলে টিংখাঙৰ শগুনেচোৱা গাঁৱৰ পুষ্পা গগৈয়ে ৷

18,19 আৰু 20 মে'ত BCAIৰ উদ্যোগত গোৱাত অনুষ্ঠিত হোৱা 2nd BCAI National Armwrestling Championship 2022ৰ 78 কেজি শাখাত সোঁহাত আৰু বাঁওহাত দুটাকৈ শাখাত অংশগ্ৰহণ কৰি টিংখাঙৰ পুস্পা গগৈয়ে সোণ আৰু ৰূপৰ পদক পাবলৈ সক্ষম হৈছে ।

আৰ্থিক অনাটনৰ বাবে কোনোধৰণৰ প্ৰশিক্ষণ গ্ৰহণ নকৰাকৈয়ে নিজৰ একান্ত প্ৰচেষ্টাৰ ফলত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনে যুৱতীগৰাকীয়ে ।

পুষ্পা গগৈ

ইতিমধ্যে, আগন্তুক ফ্ৰান্স আৰু মালয়েছিয়াত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিছে পুস্পা গগৈয়ে । প্ৰতিযোগিতা কেইখনত অংশগ্ৰহণ কৰিবলৈ প্ৰয়োজনীয় যাৱতীয় খৰছ বহন কৰাৰ ক্ষেত্ৰত সম্প্ৰতি চৰকাৰৰ সহযোগিতা বিচাৰিছে খেলুৱৈগৰাকীয়ে ।

লগতে পঢ়ক : ভাৰতীয় যুৱ ফুটবল দলত স্থান লাভ জোনাইৰ গকুল বিশ্বকর্মাৰ

Last Updated :May 30, 2022, 2:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.