ETV Bharat / bharat

২৯ বছৰৰ পিছত আৰক্ষীৰ জালত পৰিল সুভাষ ৰামকৃষ্ণ নাখলে

author img

By

Published : Aug 2, 2021, 2:02 PM IST

CRPF jawan arrested in 29 year old case
ছুটী মঞ্জুৰ নকৰাৰ বাবে বিষয়াক গুলীয়াই হত্যা চিআৰপিএফ জোৱানৰ

বিগত ২৯ বছৰে সুভাষ ৰামকৃষ্ণ নাখলেই আৰক্ষীৰ চকুত ধূলি দি ভুৱা পৰিচয়েৰে বাস কৰি আছিল মহাৰাষ্ট্ৰত । অৱশেষত আৰক্ষীয়ে আটক কৰিলে হত্যাকাণ্ডৰ অভিযুক্ত সুভাষ ৰামকৃষ্ণ নাখলেক । খঙৰ ভমকত এগৰাকী বিষয়াক গুলীয়াই হত্যা কৰিছিল নাখলেই । কিন্তু কোন এই সুভাষ ৰামকৃষ্ণ নাখলে আৰু কিয় হত্যা কৰিছিল বিষয়াগৰাকীক ?

নেশ্যনেল ডেস্ক, ২ আগষ্ট: ১৯৯২ চনৰ ৩ জুনত সংঘটিত হৈছিল এক হত্যাকাণ্ড । এজন চি আৰ পি এফ(Central Reserve Police Force) জোৱানে গুলীয়াই হত্যা কৰিছিল এগৰাকী বিষয়াক । আহত হৈছিল কেইবাগৰাকীও জোৱান । এই হত্যাকাণ্ডৰ অভিযুক্ত বিগত ২৯ বছৰে পলাতক হৈ আছিল ।

অৱশেষত আৰক্ষীৰ জালত পৰিল অভিযুক্ত সুভাষ ৰামকৃষ্ণ নাখলে(Subhash Ramakrishna Nakhle) । চি আৰ পি এফ জোৱান হিচাপে কৰ্মৰত হৈ থকা অৱস্থাত নাখলেই ছুটী বিচাৰি আবেদন জনাইছিল বিষয়াগৰাকীক । কিন্তু বিষয়াগৰাকীয়ে তেওঁৰ ছুটী মঞ্জুৰ কৰা নাছিল । খঙৰ ভমকত বিষয়াগৰাকীক গুলীয়াই হত্যা কৰে নাখলেই ।

সেই সময়ত মহাৰাষ্ট্ৰৰ আৰ্ভিৰ নাখলেই ত্ৰিপুৰাৰ কানচাম্পুৰৰ ৪৫ বেটেলিয়নত কৰ্মৰত হৈ আছিল । পৰিয়ালৰ এজন লোকৰ শেষকৃত্যত উপস্থিত থকাৰ বাবে নাখলেই ছুটী বিচাৰি আবেদন জনাইছিল । এই ঘটনা সংঘটিত হোৱাৰে পৰা পলাতক হৈ আছিল নাখলে ।

শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ ৱাৰ্ধাৰ আৰক্ষীয়ে তেওঁক আটক কৰে । ভুৱা পৰিচয়েৰে বাস কৰি আছিল নাখলেই । যোৱা ২০ বছৰ ধৰি আৰক্ষীয়ে এই গোচৰ সন্দৰ্ভত বিশেষ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হোৱা নাছিল । ২০১২ চনত নাখলেই নিজৰ ঘৰলৈ গৈছিল আৰু তেতিয়া আৰক্ষীয়ে তেওঁৰ বিষয়ে তথ্য সংগ্ৰহ কৰিছিল ।

শেহতীয়াকৈ, সম্পত্তিৰ বিবাদ সংক্ৰান্তীয় কথাত নাখলেই পুনৰ তেওঁৰ গৃহ চহৰলৈ গৈছিল আৰু তেতিয়াই আৰক্ষীয়ে তেওঁক আটক কৰে । ইমান দিনে আৰক্ষীৰ চকুত ধূলি দি আত্মগোপন কৰি আছিল নাখলেই । অৱশেষত ২৯ বছৰৰ পাছত নাখলেই আৰক্ষীৰ জালত পৰিল ।

লগতে পঢ়ক:জম্মু-কাশ্মীৰৰ চাম্বাৰ আকাশত উৰিছে ৪ খন সন্দেহজনক ড্ৰোণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.