Farm Law বাতিলক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া

By

Published : Nov 19, 2021, 2:07 PM IST

thumbnail

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তিনিওখন কৃষি আইন প্ৰত্যাহাৰৰ চৰকাৰৰ সিদ্ধান্তৰ কথা ঘোষণা কৰাৰ পিছতে চৌদিশে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷ এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্তি কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ অখিল গগৈয়ে কয় যে, কেন্দ্ৰীয় বিজেপি চৰকাৰৰ স্বৈৰতন্ত্ৰী শাসনৰ বিৰুদ্ধে এয়া গনতান্ত্ৰিক বিজয় ৷ যদিও ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আইন বাতিলৰ কথা ঘোষণা কৰিছে তথাপিও সংসদত আইন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন চলি থাকিব ৷ ইয়াৰ উপৰিও ন্যূনতম সমৰ্থন মূল্যৰ প্ৰসংগতো চৰকাৰৰ সৈতে কথা পাতিবলগীয়া আছে বুলি কয় অখিল গগৈয়ে ৷ কৃষকৰ অবিৰত বিদ্ৰোহৰ ফলত আগন্তুক উত্তৰ প্ৰদেশ, পঞ্জাৱ আদি ৰাজ্যত হ’বলগীয়া নিৰ্বাচনৰ বাবে বিজেপি চৰকাৰে আইন তিনিখন বাতিল কৰিছে বুলি মন্তব্য অখিল গগৈৰ । ইয়াৰ লগতে অসমবাসী ৰাইজক পুনৰ ‘কা’ বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰিবলৈও আহ্বান জনালে অখিল গগৈয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.