ETV Bharat / bharat

All for Love : প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিও প্ৰতাৰিত হ’ল শিল্পা

author img

By

Published : Nov 12, 2021, 9:21 PM IST

Updated : Nov 13, 2021, 6:49 PM IST

প্ৰেমিকৰ বাবে সৰ্বস্ব ত্যাগ কৰিছিল তাই ৷ দেহ-মন সকলো প্ৰেমিক ফাৰকানক সপি দিছিল শিল্পাই ৷ কিন্তু বিনিময়ত তাই পালে চৰম প্ৰতাৰণা ৷ ফাৰকানে ক’লে নকৰাওঁ বিয়া ৷ এতিয়া চকুৰ পানীৰে বাট নেদেখা হৈছে শিল্পাই ৷

lover cheated
lover cheated

নিউজ ডেস্ক, 12 নৱেম্বৰ : প্ৰেম-প্ৰলোভন-প্ৰতাৰণাৰ বিভিন্ন কাহিনী আপুনি পঢ়িছে ৷ কোনো কোনো কাহিনীৰ প্ৰত্যক্ষদৰ্শীও নিশ্চয় হৈছে ৷ বৰ্তমান সময়ত এনে ঘটনা এক প্ৰকাৰ স্বাভাৱিক হৈ পৰিছে যদিও তাৰে কিছু কিছু ঘটনাক্ৰমে আমাক আচৰিত কৰি তোলে ৷ ক্ষণিকৰ বাবে হ’লেও বিশ্বাস নামৰ শব্দটোৰ ওপৰতে আমাৰ সন্দেহ ওপজে ৷ এনে এটা ঘটনাই সংঘটিত হ’ল জামালৰ লগত ৷

Cheat in Love
জামাল শ্বেইখ

চুবুৰীয়া ফাৰকান শ্বেইখৰ প্ৰেমত পৰিছিল জমাল শ্বেইখ ৷ প্ৰেমক পূৰ্ণতা প্ৰদানৰ বাবেই জামাল শ্বেইকে কৰিছিল চমৰ ত্যাগ ৷ লিংগ সলনি কৰি যুৱকৰ পৰা জামাল হৈ পৰিল এগৰাকী যুৱতী ৷ নিজৰ নাম সলনি কৰি নতুন নাম ল’লে শিল্পা ৷ সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে জামালে খৰচ কৰিলে 2 লাখ টকা ৷

জামালে ভাবিছিল এই পদক্ষেপৰ পাচত জীৱনটো পূৰ্বতকৈ সুখৰ হ’ব ৷ কিন্তু নহ’ল ! প্ৰেমিক ফাৰকান অমান্তি হ’ল শিল্পাৰূপী জামালক বিয়া কৰাবলৈ ৷

প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিও প্ৰতাৰিত হ’ল শিল্পা

জামাল ওৰফে শিল্পাই কয় যে, তেওঁৰ লগত ফাৰকানৰ আছিল শাৰীৰিক সম্পৰ্ক ৷ ফাৰকানে বিবাহৰো প্ৰস্তাৱ দিছিল জামালক ৷ কিন্তু শেষত জামালক চূড়ান্তভাৱে প্ৰতাৰণা কৰিলে ফাৰকানে ৷ জামালৰ দুচকুৰ অজস্ৰ সপোন চূড়মাৰ কৰি পৰিয়ালৰ সৈতে ফাৰকান গুচি গ’ল দিল্লীলৈ ৷ হিয়া ভাগি গ’ল জামাল ওৰফে শিল্পাৰ ৷ ইমান প্ৰতাৰণ কৰিব পাৰে নে প্ৰেমত ?

ফাৰকানে কিয় এনেকুৱা কৰিলে ? আশা দি কিয় নিৰাশ কৰিলে জামালক ? সেয়া জানিলে আপুনিও আচৰিত হ’ব ৷ ইতিমধ্যে বিবাহপাশত আৱদ্ধ হৈছিল ফাৰকান ৷ তেওঁৰ আছে এগৰাকী পত্নী, যি এই সকলোবোৰ কথা জানিছিল ৷ ইফালে ফাৰকান গুচি যোৱাৰ পাচত এতিয়া জামালৰ জীৱনলৈ আহিছে আন এক বিপদ ৷ প্ৰেমিকেতো এৰি গ’লেই, এইবাৰ পৰিয়ালো অমান্তি হৈছে জামালক আদৰি ল’বলৈ ৷ যাৰবাবে এতিয়া নিজৰ সৰ্বস্ব হেৰুৱাই ওৱাদিহ নোপোৱা হৈ পৰিছে জামাল ওৰফে শিল্পা ৷

আপুনি হয়তো এতিয়া ভাবিছে, ইমান পৰে প্ৰতাৰণাৰ কাহিনী পঢ়া কোন এই জামাল ৷ মুম্বাইৰ গুন্দি অঞ্চলৰ এটা কিন্নৰ পৰিয়ালৰ আবাসী হৈছে জামাল শ্বেইখ ৷ 31 বছৰ বয়সীয়া এই জামালে কলিকতাৰ পৰা আহি পৰিয়ালৰ সৈতে বাস কৰিছিল মুম্বাইত ৷ প্ৰেমত পৰিছিল ফাৰকানৰ ৷ প্ৰেমত পৰি সুখেৰে জীৱন কটোৱাৰ অলেখ সপোন ৰচি নিজকে ৰূপান্তৰ কৰিছিল শিল্পালৈ ৷ কিন্তু অৱশেষত যাৰ বাবে জীৱনটো সলনি কৰিছিল সিয়েই প্ৰতাৰণা কৰি গুচি গ’ল জামালৰ কাষৰ পৰা ৷

লগতে পঢ়ক : মূল সুঁতিলৈ উভতি আহিব Dimasa National Liberation Army

Last Updated : Nov 13, 2021, 6:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.