ETV Bharat / bharat

অসম-মিজোৰামৰ সমস্যা সমাধানৰ বাবে গৃহমন্ত্ৰীয়ে চেষ্টা কৰি আছে: মিজোৰামৰ ৰাজ্যপাল

author img

By

Published : Aug 2, 2021, 7:54 PM IST

গৃহমন্ত্ৰী অমিত শ্বাহে অসম-মিজোৰাম সীমান্তৰ সমস্যা সমাধানৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে ৷ মিজোৰামৰ ৰাজ্যপাল কে হৰি বাবুৱে এই মন্তব্য কৰিছে ৷ সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰাৰ পাচতে মিজোৰামৰ ৰাজ্যপাল গৰাকীয়ে এই মন্তব্য কৰে ৷

Home Minister trying to find solution to tensions between Assam & Mizoram: K Hari Babu
অসম মিজোৰাম সীমান্তত সংঘটিত সংঘৰ্ষ

নেশ্যনেল ডেস্ক, 2 আগষ্ট: অসম-মিজোৰাম সীমান্তত সংঘটিত সংঘৰ্ষৰ ফলত দুয়োখন ৰাজ্যৰ লগতে সমগ্ৰ দেশত উত্তেজনা অব্যাহত থকাৰ মাজতে সোমবাৰে মিজোৰামৰ ৰাজ্যপালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে ৷ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাচত মিজোৰামৰ ৰাজ্যপাল কে হৰি বাবুৱে(K Hari Babu) কয় যে, সমগ্ৰ সমস্যাটোৰ সমাধানৰ বাবে কেন্দ্ৰই প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ ইফালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিজেপিৰ সাংসদসকলেও সোমবাৰে প্ৰধানমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰে ৷ মিজোৰামৰ ৰাজ্যপাল গৰাকীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে ৷

প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ পাচত সংসদত সাংবাদিক সকলৰ সৈতে বাৰ্তালাপ কৰি বাবুৱে সমগ্ৰ ঘটনাটোক অতি দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৷ তেওঁ কয়, "ঘটনাৰ ফলত সৃষ্টি হোৱা উত্তেজনা হ্ৰাস কৰাৰ বাবে গৃহমন্ত্ৰীয়ে চেষ্টা অব্যাহত ৰাখিছে আৰু তেওঁ সমস্যাটোৰ সমাধানো বিচাৰি আছে ৷ অসম আৰু মিজোৰাম দুয়োখন ৰাজ্যৰে মুখ্যমন্ত্ৰী দুগৰাকী ৰাজ্য কেইখনত শান্তি পুনৰ স্থাপন কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ৷"

লগতে পঢ়ক: লাইলাপুৰত গুলীবিদ্ধ আৰক্ষী জোৱানৰ বাসগৃহত মন্ত্ৰী যোগেন মহন

উল্লেখ্য যে, 25 জুলাইত দুয়োখন ৰাজ্যৰ মাজত সংঘটিত এক সংঘৰ্ষত এজন সাধাৰণ নাগৰিকসহ অসম আৰক্ষীৰ ছগৰাকীকৈ লোকে মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল ৷ উক্ত ঘটনাত 50 জনৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছিল ৷ 2020 চনৰ পৰাই মিজোৰাম সীমান্তত অসমৰ কাছাৰ আৰু হাইলাকান্দি জিলাত সঘনাই ঘৰ জ্বলাই দিয়া আৰু ভূমি বেদখলৰ ঘটনা সংঘটিত হৈ আহিছে ৷

মন কৰিবলগীয়া যে, অসমৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলা আৰু মিজোৰামৰ কোলাচিব, মামিত আৰু আইজল জিলাৰ মাজত মুঠ 164.6 কিল'মিটাৰ দৈৰ্ঘ্যৰ সীমা আছে ৷ নিজৰ সীমাক লৈ দুয়োখন ৰাজ্যই নিজা বাখ্যাক মানি চলে৷ ৰাজ্যখনৰ জনজাতীয় লোকসকলক বাহিৰা প্ৰভাৱৰ পৰা সুৰক্ষা দিয়াৰ উদ্দেশ্যে 1875 চনত প্ৰস্তুত কৰা Inner Lineৰ সৈতে নিজৰ সীমা থকা বুলি মিজোৰামে মানি চলাৰ পৰিৱৰ্তে অসমে 1930 চনত সম্পন্ন হোৱা জিলা সীমানিৰ্ধাৰণৰ হিচাপ মানি চলে ৷

লগতে পঢ়ক: অসম-মিজোৰাম সীমা বিবাদঃ অসমৰ সাংসদৰে বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.