ETV Bharat / state

Farm bills repeal: ৰাজ্যৰ কৃষক সংগঠনসমূহৰ মাজত উচাহ

author img

By

Published : Nov 19, 2021, 7:16 PM IST

Updated : Nov 19, 2021, 7:28 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ঘোষণা কৰে বহু বিতৰ্কিত তিনিখন কৃষি আইন বাতিলৰ কথা ৷ ইয়াৰ পিছতে ৰাজ্যৰ কৃষক সংগঠনসমূহৰ মাজতো দেখা গৈছে উচাহ ৷

reaction-of-farmers-organisation-in-assam-on-withdrawal-of-farm-bills
withdrawal of farm bills : ৰাজ্যৰ কৃষক সংগঠনসমূহৰ মাজত উচাহ

গুৱাহাটী, 19 নবেম্বৰ : অৱশেষত শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিতৰ্কিত কৃষি আইন তিনিখন বাতিল কৰা হ'ব বুলি ঘোষণা কৰে ৷ ইয়াৰ পিছতে দেশৰ লগতে ৰাজ্যৰ কৃষক সংগঠনসমূহে এই সিদ্ধান্তক আদৰণি জনাইছে ৷ বিগত এবছৰ ধৰি দেশৰ 40 টাকৈ কৃষক সংগঠনৰ ধাৰাবাহিক আন্দোলনৰ ওচৰত সেও মানি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৱশেষত শুকুৰবাৰে বিতৰ্কিত কৃষি আইন তিনিখন বাতিল কৰা হ'ব বুলি ঘোষণা কৰাৰ পিছতে দেশৰ লগতে ৰাজ্যৰ কৃষক সংগঠনসমূহে আদৰণি জনাইছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণাক আদৰণি জনায় সংযুক্ত কৃষাণ মৰ্চা অসমৰ আহ্বায়ক টিকেন দাসে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিতৰ্কিত কৃষি আইন কেইখন অহা লোকসভাৰ অধিবেশনত বাতিল নকৰা পৰ্যন্ত অসমৰ কৃষক সমাজে আন্দোলন অব্যাহত ৰাখিব । তেওঁ কয় যে, কাৰণ 2014 চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন প্ৰতিশ্ৰুতি দি আহিছে যদিও তাৰ বেছিভাগ প্ৰতিশ্ৰুতি নিৰ্বাচনী ঝুমলালৈ পৰিণত হৈছে ।

তেওঁ পুনৰ কয়, যোৱাবছৰ 26 নৱেম্বৰৰ পৰা বিতৰ্কিত কৃষি আইন তিনিখন বাতিল কৰাৰ দাবীত দিল্লীত দেশৰ কৃষক সংগঠনসমূহে আন্দোলন আৰম্ভ কৰিছিল । এই আন্দোলনত 700 গৰাকী কৃষক আন্দোলনকাৰীয়ে প্ৰান আহুতি দিবলগীয়া হৈছে । প্ৰধানমন্ত্ৰী মোডীয়ে বিতৰ্কিত কৃষি আইন তিনিখন বাতিল কৰাৰ বাবে 700 গৰাকী কৃষক আন্দোলনকাৰীয়ে প্ৰান আহুতি দিয়ালৈ কিয় বাট চাব লগীয়া হ'ল বুলি তেওঁ প্ৰশ্ন কৰে ।

তেওঁ লগতে কয় যে বিতৰ্কিত কৃষি আইন তিনিখন বাতিল কৰাৰ দাবীত দিল্লীত দেশৰ কৃষক সংগঠনসমূহে আৰম্ভ কৰা আন্দোলনে অহা 26 নৱেম্বৰত এবছৰ সম্পূৰ্ণ কৰিব । এই বৰ্ষপূৰ্তি উপলক্ষে অহা 26 নৱেম্বৰত বিতৰ্কিত কৃষি আইন তিনিখন সংসদত বাতিল কৰাৰ দাবীত ৰাজ্যৰ কৃষক সংগঠনসমূহে ৰাজ্যজুৰি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰিব বুলি টিকেন দাসে জনায় ।

ইপিনে, অসম ৰাজ্যিক কৃষক সভাৰ সভাপতি গজেন বৰ্মনে কয় যে কৃষক সংগঠনসমূহৰ দীৰ্ঘদিন দিনীয়া আন্দোলনৰ ফলশ্ৰুতিত বি জে পি চৰকাৰে বাধ্য হৈ বিতৰ্কিত কৃষি আইন তিনিখন বাতিল কৰাৰ সিদ্ধান্ত লৈছে । এই সিদ্ধান্ত সংসদত কাৰ্যকৰী কৰিব লাগিব । তেওঁ কয় যে বিতৰ্কিত কৃষি আইন তিনিখন বাতিল কৰাৰ লগতে কৃষকৰ উৎপাদিত শস্যৰ নূন্যতম সমৰ্থন মূল্য (MSP) ৰ আইনী নিশ্চয়তা প্ৰদান কৰাতো জৰুৰী ।

ইয়াৰ কাৰণ, কৃষকৰ উৎপাদিত শস্যৰ নূন্যতম সমৰ্থন মূল্য (MSP) ৰ আইনী নিশ্চয়তা প্ৰদান নকৰা পৰ্যন্ত কৃষকসকল লাভবান নহ'ব । এই ক্ষেত্ৰত কৃষক সভাই প্ৰতিবাদ অব্যাহত ৰাখিব বুলি তেওঁ কয় । নিখিল ভাৰত কৃষক সভা, অসমৰ সম্পাদক জয়ন্ত গগৈ প্ৰধানমন্ত্ৰীৰ ঘোষণা আদৰণি জনায় কয় যে বিতৰ্কিত কৃষি আইন তিনিখন বাতিল কৰাৰ লগতে কৃষকৰ উৎপাদিত শস্যৰ নূন্যতম সমৰ্থন মূল্য (MSP) ৰ আইনী নিশ্চয়তা প্ৰদান কৰা আৰু বিদ্যুৎ সংশোধনী বিধেয়ক খন বাতিল নকৰা পৰ্যন্ত কৃষক সমাজ উপকৃত নহয় ।

একেদৰে, চি পি আই এমৰ ৰাজ্যিক সম্পাদক দেৱেন ভট্টাচাৰ্যই কয় যে অনাগত কেইদিনত উত্তৰ প্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ড আৰু মণিপুৰত বিধানসভাৰ নিৰ্বাচন আছে। এই নিৰ্বাচনত বি জে পিয়ে পৰাজিত হোৱাৰ ভয়ত প্ৰধানমন্ত্ৰীয়ে বিতৰ্কিত কৃষি আইন তিনিখন বাতিল কৰাৰ প্ৰতিশ্ৰুতি দিছে। কাৰণ ইতিমধ্যে অসমক বাদ দি পশ্চিম বংগ, তামিলনাডু, ৰাজস্থান আৰু হিমাচল প্ৰদেশৰ যোৱা বিধানসভাৰ উপ-নিৰ্বাচনত বিজেপিয়ে বেয়াকৈ মুখ থেকেচা খাইছে ।

লগতে পঢ়ক : Repeal of farm laws : দেশৰ অন্নদাতাৰ ওচৰত সেও মানিবলৈ বাধ্য হ'ল কেন্দ্ৰীয় চৰকাৰ

Last Updated : Nov 19, 2021, 7:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.