ETV Bharat / state

শান্তিৰ বাণী লৈ আইজললৈ অসমৰ দুই মন্ত্ৰী

author img

By

Published : Aug 3, 2021, 12:29 PM IST

Assam to send ministers to broker peace with Mizoram in border dispute
সীমান্তত শান্তি ঘূৰাই আনিবলৈ মিজোৰামলৈ দুই মন্ত্ৰীক প্ৰেৰণ কৰিব অসমে

অসম চৰকাৰৰ দুগৰাকী কেবিনেট মন্ত্ৰী অতুল বৰা (Atul Bora) আৰু অশোক সিংঘালক (Ashok Singhal) সীমা বিবাদ সন্দৰ্ভত আলোচনাত মিলিত হ’বলৈ আইজললৈ (Aizawal) যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ৷

নিউজ ডেস্ক, 3 আগষ্ট : অসম-মিজোৰামৰ মাজত চলি অহা দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তিৰ বাবে ৰাজ্য চৰকাৰৰ দুগৰাকী মন্ত্ৰীক আইজললৈ (Aizawal) যোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) ৷ এই দুয়োগৰাকী মন্ত্ৰীয়ে আইজললৈ গৈ সীমা বিবাদ সমাধানৰ বাবে মিজোৰামৰ সৈতে আলোচনাত মিলিত হ’ব ৷ মন্ত্ৰী অশোক সিংঘাল আৰু অতুল বৰাক প্ৰেৰণ কৰা হৈছে আইজললৈ ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে ‘শান্তি বাৰ্তা’ (Peace Message) প্ৰেৰণ কৰি কয়, "মই মোৰ কেবিনেটৰ দুগৰাকী মন্ত্ৰী অতুল বৰা আৰু অশোক সিংঘালক অৰ্থপূৰ্ণ আলোচনাত মিলিত হোৱাৰ বাবে প্ৰেৰণ কৰিছো ৷ অসমে ইয়াৰ সীমান্তত শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে শান্তিপূৰ্ণ উত্তৰ-পূৱ প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ৷"

মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামাথাংগায়ো (Zoramthanga) সীমন্তত অব্যাহত উত্তেজনা কিছু শান্ত কৰাৰ উদ্দেশ্যে মিজোৰাম আৰক্ষীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই ল’বলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ সোমবাৰে অসম আৰক্ষীয়েও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মিজোৰামৰ সাংসদ কে ভানলালভেনাৰ (K Vanlalvena) লগতে মিজোৰামৰ দুগৰাকী শীৰ্ষ বিষয়াৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই লয় ৷

লগতে পঢ়ক- অসম-মিজোৰামৰ সমস্যা সমাধানৰ বাবে গৃহমন্ত্ৰীয়ে চেষ্টা কৰি আছে: মিজোৰামৰ ৰাজ্যপাল

মিজোৰামৰ ৰাজ্যপাল কে হৰি বাবু (K Hari Babu) আৰু উত্তৰ-পূৱৰ বিজেপি সাংসদসকলে প্ৰধানমন্ত্ৰী মোডীৰ সৈতে সীমা বিবাদ সন্দৰ্ভত আলোচনাত মিলিত হোৱাৰ পিছতে এই সমস্যা সমাধানৰ ক্ষেত্ৰত কিছু আশা দেখা গৈছে ৷ সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, সৰ্বানন্দ সোণোৱালৰ লগতে অসমৰ বিজেপি সাংসদসকলে সদনত প্ৰধানমন্ত্ৰীৰে বৈঠকত মিলিত হয় ৷ এই বৈঠকৰ অন্তত সাংসদকলে প্ৰধানমন্ত্ৰী 4 পৃষ্ঠাৰ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷

এই বৈঠকৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে "বৈদেশিক শক্তিসমূহে এই ক্ষেত্ৰত ইন্ধন যোগাইছে ৷ " তেওঁ লগতে কয় যে, ‘কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে এই সমস্যাৰ সমাধানৰ বাবে চিন্তা চৰ্চা কৰি আছে ৷ ইয়াৰ উপৰিও দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সীমান্তত শান্তি প্ৰতিষ্ঠা হ’ব বুলি আশ্বাস প্ৰদান কৰিছে ৷’

26 জুলাইত কাছৰৰ লাইলাপুৰত অসম-মিজোৰাম সীমান্তত (Assam Mizoram Border) সংঘটিত ঘটনাৰ পিছতে স্থানীয় সংগঠনসমূহে মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰে ৷ ইয়াৰ বাবে আতংকিত একাংশ ট্ৰাক ড্ৰাইভাৰে কাছাৰৰ ধলাই জিলাত বাহনসমূহ ৰখাই থোৱাৰ বিপৰীতে আন একাংশই ত্ৰিপুৰা হৈ মিজোৰামত প্ৰৱেশ কৰিছে ৷

উল্লেখ্য যে, অসমৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জৰ সৈতে মিজোৰামে প্ৰায় 164.6 কিলোমিটাৰ সীমান্ত সংযুক্ত হৈ আছে ৷ কিন্তু দুয়ো ৰাজ্যই সীমান্তক লৈ নিজ নিজ বাখ্যা আগবঢ়ায় ৷ মিজোৰামে দাবী কৰে যে, 1875 চনতে তেওঁলোকৰ জনগোষ্ঠীয় লোকসকলক সুৰক্ষা প্ৰদান কৰাৰ বাবে এক সীমান্ত ৰেখাৰ লগতে আন্তঃৰাজ্যিক ৰেখা অংকণ কৰা হৈছিল ৷ ইয়াৰ বিপৰীতে অসমে 1930ৰ জিলা সীমা নিৰ্ধাৰণৰ কথা দাবী কৰে ৷

লগতে পঢ়ক- অসম-মিজোৰাম সীমা বিবাদঃ অসমৰ সাংসদৰে বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.