ETV Bharat / city

Scam in Road consturciton : লাহোৱালত অভিযন্তা-ঠিকাদাৰক ঘেৰাও

author img

By

Published : Nov 24, 2021, 5:57 PM IST

ডিব্ৰুগড়ৰ লাহোৱালত নৱ নিৰ্মিত পথৰ দুৰাৱস্থা(pathetic condition of newly constructed road) ৷ নিৰ্মাণৰ পাছতে চপৰা চপৰে খহিবলৈ ধৰিছে ছয় কোটি টকীয়া পথ ৷ খোদ অভিযন্তাৰ সন্মুখতেই ৰাইজে উদঙালে ঠিকাদাৰৰ নগ্নস্বৰূপ ৷

locals-allege-corruption-in-road-building-projects
ডিব্ৰুগড়ৰ লাহোৱালত অভিযন্তা আৰু ঠিকাদাৰক ঘেৰাও স্থানীয় লোকৰ

মৰাণ, 24 নৱেম্বৰ : ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্নীতি আৰু লুণ্ঠন নিৰ্মূল কৰাৰ বাবে তৎপৰতা প্ৰদৰ্শন কৰা পাছতো বিভিন্ন খণ্ডত অব্যাহত আছে দুৰ্নীতি ৷ ডিব্ৰুগড়ত চৰকাৰী আঁচনি ৰূপায়ণত দেখিবলৈ পোৱা গৈছে ব্যাপক অনিয়ম আৰু দুৰ্নীতি (corruption in govt scheme at dibrugarh) । ডিব্ৰুগড় জিলাৰ জকাই চেঁচা ম’হমাৰীৰ পৰা ঢৰীয়াতলী আৰু টিমনা হৈ লাহোৱাল কলেজ সংযোগী পথচোৱা নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ (allegation of corruption against contractor)

ডিব্ৰুগড়ৰ লাহোৱালত অভিযন্তা আৰু ঠিকাদাৰক ঘেৰাও স্থানীয় লোকৰ

প্ৰায় ছয় কোটি টকা ব্যয়েৰে নিৰ্মাণ হোৱা পথচোৱা নিৰ্মাণৰ এদিনৰ পিছতেই চপৰা চপৰে খহিবলৈ ধৰিছে আলকাতৰাৰ প্ৰলেপ । জকাই ম'হমাৰী গাঁৱৰ লোকসকলে তিখেশ্বৰ বুঢ়াগোঁহাই নামৰ ঠিকাদাৰজনৰ অধীনত চলি থকা পথ নিৰ্মাণৰ কাম নিম্ন মানদণ্ডৰ হোৱাৰ বাবে বন্ধ কৰি ৰাখিছিল । কিন্তু কাম বন্ধ কৰাৰ পিছতো কেইজনমান ঠিকাদাৰে পথচোৱা নিৰ্মাণৰ কাম উপ-ঠিকাত লৈ একপ্ৰকাৰে লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । ইয়াৰ পাছতে ক্ষোভিত হৈ পৰিছে ৰাইজ ।

স্থানীয় ৰাইজে অৱশেষত অভিযন্তাৰ সন্মুখতেই উদঙালে ঠিকাদাৰৰ নগ্নস্বৰূপ । বিভাগীয় বিষয়া, অভিযন্তাৰ অৱহেলাৰ বাবে ঠিকাদাৰে এইদৰে লুন্ঠন চলাবলৈ সুযোগ পাইছে বুলি ক্ষোভ প্ৰকাশ কৰে ৰাইজে । বুধবাৰে লাহোৱালত ক্ষোভিত ৰাইজে ঘেৰাও কৰে অভিযন্তা আৰু ঠিকাদাৰক । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি পথটোৰ যিসমূহ আসোঁৱাহ আছে সেইসমূহ সমস্যা সমাধান নকৰা পৰ্যন্ত ঠিকাদাৰ পক্ষক কাম কৰাত বাধা আৰোপ কৰিব ।

লগতে পঢ়ক : শোচনীয় অৱস্থা অসম ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.