গণতন্ত্ৰৰ ভাষা বুজি নোপোৱা চৰকাৰৰ পৰাজয় হৈছে : শংকৰজ্যোতি বৰুৱা

author img

By

Published : Nov 19, 2021, 6:38 PM IST

withdrawal-of-farmers-bill-is-the-defeat-of-a-fascist-government-says-aasu-general-secretary

বাতিল হ’ল কৃষি আইন, এই সময়তে দেশ জুৰি দল সংগঠনে ইয়াৰ সমৰ্থন কৰিছে ৷ অসমতো ইয়াকলৈ হৈছে বিশেষ চৰ্চা ৷ জানো আহক, এই সন্দৰ্ভত কি ক’লে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷

নলবাৰী, 19 নবেম্বৰ : কৃষি আইন (Farmers biil) বাতিল সম্পৰ্কত আছু(AASU)ৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ প্ৰতিক্ৰিয়া । শুকুৰবাৰে নলবাৰীত উপস্থিত হৈ শংকৰজ্যোতি বৰুৱাই মন্তব্য কৰিলে যে, প্ৰথমবাৰৰ বাবে নতশিৰ হৈছে কেন্দ্ৰত বহি থকা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ । কৃষকৰ বদ্ধপৰিকৰ আন্দোলনত বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হ’ল মোদী চৰকাৰ ।

কৃষক আন্দোলনত জড়িত কৃষকৰ লগতে সমগ্ৰ গণতন্ত্ৰকামী দেশবাসীৰ বাবে এয়া এক ঐতিহাসিক বিজয় বুলিও মন্তব্য কৰে শংকৰজ্যোতি বৰুৱাই । আজিৰ দিনটোত ভাৰতৰ গণতন্ত্ৰৰ জয় হ’ল বুলি মন্তব্য কৰে তেওঁ ৷ কা’ আন্দোলন সন্দৰ্ভতো মন্তব্য কৰি শংকৰজ্যোতি বৰুৱাই কয়, '' কা' আন্দোলন নেৰানেপেৰাকৈ চলি থাকিলে আমি ন্যায় পালোহেঁতেন । কিন্তু কৰ’ণাৰ বাবে আৰু চৰকাৰৰ কৌশলী স্থিতিৰ বাবে এই কা আন্দোলনৰ স্থিতি কিছু স্তিমিত হৈছিল । আমি কা আন্দোলন পুনৰ আৰম্ভ কৰিব লাগিব ৷''

গণতন্ত্ৰৰ ভাষা বুজি নোপোৱা চৰকাৰৰ পৰাজয় হৈছে : শংকৰজ্যোতি বৰুৱা

উল্লেখযোগ্য যে, এইবেলি নলবাৰীত অনুষ্ঠিত হ’ব লগীয়া আছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱসৰ প্ৰস্তুতিৰ বুজ ল’বলৈ শুকুৰবাৰে নলবাৰীত উপস্থিত হৈছিল আছু নেতা গৰাকী ৷ ইয়াৰ পিছতেই এইদৰে মন্তব্য কৰিলে আছু নেতা শংকৰজ্যোতি বৰুৱাই ।

লগতে পঢ়ক : OIL ক বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে: শংকৰ জ্যোতি বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.