মূল সুঁতিলৈ উভতি আহিব Dimasa National Liberation Army

author img

By

Published : Nov 12, 2021, 8:40 PM IST

Dimasa National Liberation Army is ready to surrender

মূল সুঁতিলৈ উভতি আহিব ডিমাচা নেচনেল লিবাৰেচন আৰ্মি চুমুকৈ ডিএনএলএ উগ্ৰপন্থী সংগঠন ৷ জানো আহক কেতিয়া, কেনেকৈ আৰু ক’ত কৰিব অস্ত্ৰ সম্বৰণ ৷

ডিমা হাছাও, 12 নবেম্বৰ : বহু অপেক্ষাৰ অন্তত শনিবাৰে, ডিমাচা নেচনেল লিবাৰেচন আৰ্মি চুমুকৈ ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ সদস্য সকলে অস্ত্ৰ সম্বৰণ কৰি মূল সুঁতিলৈ উভতি আহিব । মাইবাং মহকুমাৰ খেপৰে খেলপথাৰত শনিবাৰে আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্ববৰণ কৰিব উগ্ৰপন্থী সংগঠনটোৱে । ইতিমধ্যে ইয়াৰ প্ৰস্তুতি চূড়ান্ত কৰা হৈছে ।

ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ অধ্যক্ষ ইতিকা ডিফুচা, সাধাৰণ সম্পাদক প্ৰীতমজিত জিদোং, মুখ্য সেনাধ্যক্ষ যুধিচান হাফলংবাৰৰ নেতৃত্বত শনিবাৰে খেপৰে খেলপথাৰত ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ সদস্য সকলে অস্ত্ৰ এৰি মূল সুঁতিলৈ উভতি আহিব । ডিমা হাছাও আৰক্ষীৰ বিশেষ শাখাৰ তত্বাৱধানত এই অস্ত্ৰ সম্পূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হ’ব ।

শনিবাৰে, ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ অস্ত্ৰ সম্বৰণ অনুষ্ঠানত উপস্থিত থকাৰ কথা আছে অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথ আৰু ৰাজ্য চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ ।

ইয়াৰ উপৰি এই অনুষ্ঠানত উপস্থিত থাকিব উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচা, জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক জয়ন্ত সিং। উল্লেখযোগ্য যে, যোৱা 7 ছেপ্টেম্বৰ ডিএনএলএ উগ্ৰপন্থী সংগঠনটোৱে চৰকাৰৰ লগত এক পক্ষীয় যুদ্ধ বিৰতি ঘোষণা কৰাৰ পিচতে 28 অক্টোবৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গুৱাহাটীত যুদ্ধ বিৰতি চুক্তিত স্বাক্ষৰ কৰিছিল ডিমাচা নেচনেল লিবাৰেচন আৰ্মীয়ে ।

লগতে পঢ়ক : অবৈধ বাংলাদেশীক জালি স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান; ডিব্ৰুগড়ত এজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.