ETV Bharat / city

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jan 19, 2022, 12:56 PM IST

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

news-at-1
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

Cabinet Meeting in Haflong : আজি হাফলঙত অনুষ্ঠিত হ'ব হিমন্ত চৰকাৰৰ কেবিনেট বৈঠক

আজি পাহাৰীয়া ঐতিহাসিক ডিমা হাছাও জিলাৰ হাফলং চহৰত অনুষ্ঠিত হ'ব 2022 বৰ্ষৰ কেবিনেট বৈঠক (Cabinet meeting of the Assam Government) । ইতিমধ্যে সাজু হৈ উঠিছে হাফলংবাসী ৷ দিনৰ 2.30 বজাৰ পৰা ডিমা হাছাওৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হ'ব এই কেবিনেট বৈঠক (Cabinet Meeting in Haflong) ৷

Covid update in Assam : মঙলবাৰে ৰাজ্যত সৰ্বাধিক লোক আক্ৰান্ত হ’ল ক’ভিডত

ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি হৈছে ক’ভিডত আক্ৰান্তৰ সংখ্যা (covid positive cases rapidly increasing in assam) ৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি (Covid update in Assam) বৰ্তমান ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা 8072 জন ৷ সৰ্বমুঠ ক'ভিড-19 ত আক্ৰান্তৰ হাৰ 12.62 শতাংশ ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হ্ৰাস পাইছে দল হৰিণৰ সংখ্যা

সম্পূৰ্ণ হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দল হৰিণৰ গণনা(Eastern Swamp Deer census in Kaziranga) ৷ এইবাৰৰ মুঠ গণনা পদ্ধতিত 868 টা দল হৰিণ পোৱা গৈছে ৷

গুৱাহাটী ৰেল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

আগৰতলাৰ পৰা দিল্লীলৈ যোৱা নামনিমুৱা তেজস্ব এক্সপ্ৰেচৰ পৰা জব্দ গাঞ্জা (Weed seized from Tejwash express)৷ ৰেল আৰক্ষী আৰু ৰেল সুৰক্ষা বাহিনীয়ে যুটীয়াভাৱে অভিযান চলায় গুৱাহাটী ৰেলৱে ষ্টেচনত জব্দ কৰে গাঞ্জাখিনি ৷

মাঞ্জাত ড্ৰাগছসহ আটক তিনি সৰবৰাহকাৰী

কাৰ্বি আংলঙৰ মাঞ্জাত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন (Heroin seized at Karbi Anglong) ৷ চাউলৰ বস্তাত লুকুৱাই আনিছিল হেৰ’ইনখিনি ৷ তিনিজনক আটক ৷

ধুবুৰীৰ পানবাৰী কেন্দ্ৰীয় বিদ্যালয়ক কণ্টেইনমেণ্ট জ'ন ঘোষণা

ধুবুৰীত ক’ভিড-19ৰ সংক্ৰমণ ভয়াৱহ ৰূপত বৃদ্ধি (Increase Covid 19 cases in Dhubri) পাইছে ৷ মঙলবাৰে পানবাৰী কেন্দ্ৰীয় বিদ্যালয়ক ধুবুৰী জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা (Kendriya Vidyalaya Panbari declared as Containment Zone) কৰিছে ৷

Cabinet meeting in Haflong: জনগোষ্ঠীয় খাদ্যৰ লগতে থাকিব ৰেডিচন ব্লুৰ খাদ্য সম্ভাৰ

বুধবাৰে দিনৰ 2.30 বজাৰ পৰা হাফলঙত অনুষ্ঠিত হ’ব অসম চৰকাৰৰ কেবিনেট বৈঠক (Assam Government cabinet meeting in Haflong) ৷ নেতা-আমোলাৰ বাবে ব্যৱস্থা কৰা হৈছে ডিমাচা, কুকি আৰু নগা খাদ্যৰ লগতে ৰেডিছন ব্লুৰ ৰাজকীয় খাদ্য সম্ভাৰ ৷ ইতিমধ্যে ৰেডিছন ব্লুৰ পঞ্চাশজনীয়া ৰান্ধনীৰ এটা দলে হাফলঙত বাহৰ পাতিছে ।

Third Wave of Covid in Assam : ক’ভিডৰ তৃতীয় ঢৌৰ সৰ্বাধিক ভয়াৱহতা ৰাজ্যত

ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক’ভিডৰ তৃতীয় ঢৌৱে ৷ স্বাস্থ্য বিভাগৰ খবৰ অনুসৰি প্ৰথম আৰু দ্বিতীয় ঢৌতকৈ অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক’ভিডৰ তৃতীয় ঢৌৱে (Third wave of Covid in Assam) ।

বিজেপিত যোগদান কৰিব মুলায়ম সিং যাদৱৰ সৰু বোৱাৰী অপৰ্ণা যাদৱে

ইটিভি ভাৰত এক্সক্লুছিভ ব্ৰেকিং মুলায়ম সিং যাদৱৰ সৰু বোৱাৰী অপৰ্ণা যাদৱে কাইলৈ দিল্লীত বিজেপিত যোগদান কৰাৰ সম্ভাৱনা দেখা দৈছে (Mulayam's younger daughter in law might join BJP) ৷ তেওঁৰ সৈতে যোগদান কৰাৰ সম্ভাৱনা আছে কেইবাজনো জ্যেষ্ঠ নেতাৰ ৷

আইএনএছ ৰণবীৰৰ কম্পাৰ্টমেণ্টত হোৱা বিস্ফোৰণত প্ৰাণ হেৰুৱালে ৩ জন নৌসেনা জোৱানে

নেভেল ডকয়াৰ্ড মুম্বাইত আজি সংঘটিত হয় এক দুৰ্ভাগ্যজনক ঘটনা ৷ আইএনএছ ৰণবীৰৰ এটা আভ্যন্তৰীণ কম্পাৰ্টমেণ্টত হোৱা বিস্ফোৰণত (Explosion Onboard INS Ranvir) ৩ জন নৌসেনা জোৱানে প্ৰাণ হেৰুৱায় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.