ETV Bharat / state

নেন' ইউৰিয়া অসমলৈ প্ৰেৰণ প্ৰক্ৰিয়াৰ ভাৰ্ছুৱেলী ফ্লেগ অফ

author img

By

Published : Aug 8, 2021, 8:58 AM IST

ভাৰতীয় কৃষক সাৰ সমবায় লিমিটেডে প্ৰস্তুত কৰা নেন' ইউৰিয়া প্ৰথমবাৰৰ বাবে অসমলৈ প্ৰেৰণ প্ৰক্ৰিয়াৰ ভাৰ্ছুৱেলী ফ্লেগ অফ ৷ জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰক্ৰিয়াৰ ফ্লেগ অফ কৰি ইফকোৰ এই পদক্ষেপক আধুনিক কৃষিৰ ইতিহাসত এক যুগান্তৰকাৰী ঘটনা বুলি অভিহিত কৰিছে ৷

cm-virtually-flags-off-the-first-consignment-of-nano-urea-to-assam
নেন' ইউৰিয়া অসমলৈ প্ৰেৰণ প্ৰক্ৰিয়াৰ ভাৰ্ছুৱেলী ফ্লেগ অফ

গুৱাহাটী, 7 আগষ্ট : ভাৰতীয় কৃষক সাৰ সমবায় লিমিটেডে (ইফকো) প্ৰস্তুত কৰা নেন' ইউৰিয়া প্ৰথমবাৰৰ বাবে অসমলৈ প্ৰেৰণ প্ৰক্ৰিয়াৰ ভাৰ্ছুৱেলী ফ্লেগ অফ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে শনিবাৰে জনতা ভৱনৰ নিজা কার্যালয়ত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই প্ৰক্ৰিয়াৰ ফ্লেগ অফ কৰে ৷ ফ্লেগ অফ কৰাৰ পাচতে ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে ইফকোৰ এই পদক্ষেপক আধুনিক কৃষিৰ ইতিহাসত এক যুগান্তৰকাৰী ঘটনা বুলি অভিহিত কৰে ৷

cm-virtually-flags-off-the-first-consignment-of-nano-urea-to-assam
নেন' ইউৰিয়া অসমলৈ প্ৰেৰণ প্ৰক্ৰিয়াৰ ভাৰ্ছুৱেলী ফ্লেগ অফ

অসমত নেন' ইউৰিয়া উৎপাদনৰ এক প্ৰকল্প স্থাপনৰ বাবে আগবাঢ়ি আহিবলৈ ইফকোৰ প্ৰতি আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইফকোক এই উদ্ভাৱনী প্ৰচেষ্টাৰ বাবে অভিনন্দন জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ভৱিষ্যতেও ইফকোৱে কৃষি খণ্ডত দৃষ্টান্তমূলক পৰিৱৰ্তনেৰে আকৰ্ষণীয় প্ৰদৰ্শন অব্যাহত ৰাখিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে ৷ আনহাতে ৰাজ্যখনত সাৰৰ অভাৱৰ বিষয়টো চোৱাচিতা কৰি সময়মতে যোগান ধৰিবলৈ ইফকোক আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে ৷

ইফালে কৃষকসকলক ইউৰিয়া আৰু অন্যান্য সাৰৰ মসৃণ তথা সময়মতে যোগান ধৰাৰ ক্ষেত্ৰত সাৰ বিতৰণী মাধ্যমসমূহক সুশৃংখল কৰাৰ হেতু উদ্যোগ ল'বলৈও মুখ্যমন্ত্ৰীয়ে ইফকোৰ প্ৰতি আহ্বান জনাইছে ৷

উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীৰ লগতে কৃষিমন্ত্ৰী অতুল বৰা, উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ লগতে ইফকোৰ অধ্যক্ষ বি এছ নাকাই, পৰিচালন সঞ্চালক ড৹ ইউ এছ অৱস্থি, উপাধ্যক্ষ দিলীপ সংঘানী আৰু উত্তৰ-পূবৰ ৰাজ্যিক বিপণন ব্যৱস্থাপক অজিত ভট্টাচাৰ্য উপস্থিত আছিল ৷

লগতে পঢ়কঃ অৱশেষত মুখ খুলিলে বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.