ETV Bharat / bharat

নিৰ্বাচনৰ পূৰ্বে DGP লৈ বিশেষ পত্ৰ বিধায়ক সুদীপ ৰয় বৰ্মনৰ

author img

By

Published : Nov 13, 2021, 10:34 AM IST

Tripura
নিৰ্বাচনৰ পূৰ্বে DGP লৈ বিশেষ পত্ৰ বিধায়ক সুদীপ ৰয় বৰ্মনৰ

অহা ২৫ নৱেম্বৰত অনুষ্ঠিত হ'ব ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচন । তাৰ প্ৰাকক্ষণত ৰাজ্যখনৰ ভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে । ইয়াৰ মাজতে শাসকীয় বিজেপিৰ বিধায়ক সুদীপ ৰয় বৰ্মনে আৰক্ষী সঞ্চালক প্ৰধানলৈ লিখিলে এখন বিশেষ পত্ৰ । পত্ৰখনত কোনবোৰ বিষয় উত্থাপন কৰিলে বিধায়কগৰাকীয়ে ।

আগৰতলা, ১৩ নৱেম্বৰ : সমাগত ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচন (Municipal election) । কিন্তু তাৰ মাজতে দেখা গৈছে ৰাজনৈতিক দলসমূহৰ মাজত তীব্ৰ সংঘাত আৰম্ভ হৈছে । ইফালে নিৰ্বাচনৰ প্ৰাকক্ষণত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰো আশংকা কৰিছে বিজেপিৰ বিধায়ক সুদীপ ৰয় বৰ্মনে (MLA Sudip Roy Barman) । এই সন্দৰ্ভত তেওঁ ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান (DGP) ভি এছ যাদৱলৈ এক পত্ৰও প্ৰেৰণ কৰিছে ।

পত্ৰৰ জৰিয়তে ২৫ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া পৌৰ নিগমৰ নিৰ্বাচনত আগৰতলা বিধানসভা সমষ্টিৰ (Agartala assembly constituency) ৮ টা ৱাৰ্ডক আটাইতকৈ দুৰ্বল আৰু অতি স্পৰ্শকাতৰ বুলি ঘোষণা কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানে আহ্বান জনাইছে । পত্ৰখনত বিধায়ক বৰ্মনে দাবী কৰিছে যে বিভিন্ন মহলৰ পৰা নিৰন্তৰ ভাবুকিৰ সন্মুখীন হোৱা ভোটাৰসকলৰ মাজত ভয়ৰ সৃষ্টি হৈছে ।

তেওঁ লগতে উল্লেখ কৰিছে যে ৰাইজৰ মাজত আৰক্ষীৰ ওপৰত বিশ্বাস আৰু আস্থা দ্ৰুতগতিত হ্ৰাস পাইছে যিটো দেখি তেওঁ যথেষ্ট কষ্ট অনুভৱ কৰিছে । দুৰ্বৃত্ত আৰু অপৰাধীসকলে শংকা অবিহনে ঘূৰি ফুৰিছে আৰু আইন নিজৰ হাতত তুলি লৈছে ।

এগৰাকী ৰাজহুৱা প্ৰতিনিধি হিচাপে আৰক্ষীৰ ওপৰত তেওঁৰ পূৰ্ণ বিশ্বাস আছে । সেয়ে ৰাইজৰ মনত আস্থা হেৰুওৱা আৰক্ষী অধিক শক্তিশালী আৰু উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰক্ষীক অনুৰোধ বিধায়কগৰাকীৰ । তেওঁ কয় যে, ভোটাৰসকলক তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰাত বাধা দিবলৈ এক অশুভ শক্তি নিৰন্তৰ চেষ্টা অব্যাহত ৰাখিছে । যিহেতু যথেষ্ট সংখ্যক ভোটাৰ (Voter) সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ আৰু সেয়েহে তেওঁলোকৰ মাজত ভুল বাৰ্তা প্ৰেৰণ কৰাৰ চেষ্টা চলাব একাংশ লোকে ।

তেওঁ পত্ৰখনত ১৩ নং ৱাৰ্ডৰ উদাহৰণ দাঙি ধৰি কয় যে সংখ্যালঘু সম্প্ৰদায়ৰ ভোটাৰসকলক (Minority Community Voter) নিৰ্বাচনৰ দিনা উপস্থিত নহ'বলৈ মুকলিকৈ ভাবুকি দি থকা হৈছে । বৰ্মনে উল্লেখ কৰে যে, তেওঁলোকে সন্মুখীন হৈ থকা নিয়মীয়া ভাবুকিৰ বিষয়ে ভাটি অভয়নগৰ, বিটাৰবান, মুল্লা পাৰা, দাসপাৰা, হৃষী কলনীৰ লোকসকলৰ বিভিন্ন মহলৰ পৰা তেওঁ বহুতো অভিযোগ লাভ কৰিছে ।

তেওঁৰ সমষ্টিৰো বহু অংশত তেনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰে পত্ৰ খনত । সেয়েহে, কোনো ধৰণৰ বাধা অবিহনে ভোটাৰসকলে যাতে মুক্তভাৱে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ আৰক্ষী সঞ্চালক প্ৰধানক অনুৰোধ জনায় বিধায়ক বৰ্মনে ।

লগতে পঢ়ক :Cheat in Love : প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিও প্ৰতাৰিত হ’ল শিল্পা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.