ETV Bharat / state

লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ চতুৰ্দশ বাৰ্ষিক অধিৱেশন

author img

By

Published : Nov 13, 2021, 12:48 PM IST

লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ চতুৰ্দশ বাৰ্ষিক অধিৱেশনখন হাৰমতী আঞ্চলিক ছাত্ৰ সন্থা আৰু হাৰমতীবাসী ৰাইজৰ সহযোগত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে হাৰমতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে ৷

14th-annual-session-of-lakhimpur-district-students-association
লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ চতুৰ্দশ বাৰ্ষিক অধিৱেশন

লখিমপুৰ , 13 নৱেম্বৰ : লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ চতুৰ্দশ বাৰ্ষিক অধিৱেশনখন বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে হাৰমতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে ৷ হাৰমতী আঞ্চলিক ছাত্ৰ সন্থা আৰু হাৰমতীবাসী ৰাইজৰ সহযোগত লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত উক্ত অধিৱেশনখন অনুষ্ঠিত কৰা হৈছে ৷

লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ চতুৰ্দশ বাৰ্ষিক অধিৱেশন

এই অধিৱেশনৰ দ্বিতীয় দিনা অৰ্থাৎ শুকুৰবাৰৰ পুৱা পতাকা উত্তোলনেৰে আৰম্ভণি কৰি ছহীদ তৰ্পন আদি কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ ইয়াৰ পাছতে লখিমপুৰ জিলাত কৃষি আৰু বাণিজ্যৰ সম্ভাৱনাক লৈ দুপৰীয়া এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় । লগতে বিয়লি এখন জিলা প্ৰতিনিধি সভা অনুষ্ঠিত হয় । উল্লেখনীয় যে, এই অধিৱেশনৰ সৈতে সংগতি ৰাখি গ্ৰন্থমেলা, বাণিজ্য মেলা আদিও অনুষ্ঠিত কৰা হৈছে ।

ইফালে শনিবাৰৰ শেষৰটো দিনত অনুষ্ঠিত কৰা হ'ব এখন সাংস্কৃতিক সমাৰোহ ৷ উক্ত সমাৰোহত সংগঠনটোৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ লগতে অংশ ল'ব বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় চৰিত্ৰ কেকে, মোহন আৰু বিউতি বাইলূঙে । ইয়াৰোপৰি নিশাৰ ভাগলৈ এক সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান অনুস্থিত হ'ব ৷ য'ত উপস্থিত থাকিব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ ৷ উক্ত অনুষ্ঠানটো সুকলমে চলাই নিবলৈ আয়োজক মণ্ডলীয়ে ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷

লগতে পঢ়ক : ডিব্ৰুগড়ত অনুষ্ঠিত হ'ল অসম শিক্ষক সন্থাৰ বাৰ্ষিক অধিৱেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.