ETV Bharat / city

শান্তিৰ বাৰ্তা লৈ চাৰ্টাৰ্ড বিমানেৰে অসমৰ দুই মন্ত্ৰী মিজোৰামত

author img

By

Published : Aug 5, 2021, 11:12 AM IST

অসম চৰকাৰৰ দুগৰাকী কেবিনেট মন্ত্ৰী অতুল বৰা (Atul Bora) আৰু অশোক সিংঘালক (Ashok Singhal) সীমা বিবাদ সন্দৰ্ভত আলোচনাত মিলিত হ’বলৈ আইজললৈ (Aizawal) যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ৷ সেই নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰে পুৱাই দিছপুৰৰ পৰা মিজোৰাম অভিমুখে ৰাওনা হৈছে অসমৰ দুই মন্ত্ৰী ক্ৰমে অতুল বৰা আৰু অশোক সিংঘাল ৷

two assam ministers visit to mizoram
শান্তিৰ বাৰ্তা লৈ চাৰ্টাৰ্ড বিমানেৰে অসমৰ দুই মন্ত্ৰী মিজোৰামত

গুৱাহাটী,5 জুলাই: শান্তিৰ বাৰ্তা লৈ আজি অৰ্থাৎ বৃহস্পতিবাৰে পুৱাই দিছপুৰৰ পৰা মিজোৰাম অভিমুখে ৰাওনা হৈছে অসমৰ দুই মন্ত্ৰী ক্ৰমে অতুল বৰা আৰু অশোক সিংঘাল । মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আজি পুৱাই চাৰ্টাৰ্ড বিমান যোগে বৰঝাৰৰ পৰা আইজল অভিমুখে উৰা মাৰে দুই মন্ত্ৰী । বিধানসভাৰ বাজেট অধিবেশন চলি থকাৰ মাজতেই এইদৰে দুয়ো শান্তি বাৰ্তা লৈ মিজোৰামলৈ ৰাওনা হয় ।

ইপিনে প্ৰাপ্ত তথ্য অনুসৰি, মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই অসমৰ পৰা শান্তিৰ বাৰ্তা লৈ যোৱা মন্ত্ৰীদ্বয়ক সাক্ষাতৰ বাবে এই পৰ্যন্ত কোনো সময় দিয়া নাই । ইতিমধ্যে যদিওবা অসম আৰু মিজোৰাম চৰকাৰ উভয়েই পৰস্পৰৰ ওপৰত দিয়া গোচৰ সমূহ প্ৰত্যাহাৰ কৰিছে ৷ কিন্তু তাৰ পিছতো অসমৰ পৰা যোৱা দুই মন্ত্ৰীক সাক্ষাতৰ বাবে জোৰামথাংগাই সময় নিদিয়াটো তাৎপৰ্যপূৰ্ণ ।

মন্ত্ৰী বৰা আৰু সিংঘালে আজি মিজোৰামত বিভিন্ন চৰকাৰী বিষয়া, আৰক্ষী প্ৰশাসন আদিৰ সৈতে আলোচনাত মিলিত হোৱাৰ উপৰিও বিবদমান অঞ্চলো ভ্ৰমণ কৰিব ।

উল্লেখ্য যে, চলিত বৰ্ষৰ ২৬ জুলাইত অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰৰ (Lailapur)ত সংঘটিত হৈছিল এক ভয়ংকৰ সংঘাত ৷ মিজো আৰক্ষীৰ আক্ৰমণত লাইলাপুৰত ৬ গৰাকী অসম আৰক্ষীৰ জোৱান আৰু এগৰাকী সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছে । এই সংঘাতত প্ৰায় ৫০ গৰাকী লোক আহত হৈছিল ৷

লাইলাপুৰ কাণ্ডক লৈ ৰাজ্য তথা দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ অসম-মিজোৰামৰ মাজত চলি অহা দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তিৰ বাবে ৰাজ্য চৰকাৰৰ দুগৰাকী মন্ত্ৰীক আইজললৈ (Aizawal) যোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) ৷ এই নিৰ্দেশৰ পাচতে আজি পোৱাই মিজোৰাম অভিমুখে ৰাওনা হৈছে অসমৰ দুই মন্ত্ৰী ৷

লগতে পঢ়ক: শান্তিৰ বাণী লৈ আইজললৈ অসমৰ দুই মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.