ETV Bharat / state

মাজুলীত ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰিলে ৰাজ্যপালে

author img

By

Published : May 30, 2022, 1:56 PM IST

governor-jagdish-mukhis-two-days-majuli-visit
মাজুলীত ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰিলে ৰাজ্যপালে

ৰাজ্যপাল জগদীশ মুখীৰ দুদিনীয়া মাজুলী ভ্ৰমণৰ আজি দ্বিতীয় তথা অন্তিমটো দিন ৷ দ্বিতীয় তথা অন্তিম দিনৰ কাৰ্যসূচী(Governor Jagdish Mukhi's two days majuli visit) হিচাপে ৰাজ্যপালগৰাকীয়ে পুৱাৰ ভাগত পীতাম্বৰ দেৱগোস্বামী বালিকা উচ্চ বিদ্যালয়ত অনুষ্ঠিত ছোৱালী ভলীবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷

মাজুলী, 30 মে’ : দুদিনীয়া কাৰ্যসূচীৰে সপত্নীক মাজুলীত উপস্থিত(Governor Jagdish Mukhi in Majuli) হৈছে অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী ৷ দেওবাৰে দুপৰীয়া এখন ফেৰীৰে নিমাতী কমলাবাৰী ফেৰীৰে মাজুলীত উপস্থিত হয় ৰাজ্যপালগৰাকী ৷ প্ৰথমদিনাৰ কাৰ্যসূচী হিচাপে ৰাজ্যপাল মুখীয়ে দুখনকৈ সত্ৰ দৰ্শন কৰে ৷

আজি দ্বিতীয় তথা অন্তিম দিনৰ কাৰ্যসূচী(Governor Jagdish Mukhi's two days majuli visit) হিচাপে ৰাজ্যপালগৰাকীয়ে পুৱাৰ ভাগত পীতাম্বৰ দেৱগোস্বামী বালিকা উচ্চ বিদ্যালয়ত অনুষ্ঠিত ছোৱালী ভলীবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ ৰাজ্যপালগৰাকীয়ে ইয়াৰ পিছতে দিয়া ভাষণ প্ৰসংগত মাজুলীৰ গাঁৱে গাঁৱে যাতে এক খেলৰ পৰিৱেশ সৃষ্টি হয়, তাৰ বাবে জিলা প্ৰশাসনৰ সহযোগত অনাগত সময়ত কাম কৰাৰ সদিচ্ছা প্ৰকাশ কৰে ৷

মাজুলীত ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰিলে ৰাজ্যপালে

পৰৱৰ্তী সময়ত ৰাজ্যপাল মুখীয়ে জিলা প্ৰশাসনৰ সৈতে উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, দেওবাৰে ৰাজ্যপালে পত্নী প্ৰেম মুখীৰ সৈতে নতুন চামগুৰি সত্ৰত মুখা ভাওনা আৰু দক্ষিণপাট সত্ৰৰ ইন্দাবিশেষ আৰু মাটি আখৰা উপভোগ কৰি অভিভূত হৈ পৰে ৷

লগতে চাওক: দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত ৰাজ্যপাল জগদীশ মুখী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.