ETV Bharat / city

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Nov 13, 2021, 3:04 PM IST

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি
তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

Covid 19 vaccination drive : ৰাজ্যৰ আঠ লক্ষাধিক লোকে সময় উকলি যোৱাৰ পাছতো লোৱা নাই দ্বিতীয় পালি ভেকচিন

ৰাজ্যত এনে প্ৰায় ১.৫০ লাখ লোক আছে, যি প্ৰথম পালি ক'ভেক্সিন(Covaxin) ভেকচিন লোৱাৰ পাছত দ্বিতীয় পালি ভেকচিন নিৰ্দিষ্ট সময়সীমা পাৰ হৈ যোৱাৰ পাছতো আজিলৈকে লোৱা নাই ৷ আনহাতে, প্ৰথম পালি ক’ভিশ্বিল্ড(covishield) ভেকচিন লোৱাৰ পাছত নিৰ্দিষ্ট সময় উকলি যোৱাৰ পাছতো ৰাজ্যৰ ৬.৫০ লাখ লোকে দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰা নাই ৷ ক্ৰমাৎ বৃদ্ধি পাইছে এই সংখ্যা ৷

APDCL recruitment : অৱশেষত বাতিল হ'ল নিযুক্তি প্ৰক্ৰিয়া

অৱশেষত বাতিল কৰা হৈছে APDCL ৰ অফিচ কাম ফিল্ড এছিচটেণ্ট, সহায়িকা আৰু ড্ৰাইভাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া ৷ লগতে বাতিল কৰা হৈছে উপ মহা প্ৰৱন্ধক পদৰ নিযুক্তি প্ৰক্ৰিয়া ৷ প্ৰশাসনীয় কাৰণত এই নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰা হৈছে বুলি APDCL কৰ্তৃপক্ষই জাননীত উল্লেখ কৰিছে ৷


বিশ্বনাথৰ বালিপুখুৰীত চিআৰপিএফৰ ৩০নং বেটালিয়নৰ ষ্ট্ৰীট' লাইট উদ্বোধন

বিশ্বনাথৰ বালিপুখুৰীত থকা চিআৰপিএফৰ 30নং বেটালিয়ানৰ উদ্যোগত শনিবাৰে জৰাবাৰী গাঁৱৰ তিনিটাকৈ স্থানত কমাণ্ডিং অফিচাৰ ৰাহুল কান্ত চাহুয়ে উদ্বোধন কৰে ষ্ট্ৰীট লাইট ৷

TET Teachar appoinment : কি পৰ্যায়ত বিটিআৰৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ?

বিটিআৰৰ টেট (TET) পৰীক্ষাত নিৰ্বাচিত হোৱা শিক্ষকসকলৰ নিযুক্তি(TET Teachar appoinment) সন্দৰ্ভত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো(BTR Chief Pramod Bodo)ৰ প্ৰতিক্ৰিয়া ৷ চি টেটৰ প্ৰাৰ্থীসকলে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পিছতে বৰ্তমান বিটিআৰৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত প্ৰদান কৰা হৈছে নিষেধাজ্ঞা ৷

Leader of Opposition: পুনৰ বিৰোধী দলপতিৰ পদ হেৰুৱাব নেকি দেৱব্ৰত শইকীয়াই ?

ইতিমধ্যেই বিধানসভাৰ মজিয়াত 29 খন আসনৰ পৰা 27 খনলৈ নিম্নগামী হৈছে কংগ্ৰেছ (Congress) দল ৷ কিন্তু যদি মুখ্যমন্ত্ৰীকে ধৰি অন্য বিজেপি নেতাসকলে দাবী কৰাৰ দৰে মাজুলীৰ লগতে আন সমষ্টিতো উপ নিৰ্বাচন (By Election) অনুষ্ঠিত হয় তেন্তে হয়তো অতিশীঘ্ৰে পুনৰ বিৰোধী দলপতি (Opposition Leader)ৰ আসনখন হেৰুৱাব দেৱব্ৰত শইকীয়াই (Debabrata Saikia) ৷

শৰালি হাঁহৰ নিধনৰ বিৰুদ্ধে দেৰগাৱঁত প্ৰতিবাদ

গোলাঘাটৰ দেৰগাঁৱত অব্যাহত আছে পৰিভ্ৰমী শৰালি হাঁহ(Indian Whistling Ducks)ৰ নিধন কাৰ্য । একাংশ দুষ্টচক্ৰই নিতৌ শ শ শৰালি হাঁহ হত্যা কৰি আহিছে । যাৰবাবে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত । পক্ষীকূলৰ সুৰক্ষাৰ দাবীত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰাও দেখা গৈছে । ইয়াৰ মাজতে শুকুৰবাৰে পুৱাই দেৰগাঁৱৰ একাংশ সচেতন নাগৰিকে মানৱ শৃংখল (Human Chain) কাৰ্যসূচী ৰূপায়ণ কৰে ।

Illegal encroachment: বেদখলকাৰীৰ কৱলত গাওঁ পঞ্চায়তৰ কাৰ্যালয়

জোনাইৰ চিমেন চাপৰি পুৰণা গাওঁ পঞ্চায়তত চলা অবৈধ নিৰ্মাণকাৰ্যৰ বিৰুদ্ধে সৰৱ একাংশ লোক । পঞ্চায়ত সভাপতিৰ নেতৃত্বত ছয়গৰাকী ব্যক্তিয়ে অবৈধভাৱে গৃহ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । বিষয়টোৰ তদন্তৰ দাবী জিলা উপায়ুক্তক ।

লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ চতুৰ্দশ বাৰ্ষিক অধিৱেশন

লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ চতুৰ্দশ বাৰ্ষিক অধিৱেশনখন হাৰমতী আঞ্চলিক ছাত্ৰ সন্থা আৰু হাৰমতীবাসী ৰাইজৰ সহযোগত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে হাৰমতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে ৷

পিতৃ-মাতৃয়ে লোৱা ঋণ পৰিশোধ কৰিবলৈ কিশোৰলৈ জাননী বেংকৰ

অমানৱীয় ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ কোডাগু জিলাত । ক'ভিডে প্ৰাণ লোৱা পিতৃ-মাতৃৰ হৈ বেংকৰ ঋণ পৰিশোধ কৰিব লাগিব কিশোৰে । কিশোৰজনলৈ কেইবাবাৰো জাননী প্ৰেৰণ বেংক কতৃপক্ষৰ ।

নিৰ্বাচনৰ পূৰ্বে DGP লৈ বিশেষ পত্ৰ বিধায়ক সুদীপ ৰয় বৰ্মনৰ

অহা ২৫ নৱেম্বৰত অনুষ্ঠিত হ'ব ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচন । তাৰ প্ৰাকক্ষণত ৰাজ্যখনৰ ভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে । ইয়াৰ মাজতে শাসকীয় বিজেপিৰ বিধায়ক সুদীপ ৰয় বৰ্মনে আৰক্ষী সঞ্চালক প্ৰধানলৈ লিখিলে এখন বিশেষ পত্ৰ । পত্ৰখনত কোনবোৰ বিষয় উত্থাপন কৰিলে বিধায়কগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.