ক'ভিডত অনাথ হোৱা শিশুৰ বাবে বিশেষ আঁচনি ঘোষণা প্ৰধানমন্ত্ৰীৰ

author img

By

Published : May 30, 2022, 1:19 PM IST

Updated : May 30, 2022, 2:03 PM IST

pm-modi-announces-rs-4000-per-month-for-children-orphaned-during-covid-pandemic

ক'ভিড কালত অনাথ হোৱা শিশুসকলক প্ৰতি মাহে ৪,০০০ টকাকৈ (PM Modi announces Rs 4,000 per month) প্ৰদান কৰাৰ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Prime Minister Narendra Modi)ৰ ৷ যোৱা 11 মাৰ্চ, 2020 ৰ পৰা 28 ফেব্ৰুৱাৰী, 2022 লৈ ক 'ভিড-19 মহামাৰীত যিসকল শিশুয়ে পিতৃ-মাতৃ দুয়োকে হেৰুৱাইছে তেওঁলোকক সাহাৰ্য বিতৰণ কৰা হ'ব ৷

নেশ্যনেল ডেস্ক, 30 মে': ক'ভিড কালত অনাথ হোৱা শিশুসকলক প্ৰতি মাহে ৪,০০০ টকাকৈ (PM Modi announces Rs 4,000 per month) প্ৰদান কৰাৰ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Prime Minister Narendra Modi)ৰ ৷ ক'ভিড মহামাৰীৰ পিতৃ-মাতৃ হেৰুওৱা শিশুসকলৰ সুবিধাৰ্থে পি এম কেয়াৰছ ফৰ চিল্ড্ৰেন আঁচনিৰ (PM CARES for Children Scheme) অধীনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

সোমবাৰে এক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে পি এম কেয়াৰছ ফ’ৰ চিল্ড্ৰেন আঁচনিৰ লাভালাভৰ ওপৰত আলোকপাত কৰা এক কাৰ্যসূচীত ভাষণ দি থকাৰ সময়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৷ এই আঁচনিৰ অধীনত বিদ্যালয়লৈ যোৱা শিশুসকলক বৃত্তি প্ৰদান কৰিব বুলি আশ্বাস দি প্ৰধানমন্ত্ৰীয়ে কয় যে এই আঁচনিয়ে উচ্চ শিক্ষা আৰু পেছাদাৰী পাঠ্যক্ৰমৰ বাবে ঋণৰ প্ৰয়োজন হোৱা শিক্ষাৰ্থীসকলক সহায় কৰিব।

ক'ভিড-১৯ মহামাৰীৰ সময়ত পিতৃ-মাতৃক হেৰুওৱা শিশুসকলৰ বাবে এই কাৰ্যসূচী বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় "ক'ভিড-১৯ মহামাৰীৰ সময়ত পৰিয়ালৰ সদস্যসকলক হেৰুওৱা লোকসকলৰ বাবে পৰিস্থিতি কিমান কঠিন মই বুজি পাওঁ । মই শিশুসকলৰ সৈতে প্ৰধানমন্ত্ৰী হিচাপে নহয়, আপোনাৰ পৰিয়ালৰ সদস্য হিচাপে কথা পাতিছো ৷ শিশুসকলৰ মাজত থাকি মই যথেষ্ট শান্তি পাইছো।"

বিগত 2021 বৰ্ষৰ 29 মে' ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনাথ শিশুসকলক সহায় কৰিবলৈ পি এম কেয়াৰ্ছ আঁচনিৰ আৰম্ভ কৰিছিল ৷ যোৱা 11 মাৰ্চ, 2020 ৰ পৰা 28 ফেব্ৰুৱাৰী, 2022 লৈ ক 'ভিড-19 মহামাৰীত যিসকল শিশুয়ে পিতৃ-মাতৃ দুয়োকে হেৰুৱাইছে তেওঁলোকক সাহাৰ্য বিতৰণ কৰা হ'ব ৷

আঁচনিখনৰ উদ্দেশ্য হৈছে শিশুসকলক থকা খোৱা প্ৰদানৰ লগতে, শিক্ষা আৰু বৃত্তিৰ ব্যৱস্থা প্ৰদান কৰা হ'ব ৷ ইয়াৰ উপৰিও এই শিশুসকলে 23 বছৰ বয়স প্ৰাপ্ত কৰাৰ পিছত তেওঁলোকক স্বাৱলম্বী হ'বলৈ আৰু স্বাস্থ্য বীমাৰে ভৱিষ্যত সুনিশ্চিত কৰিবলৈ 10 লাখ টকাৰ বিত্তীয় সাহাৰ্য বিতৰণ কৰা হ'ব ৷ পূৰ্বতে শিশুসকলৰ নাম পঞ্জীয়ন কৰিবলৈ চৰকাৰৰে এটা অনলাইন পৰ্টেল মুকলি কৰিছিল ৷

লগতে পঢ়ক : পঞ্জাৱত দিন দুপৰতে গুলীয়াই হত্যা কৰা হ’ল জনপ্ৰিয় তাৰকা সিদ্ধু মুছেৱালাক

Last Updated :May 30, 2022, 2:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.