ETV Bharat / bharat

ছত্তিশগড়ত যুৱকক হত্যা নক্সালবাদীৰ

author img

By

Published : Aug 1, 2021, 9:10 PM IST

ছত্তিশগড় জিলাৰ ধামতাৰী জিলাত নক্সালবাদীয়ে শনিবাৰে নিশা 35 বছৰীয়া এজন যুৱকক হত্যা কৰে ৷

ছত্তীশগড় নক্সালবাদীয়ে হত্যা কৰিলে এজন 35 বছৰীয়া যুৱকক
ছত্তীশগড় নক্সালবাদীয়ে হত্যা কৰিলে এজন 35 বছৰীয়া যুৱকক

নেচনেল ডেস্ক, 1 আগষ্ট : দেওবাৰে ছত্তিশগড়ৰ ধামতাৰী জিলাত (Chhattisgarh's Dhamtari district) নক্সালবাদীয়ে (Naxals) এজন 35 বছৰীয়া যুৱকক হত্যা কৰে ৷ এই কথা সদৰী কৰিছে আৰক্ষীৰ বিশেষ সূত্ৰই ৷ উল্লেখযোগ্য যে, কেশৰী চোৰী নামৰ যুৱকজনক নক্সালবাদীয়ে হত্যা কৰাৰ বিষয়ে জানিব পাৰি ততালিকে ঘটনাস্থলীলৈ ৰাওনা হৈছে আৰক্ষী ৷

এই সমগ্ৰ ঘটনা সন্দৰ্ভত ধামতাৰী জিলাৰ আৰক্ষী অধীক্ষক প্ৰফুল ঠাকুৰে সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷ আৰক্ষী অধীক্ষক গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, নক্সালবাদীৰ বেনাৰ-পোষ্টাৰ বৰাই আৰক্ষী থানাৰ অন্তৰ্গত কাৰিপানীত উদ্ধাৰ হৈছে ৷ নক্সালবাদীসকলে 28 জুলাইৰ পৰা 3 আগষ্টলৈ শ্বহীদ সপ্তাহ দিৱস হিচাপে উদযাপন কৰি আছে ৷

সম্প্ৰতি এই সমগ্ৰ ঘটনাৰ বিষয়ে আৰক্ষী অধিক তথ্য লাভৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃ উৎকণ্ঠাৰ অন্ত : কংগ্ৰেছ এৰি হাতত পদুম তুলি ল’লে সুশান্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.