ETV Bharat / city

নাগৰিকত্ব সংশোধনী আইনক লৈ পুনৰ সৰৱ কৃষক মুক্তি সংগ্ৰাম সমিতি

author img

By

Published : Nov 19, 2021, 10:15 PM IST

দিল্লীৰ কৃষক আন্দোলনৰ সফলতাক আদৰণি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ । কৃষকৰ আন্দোলনৰ পৰা শিক্ষালৈ ব্যাপক 'কা' বিৰোধী আন্দোলন গঢ়ি তোলাৰ আহ্বান কৃষক মুক্তিৰ ।

Krishak Mukti Sangram Samiti reaction
নাগৰিকত্ব সংশোধনী আইনকলৈ পুনৰ সৰৱ কৃষক মুক্তি সংগ্ৰাম সমিতি

গুৱাহাটী, ১৯ নৱেম্বৰ : তিনিখন কৃষি আইন বাতিলৰ দাবীত দিল্লীত বছৰ জুৰি চলা কৃষক আন্দোলনে অৱশেষত ন্যায্যতা লাভ কৰিবলৈ সক্ষম হ'ল । কৃষক আন্দোলনৰ এই সফলতাকলৈ উৎফুল্লিত হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি । অশেষ ত্যাগ-কষ্ট স্বীকাৰ কৰি ৰ’দ-বতাহ-বৰষুণ নেওঁচি কৰা এই আন্দোলন ইতিহাসৰ পাততেই এক বিৰল ঘটনা হিচাপে ৰৈ যাব বুলি মত প্ৰকাশ কৰি সংগঠনটোৱে গুৱাহাটীৰ গান্ধীবস্তিস্থিত মুখ্য কার্যালয়ত এক বিজয় উৎসৱৰ আয়োজন কৰে ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি দেৱেন শৰ্মাই সংবাদমেলত জনতা যদি ঐক্যবদ্ধ হৈ থাকে তেন্তে চৰকাৰৰ যিকোনো সিদ্ধান্ত ওফৰাই পেলাবলৈ সক্ষম হয় বুলি মত পোষণ কৰে । তেওঁ লগতে কয় যে, কৃষকৰ আন্দোলনৰ পৰা শিক্ষা লৈ অসমীয়া ভাইসকল ওলাই আহক, যি অসমক ভাল পায় বা যি অসমীয়া জাতিক, ভাষা-সংস্কৃতিক ভাল পায়, সকলোৱে মিলি ব্যাপক 'কা' বিৰোধী আন্দোলন গঢ়ি তোলক । যাতে অসমৰ পৰা 'কা' বাতিল কৰিবলৈ চৰকাৰ বাধ্য হয় । আনহাতে সংবাদমেলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই কয় য়ে, ‘সমগ্ৰ অসম তথা দেশজুৰি 'কা' বিৰোধী আন্দোলন গঢ় লৈ উঠিছিল । কিন্তু শাসকীয় পক্ষই গৃহীত হোৱা এখন আইন বাতিল কৰিব নোৱাৰি বুলি কৈছিল । কিন্তু আজিৰ দিনটোৰ পৰা এই কথা কেতিয়াও মানি লোৱা নহ’ব । সমগ্ৰ জাতীয় দল-সংগঠন সমূহলৈ আহ্বান জনাই তেওঁ কয় যে ক’লা আইন ‘কা' বাতিল কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব । কৃষকসকলৰ পৰা শিকিব লাগিব অসমীয়াই ।

লগতে পঢ়ক : গণতন্ত্ৰৰ ভাষা বুজি নোপোৱা চৰকাৰৰ পৰাজয় হৈছে : শংকৰজ্যোতি বৰুৱা

প্ৰাঞ্জল কলিতাই লগতে কয় যে, কৃষক সংগঠনসমূহৰ আদৰ্শ ভিন্ন আছিল যদিও সামূহিক স্বাৰ্থৰ বাবে সকলোৱে একেখন মঞ্চতে থিয় হৈ কৃষি আইনৰ বিৰোধিতা কৰিছিল । যাৰ সুফল প্ৰায় ১ বছৰ ৩ মাহৰ পাছত লাভ কৰিবলৈ সক্ষম হ'ল । সেয়েহে কৃষক সংগঠনৰ পৰা শিক্ষা লৈ সকলো দল-সংগঠন একত্ৰিত হৈ কাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব লাগে বুলি তেওঁ উল্লেখ কৰে । ইফালে সংগঠনটোৰ সভাপতি ৰাজু বৰা, কার্যকৰী সভাপতি মুকুট ডেকা আৰু সাধাৰণ সম্পাদক বিদ্যুত শইকীয়াই এক বিবৃতিযোগে কয় যে, কৃষকসকলৰ এই জয় ঐতিহাসিক । এই জয়ে ভৱিষ্যতৰ বাবে কৃষক-শ্ৰমিকৰ ন্যায্যতা প্ৰাপ্তিৰ যুঁজখনক আৰু অধিক তীব্ৰতৰ কৰি তুলিব ।

সংগঠনটোৰ নেতাকেইজনে কয় যে এক বিৰামহীন সংগ্ৰামে কেনেদৰে গণতান্ত্ৰিক প্ৰমূল্যবোধক জীয়াই ৰাখিব পাৰে তথা ফেচিবাদী শক্তিক সেওঁ মানিবলৈ বাধ্য কৰে তাৰ জ্বলন্ত উদাহৰণ চৰকাৰৰ কৃষি আইন বাতিল কৰাৰ এই সিদ্ধান্ত । কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰম্ভণিৰ পৰাই কৃষকৰ স্বার্থ বিৰোধী আৰু পুঁজিপতিৰ সপক্ষে থকা এই তিনিওখন কৃষি আইনৰ বিৰোধিতা কৰি আহিছিল । কৃষক মুক্তিৰ পাঁচ জনীয়া দল এটাই দিল্লীৰ প্ৰতিবাদস্থলীত উপস্থিত হৈ অসমৰ ক্ষেত্ৰতো ন্যূনতম সমর্থন মূল্য প্ৰৱৰ্তনৰ ক্ষেত্ৰত বক্তব্য প্ৰদান কৰিছিল । সংগঠনটোৱে এই ঐতিহাসিক বিজয়ৰ পৰা শিক্ষা লৈ ভৱিষ্যতে সকলো শ্ৰমজীৱি লোকে সংগ্ৰাম চলাই গ’লে কৃষক-শ্ৰমিকৰ মৌলিক প্ৰশ্নবোৰ সমাধানৰ বাট সুচল হ'ব বুলি তেওঁলোকে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ।

লগতে পঢ়ক : Farm bills repeal: ৰাজ্যৰ কৃষক সংগঠনসমূহৰ মাজত উচাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.