ETV Bharat / bharat

পিতৃ-মাতৃয়ে লোৱা ঋণ পৰিশোধ কৰিবলৈ কিশোৰলৈ জাননী বেংকৰ

author img

By

Published : Nov 13, 2021, 11:35 AM IST

অমানৱীয় ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ কোডাগু জিলাত । ক'ভিডে প্ৰাণ লোৱা পিতৃ-মাতৃৰ হৈ বেংকৰ ঋণ পৰিশোধ কৰিব লাগিব কিশোৰে । কিশোৰজনলৈ কেইবাবাৰো জাননী প্ৰেৰণ বেংক কতৃপক্ষৰ ।

Bank asks minor to clear loan taken by his parents
ঋণ পৰিশোধ কৰিবলৈ কিশোৰলৈ জাননী এটা বেংকৰ

নেশ্যনেল ডেস্ক,১৩ নৱেম্বৰ : কৰ্ণাটকৰ কোডাগু জিলাত আচৰিত ঘটনা সংঘটিত হৈছে । জিলাখনত বেংক অফ বৰোদাই (Bank of Baroda) প্ৰেৰণ কৰা বিশেষ জাননীয়ে ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । পিতৃ-মাতৃয়ে লোৱা ঋণ পৰিশোধ কৰিবলৈ এগৰাকী কিশোৰলৈ জাননী প্ৰেৰণ বেংকটোৰ । যাৰ বাবে বেংকটোৰ এনে অমানৱীয় কাণ্ডত এতিয়া সৰৱ হৈ পৰিছে বহু লোক ।

উল্লেখ্য যে, ২০২০ চনত কিশোৰ জনৰ পিতৃ-মাতৃ ক'ভিডত (Covid) আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছিল । কিন্তু পিতৃ-মাতৃয়ে মৃত্যুৰ পূৰ্বে বেংক অফ বৰোদাৰ পৰা ঋণ (Loan) লৈছিল । সেই ঋণৰ ধন প্ৰায় ১২ লাখ টকা পৰিশোধ কৰিবলৈ বাকী আছে ।

যাৰ বাবে বেংক কতৃপক্ষই ১৬ বছৰীয়া কিশোৰজনক ঋণ পৰিশোধ কৰিবলৈ বাৰে বাৰে জাননী প্ৰেৰণ কৰিছে । বেংক কতৃপক্ষৰ এই জাননী সম্পৰ্কে বৃহস্পতিবাৰে কিশোৰজনে ৰাজহুৱাভাৱে অৱগত কৰে ।

বেংকৰ জাননী অনুসৰি, এতিয়া ককা-আইতাকৰ সৈতে বাস কৰা কিশোৰজনে ১২ লাখ টকা পৰিশোধ কৰিব লাগিব, যিটো তেওঁৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ ছয় একৰ মাটি বন্ধকত ৰাখি লৈছিল । এই ঘটনা ৰাজহুৱা হোৱাৰ লগে লগে এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । পিতৃ-মাতৃক অকালতে হেৰুওৱা কিশোৰজনক এনেদৰে জাননী প্ৰেৰণ কৰাত ক্ষোভিত হৈ পৰিছে বিভিন্নজন ।

ইফালে বিষয়টো স্বতঃস্ফূৰ্তভাৱে বিবেচনা কৰি ৰাজ্যিক শিশু সুৰক্ষা আয়োগে (State Child Protection Commission) বিষয়াসকলক বেংক মেনেজাৰৰ (Bank manager) বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে । শিশু আয়োগৰ সভাপতি ড০ এন্থনী চাবাষ্টিনে (Dr Anthony Sabastin) ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এয়া শিশুৰ অধিকাৰৰ উলংঘন (violation of children's rights) ।

লগতে পঢ়ক :নিৰ্বাচনৰ পূৰ্বে DGP লৈ বিশেষ পত্ৰ বিধায়ক সুদীপ ৰয় বৰ্মনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.