ETV Bharat / bharat

অসম-মিজোৰাম সীমা বিবাদ: অসমৰ সাংসদৰে বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

author img

By

Published : Aug 2, 2021, 4:05 PM IST

Updated : Aug 3, 2021, 10:33 AM IST

অসম আৰু মিজোৰাম(Assam-Mizoram)ৰ মাজত অব্যাহত থকা সীমা বিবাদ(Border dispute) সন্দৰ্ভত সোমবাৰে অসমৰ সাংসদসকলৰ সৈতে বৈঠকত মিলিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)। এই বৈঠকৰ পূৰ্বে মিজোৰামৰ ৰাজ্যপাল হৰি বাবু কামভাম্পতীয়ে প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছিল । যোৱা ২৬ জুলাইত অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষীৰ বৰ্বৰ আক্ৰমণত অসম আৰক্ষীৰ ৬ জন জোৱান শ্বহীদ হৈছিল ।

PM Modi meets Assam MPs over Assam Mizoram border dispute
অসমৰ সাংসদৰে বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

নেশ্যনেল ডেস্ক, ২ আগষ্ট: অসম-মিজোৰাম(Assam-Mizoram) সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়তে দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)য়ে সোমবাৰে অসমৰ সাংসদসকলৰ সৈতে এক বৈঠকত মিলিত হয় । এক বিশেষ সূত্ৰই জনোৱা মতে, সোমবাৰে অসমৰ সাংসদৰ সৈতে বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বে মিজোৰামৰ ৰাজ্যপাল হৰি বাবু কামভাম্পতী( Hari Babu Kambhampati)য়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিছিল । দুয়োখন ৰাজ্যৰ মাজৰ সীমা বিবাদ কেনেদৰে ওৰ পেলাব পাৰি আৰু সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয় । আনহাতে, হৰি বাবু কামভাম্পতীয়ে সোমবাৰে সন্ধিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ(Amit Shah)কো সাক্ষাৎ কৰিব বুলি সূত্ৰটোৱে জানিবলৈ দিছে ।

উল্লেখ্য যে, কাছাৰ জিলাৰ লাইলাপুৰৰ অসম-মিজোৰাম সীমান্তত যোৱা ২৬ জুলাইত মিজো আৰক্ষীয়ে অসম আৰক্ষীলৈ লক্ষ্য কৰি আতৰ্কিতে গুলীচালনা কৰিছিল । এই ঘটনাত ৬ জন আৰক্ষী জোৱান শ্বহীদ হোৱাৰ লগতে এগৰাকী সাধাৰণ নাগৰিকেও প্ৰাণ হেৰুৱায় । আনহাতে, প্ৰায় ৫০ জন লোক এই ঘটনাত আহত হৈছিল । মিজো আৰক্ষীৰ এই বৰ্বৰ কাণ্ডৰ পিছৰে পৰা দুয়োখন ৰাজ্যৰ মাজৰ সীমা বিবাদ বৃদ্ধি পাইছে ।

আনহাতে, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(Chief Minister Dr. Himanta Biswa Sarma)ই সোমবাৰে জনায় যে, ২৬ জুলাইত মিজো আৰক্ষীৰ আক্ৰমণত ৬ জন আৰক্ষী জোৱানৰ মৃত্যু হোৱাৰ পিছত ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ প্ৰত্যাহাৰ কৰিবলৈ তেওঁ ৰাজ্যৰ আৰক্ষীক নিৰ্দেশ দিছে । অৱশ্যে, তেওঁ লগতে কয় যে, আন আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত থাকিব । ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই দুয়োখন ৰাজ্যৰ মাজৰ সীমা বিবাদ সৌহাৰ্দ্যপূৰ্ণভাৱে নিষ্পত্তি কৰাত ইচ্ছা প্ৰকাশ কৰিছে ।

অসমে সদায় উত্তৰ-পূৰ্ৱাঞ্চলৰ আত্মাক জীয়াই ৰাখিব বিচাৰে আৰু বি জে পি চৰকাৰো সীমান্তত শান্তি সুনিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটযোগে উল্লেখ কৰে । সেয়ে, মিজোৰামৰ সদিচ্ছাৰ প্ৰস্তাৱক আগবঢ়াই নিয়াৰ বাবে অসম আৰক্ষীক মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিছে বুলি তেওঁ জানিবলৈ দিয়ে । সীমান্তত সংঘটিত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত অসম আৰক্ষীয়ে সাংসদজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । দেওবাৰে ড০ শৰ্মাই টুইটযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে যে, অসম-মিজোৰাম সীমান্তত যি ঘটনা সংঘটিত হৈছিল সেয়া দুয়োখন ৰাজ্যৰ লোকৰ বাবে গ্ৰহণযোগ্য নহয় ।

মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে আলোচনাৰ মাধ্যমেৰে এই সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছে বুলি তেওঁ জানিবলৈ দিয়ে । দেওবাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে টুইট কৰাৰ পাছতে মিজোৰামৰ মুখ্যমন্ত্ৰীয়েও প্ৰতিক্ৰিয়া স্বৰূপে পুনৰ টুইট কৰে । অসম আৰু মিজোৰামৰ মাজৰ সীমা বিবাদ ওৰ পেলোৱাৰ প্ৰয়াস অব্যাহত থকাৰ মাজতে সোমবাৰে সংসদত এই প্ৰসংগ উত্থাপিত হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:২৯ বছৰৰ পিছত আৰক্ষীৰ জালত পৰিল সুভাষ ৰামকৃষ্ণ নাখলে

Last Updated :Aug 3, 2021, 10:33 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.