OIL ক বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে: শংকৰ জ্যোতি বৰুৱা

author img

By

Published : Nov 19, 2021, 5:46 PM IST

aasu-general-secretary-sankarjyoti-barua-says-there-is-blue-print-going-on-for-privatization-of-oil

অইল ইণ্ডিয়া লিমিটেডক বন্ধ কৰি ব্যক্তিগত খণ্ডক গতাই দিয়াৰ Blue print ৰচনা হৈছে নেকি ? জানো আহক এই বিস্ফোৰক অভিযোগ কৰি কি ক’লে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷

মৰাণ, 19 নবেম্বৰ : অচিৰেই হয়তো বন্ধ হ'ব দেশৰ অন্যতম লাভজনক তৈল প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেড । অইল ইণ্ডিয়া লিমিটেড বন্ধ কৰাৰ এক কু-চক্ৰান্ত ৰচনা কৰিছে অসম বিৰোধী চক্ৰই । বাঘজান কাণ্ডৰ অচিলা লৈ অইল ইণ্ডিয়া লিমিটেডক বন্ধ কৰি তৈল প্ৰতিষ্ঠানটোক ব্যক্তিগত খণ্ডক গতাই দিয়াৰ ইতিমধ্যে ষড়যন্ত্ৰ আৰম্ভ কৰিছে এই অসম বিৰোধী চক্ৰটোৱে । এই বিস্ফোৰক অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ ।

বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক নাহৰকটীয়া অধিৱেশনৰ লাইখুঁ‌টাস্থলী পৰিদৰ্শন কৰিবলৈ গৈ সংবাদ মাধ্যমেৰে হোৱা এক বাৰ্তালাপত ছাত্ৰ নেতাগৰাকীয়ে এই বিষ্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে, অসমবাসীৰ স্বাভিমান জড়িত প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডক বন্ধ কৰি ব্যক্তিগতকৰণ কৰাৰ বাবে অসম বিৰোধী এটা চক্ৰই ষড়যন্ত্ৰ ৰচিছে ।

OIL ক বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে : শংকৰ জ্যোতি বৰুৱা

বাঘজান কাণ্ডৰ পিছত অইল কৰ্তৃপক্ষই উক্ত অঞ্চলৰ ক্ষতিগ্ৰস্থ লোক সকলক ক্ষতিপূৰণ দিছে যদিও অসম বিৰোধী চক্ৰটোৱে ষড়যন্ত্ৰ কৰি বাঘজান কাণ্ডৰ পৰিৱেশ ইচ্যু সৃষ্টি কৰি গ্ৰীন ট্ৰিবুনেলে উচ্চতম ন্যায়ালয়ৰ পৰিচালনাত গঠন কৰি দিয়া সমিতিখনে বাঘজান কাণ্ডৰ প্ৰথম পৰ্যায়ৰ এখন প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াইছে । য'ত সমিতি খনে অইল ইণ্ডিয়া লিমিটেডক প্ৰথম পৰ্যায়ত আংশিক ভাৱে ২৫০০ কোটি টকাৰ জৰিমনা বিহিছে ।

ছাত্ৰ নেতা গৰাকীয়ে লগতে কয়, যি সময়ত অইল ইণ্ডিয়া লিমিটেডৰ বছৰি আয় ১৫০০ ৰ পৰা ২০০০ কোটি টকা, তেনেস্থলত সমিতিখনে অইলক ২৫০০ কোটি টকাৰ জৰিমনা বিহাত অইল ইণ্ডিয়া লিমিটেড এতিয়া বন্ধ হোৱাৰ দিশে গতি কৰিছে । সদৌ অসম ছাত্ৰ সন্থাই এইক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে অইল ইণ্ডিয়া লিমিটেডক বন্ধ কৰি ব্যক্তিগত খণ্ডক গটাই দিবলৈ চিন্তা চৰ্চা কৰিছে ।

গতিকে এই প্ৰক্ৰিয়াটোক বাধা দিবৰ বাবে জনসাধাৰণক আহ্বান জনাইছে ছাত্ৰ নেতা গৰাকীয়ে । তেওঁ লগতে কয় যে, উচ্চতম ন্যায়ালয়ৰ ওপৰত আছুৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু সেই তদন্ত সমিতিখনকো অসম বিৰোধী চক্ৰান্তত লিপ্ত নহ'বলৈ আহ্বান জনায় । উল্লেখ্য যে অতিশীঘ্ৰেই সম্পূৰ্ণ তথ্য প্ৰমাণসহ অসম বিৰোধী চক্ৰৰ ষড়যন্ত্ৰ ৰাইজৰ সন্মুখত ফাদিল কৰিব বুলিও স্পষ্ট কৰি দিয়ে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ।

লগতে পঢ়ক : Farm Law বাতিলক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.