ETV Bharat / state

Illegal encroachment: বেদখলকাৰীৰ কৱলত গাওঁ পঞ্চায়তৰ কাৰ্যালয়

author img

By

Published : Nov 13, 2021, 1:24 PM IST

Illegal encroachment
জোনাইৰ এটা গাওঁ পঞ্চায়তৰ কাৰ্যালয়ৰ ভূমিত অবৈধ বেদখল

জোনাইৰ চিমেন চাপৰি পুৰণা গাওঁ পঞ্চায়তত চলা অবৈধ নিৰ্মাণকাৰ্যৰ বিৰুদ্ধে সৰৱ একাংশ লোক । পঞ্চায়ত সভাপতিৰ নেতৃত্বত ছয়গৰাকী ব্যক্তিয়ে অবৈধভাৱে গৃহ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । বিষয়টোৰ তদন্তৰ দাবী জিলা উপায়ুক্তক ।

জোনাই, ১৩ নৱেম্বৰ : ধেমাজি জিলাৰ চিমেন চাপৰিত পুৰণা চিমেন চাপৰি গাওঁ পঞ্চায়তৰ কাৰ্যালয়ৰ চৌহদত অবৈধভাৱে চলিছে গৃহ নিৰ্মাণৰ কাম-কাজ । পঞ্চায়তৰ সভাপতিৰ (Panchayat President) বিৰুদ্ধে উঠিছে অবৈধ বেদখলৰ (Illegal encroachment) গুৰুতৰ অভিযোগ । অভিযোগ অনুসৰি, পুৰণা চিমেন চাপৰি গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ শৌচাগাৰ আৰু প্ৰস্বাৱগাৰ ভাঙি উক্ত অংশত চিমেন চাপৰি গাওঁ পঞ্চায়তৰ সভাপতিৰ ছত্ৰছায়াত চিমেন চাপৰিৰ সন্দিকৈ মিলন গাঁৱৰ কাৰ্তিক ফুকন, হেমন্ত গগৈ, মনৰঞ্জন গগৈ, লাচিত বৰুৱা,১ নং চিমেন চাপৰি গাঁৱৰ ৰাতুল দত্ত, দাধৰা মাধুৰী গাঁৱৰ স্বপন বৰাই চলাই গৈছে অবৈধভাৱে গৃহ নিৰ্মাণকাৰ্য ।

সম্পূৰ্ণ চৰকাৰী নীতি-নিৰ্দেশনাক আওকাণ কৰি চৰকাৰী ভূমিত ন্যস্তস্বাৰ্থ মহলে চলাই যোৱা অবৈধ নিৰ্মাণকাৰ্যৰ বিৰুদ্ধে উত্থাপিত হৈছে ৰাজহুৱা অভিযোগ । ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চিমেন চাপৰি উন্নয়ন সমিতিয়ে (Simen Chapori Development Committee) দাবী উত্থাপন কৰাৰ লগতে কেইবাজনো লোকে চিমেন চাপৰি আৰক্ষী (Simen Cahpari Police)ক বিষয়টো অৱগত কৰে ।

ইয়াৰোপৰি পুৰণা চিমেন চাপৰি গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ শৌচাগাৰ আৰু প্ৰস্বাৱগাৰ ভাঙি পেলোৱা সন্দৰ্ভত চিমেন চাপৰি উন্নয়ন সমিতিয়ে অভিযোগ পত্ৰ দাখিল কৰে ।

সমিতিৰ হৈ সম্পাদক জোনটি ৰাইদঙীয়া, বিষয়ববীয়া মলেন্দ্ৰ নাৰ্জাৰী, হেমন্ত গগৈ, দ্বীপেন বৰুৱা, সঞ্জীৱ গগৈসহ কেইবাজনো লোকৰ স্বাক্ষৰিত এখন অভিযোগ পত্ৰ ধেমাজি জিলা গ্ৰামোন্নয়ন অভিকৰণৰ মুখ্য কাৰ্য্যবাহী বিষয়াৰ ওচৰত দাখিল কৰে । লগতে চিমেন চাপৰি উন্নয়ন সমিতি আৰু স্থানীয় ৰাইজে বিষয়টো সন্দৰ্ভত উচিত তদন্ত কৰি বিহিত ব্যৱস্থা হাতত ল'বলৈ ধেমাজি জিলা উপায়ুক্তক (DC of Dhemaji) দাবী জনায় ।

লগতে পঢ়ক :Corruption : জোনাইত পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.