ETV Bharat / city

দিল্লীত বাহৰ মুখ্যমন্ত্ৰীৰ: আজি সাক্ষাৎ কৰিব গৃহমন্ত্ৰীক

author img

By

Published : Aug 8, 2021, 11:48 AM IST

assam chief minister visit to delhi
দিল্লীত বাহৰ মুখ্যমন্ত্ৰী

দিল্লীত বাহৰ পাতিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ কিয়নো অসম-মিজোৰাম আৰু অসম-মেঘালয় সীমা সমস্যাৰ বিষয়ে গৃহমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হ’ব মুখ্যমন্ত্ৰী গৰাকী ।

গুৱাহাটী, 8 আগষ্ট : আন্তঃৰাজ্যিক সীমা সমস্যাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে আলোচনা কৰিবলৈ সম্প্ৰতি ৰাজধানী দিল্লীত বাহৰ পাতিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । শনিবাৰে সন্ধিয়া তেওঁ গুৱাহাটীৰ পৰা ৰাওনা হয় দিল্লীলৈ । দিল্লীৰ নিজা বাসভৱনত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ কথা । মূলতঃ অসম-মিজোৰাম আৰু অসম-মেঘালয় সীমা সমস্যাৰ বিষয়ে গৃহমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হ’ব মুখ্যমন্ত্ৰী গৰাকী ।

উল্লেখযোগ্য যে, অসম-মিজোৰাম সীমান্ত সৃষ্টি হোৱা ভয়ংকৰ পৰিস্থিতিৰ পিছতেই কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক দিল্লীলৈ মাতি পঠিয়াইছিল । কিন্তু সেই সময়ত ক'ভিডত আক্ৰান্ত হৈ থকাৰ অজুহাতত দিল্লীৰ উক্ত বৈঠকলৈ যোৱা নাছিল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা । যাৰ বাবে সেই বৈঠক বাতিল কৰা হৈছিল আৰু দিল্লী যাত্ৰা বাতিল কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ।

লগতে পঢ়ক: নেন' ইউৰিয়া অসমলৈ প্ৰেৰণ প্ৰক্ৰিয়াৰ ভাৰ্ছুৱেলী ফ্লেগ অফ

তাৰ পৰৱৰ্তী পৰ্যায়ত ডঃ শৰ্মাৰ এই দিল্লী ভ্ৰমণ তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে । আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতেও আলোচনাত মিলিত হোৱাৰ কথা আছে মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ ।

লগতে পঢ়ক: শান্তিৰ বাৰ্তা লৈ চাৰ্টাৰ্ড বিমানেৰে অসমৰ দুই মন্ত্ৰী মিজোৰামত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.