ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ চাম্বাৰ আকাশত উৰিছে ৪ খন সন্দেহজনক ড্ৰোণ

author img

By

Published : Aug 2, 2021, 10:25 AM IST

জম্মু-কাশ্মীৰত পুনৰ প্ৰত্যক্ষ কৰা হৈছে সন্দেহজনক ড্ৰোণ । দেওবাৰে নিশা চাম্বা জিলাৰ বাৰী ব্ৰহ্মা অঞ্চলৰ চাৰিটা স্থানৰ আকাশমাৰ্গত ৪ খন ড্ৰোণ দেখা গৈছে ।

Four suspected drones spotted in Jammu Kashmir
চাম্বাৰ আকাশত উৰিছে সন্দেহজনক ড্ৰোণ

নেশ্যনেল ডেস্ক, ২ আগষ্ট : সন্দেহজনক ড্ৰোণে পুনৰ চিন্তিত কৰি তুলিছে জম্মু-কাশ্মীৰ প্ৰশাসনক । জম্মু-কাশ্মীৰৰ চাম্বা জিলাৰ বাৰী ব্ৰহ্মা অঞ্চলৰ আকাশমাৰ্গত দেওবাৰে ড্ৰোণ উৰি থকা দেখা পোৱা গৈছে । জিলা আৰক্ষী অধীক্ষক ৰাজেশ শৰ্মাই সোমবাৰে জনায় যে, বাৰী ব্ৰহ্মা অঞ্চলৰ ৪টা পৃথক স্থানত প্ৰত্যক্ষ কৰা হৈছে ৪ খন সন্দেহজনক ড্ৰোণ । এখন ড্ৰোণ আৰক্ষী থানাৰ ওচৰত আৰু আনখন বালোল দলঙৰ ওপৰত প্ৰত্যক্ষ কৰা হৈছে ।

আনহাতে, আন দুখন ড্ৰোণ ওচৰৰে আন দুটা স্থানত দেখা পোৱা গৈছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে । ইয়াৰ পূৰ্বে, যোৱা ৩০ জুলাইত জম্মু-কাশ্মীৰৰ চাম্বা জিলাৰ তিনিটা পৃথক স্থানত সন্দেহযুক্ত পাকিস্তানী ড্ৰোণ উৰি থকা দেখা গৈছিল । বিষয়াগৰকীয়ে জানিবলৈ দিয়া মতে, দেওবাৰে নিশা প্ৰায় ৮.৩০ বজাত একে সময়তে বাৰী ব্ৰহ্মা, চিলাডিয়া আৰু গগৱাল অঞ্চলত চাৰিওখন ড্ৰোণ উৰি থকা দেখা গৈছিল । এসপ্তাহ পূৰ্বে কানাচক সীমান্তত পাঁচ কিলোগ্ৰাম IED কঢ়িয়াই নিয়া এখন পাকিস্তানী ড্ৰোণ আৰক্ষীয়ে গুলীবৰ্ষণ কৰি ধ্বংস কৰিছিল ।

এতিয়া পুনৰ সন্দেহজনক ড্ৰোণ দেখা পোৱা গৈছে । বিষয়াসকলে জনোৱা মতে, চিলাডিয়াৰ পাকিস্তানলৈ উভতি যোৱাৰ সময়তে সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে এখন ড্ৰোণলৈ লক্ষ্য কৰি কেইবা জাঁই গুলীচালনা কৰিছিল । বাকী দুখন ড্ৰোণ বাৰী ব্ৰহ্মা আৰু গগৱালৰ জম্মু-পাঠানকোট ঘাইপথৰ ওচৰত নিৰাপত্তা বাহিনীৰ চাউনী থকা স্থানৰ আকাশমাৰ্গত কিছু সময়ৰ বাবে দৃশ্যমান হৈছিল যদিও পুনৰ সেই স্থানৰ পৰা আঁতৰি যায় ।

ইয়াৰ পূৰ্বে যোৱা ১৬ জুলাইত, জম্মু বিমানঘাটিৰ চাৰিওফালে ঘূৰি থকা এখন ড্ৰোণ ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ (এনএছজি) দ্বাৰা নিয়োজিত ড্ৰোণ বিৰোধী প্ৰণালীৰ ৰাডাৰে চিনাক্ত কৰিছিল । যোৱা মাহত জম্মু বিমান ঘাটিত ড্ৰোণেৰে আক্ৰমণ কৰাৰ পাছতে এনএছজিয়ে চহৰখনত ড্ৰোণ বিৰোধী প্ৰণালী সংস্থাপন কৰিছিল । লগতে নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় বায়ু সেনাই জম্মুৰ লগতে সমগ্ৰ দেশৰ অন্যান্য গুৰুত্বপূৰ্ণ বিমানঘাটিত ড্ৰোণৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ড্ৰোণ বিৰোধী প্ৰণালী সংস্থাপন কৰিছে ।

সৰু ড্ৰোণৰ দ্বাৰা হ'ব পৰা ভাবুকিৰে মোকাবিলা কৰাৰ বাবেও পদক্ষেপ লোৱা হৈছে । জম্মুৰ বিমানঘাটিত আক্ৰমণ হোৱাৰ পিছত জম্মুৰ আকাশমাৰ্গত সন্দেহজনক ড্ৰোণৰ সংখ্যা বৃদ্ধি পাইছে । সীমান্তত সেনা আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে সুৰক্ষাজনিত কাৰণত গুলীচালনাও কৰিব লগা হৈছে ।

লগতে পঢ়ক : ছত্তিশগড়ত যুৱকক হত্যা নক্সালবাদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.