শোচনীয় অৱস্থা অসম ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ

author img

By

Published : Sep 3, 2021, 4:27 PM IST

NH condition

অসম ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই সমস্যাত পেলাইছে একাংশ লোকক । ৰাইজৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নাই চৰকাৰৰ । অতিশীঘ্ৰে পথ মেৰামতি কৰিবলৈ দাবী জনাইছে স্থানীয় লোকে ।

কৰিমগঞ্জ,৩ ছেপ্তেম্বৰ : যিকোনো মুহূৰ্তত চুবুৰীয়া ৰাজ্যেৰ সৈতে যোগাযোগ বন্ধ হ'ব পাৰে অসমৰ । অসম আৰু ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই এতিয়া জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ লোকক । মেৰামতিৰ অভাৱত পথত প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ সৃষ্টি হৈছে ।

প্ৰায় ১০ কিলোমিটাৰ পৰ্যন্ত পথটোৰ এতিয়া বিধস্ত ৰূপ । নিতৌ হাজাৰ হাজাৰ বাহন এই ভঙা ছিগা পথেৰে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ পৰা অহা যোৱা কৰে । বিধস্ত পথটোৰেই প্ৰতিদিনে বহু ৰোগী অসমলৈ আনিবলগীয়া হয় ।

স্থানীয় লোকে জনোৱা মতে মাকুন্দা খ্ৰীষ্টিয়ান লেপ্ৰ'চি এণ্ড জেনেৰেল হাস্পতাললৈ (Makunda Christian Leprosy and General Hospital) নিতৌ প্ৰসূতি ৰোগীক সেই পথেৰেই আনিবলগীয়া হয় । যাৰ বাবে এতিয়া তীব্ৰ যান্ত্ৰণা ভূগিছে অঞ্চলটোৰ লোকসকলে ।

শোচনীয় অৱস্থা অসম ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ

লক্ষণীয়ভাৱে এইবোৰ দেখিও কোনো ব্যৱস্থা লোৱা নাই পথ নিৰ্মাণকাৰী সংস্থা বিন্নী কনষ্ট্ৰাকশ্যন তথা সংশ্লিষ্ট বিভাগৰ । জানিব পৰা মতে যোৱা বছৰ কেন্দ্ৰৰ পৰা এই পথটোৰ মেৰামতিৰ নামত কেইবা কোটি টকা আৱন্টন দিয়া হৈছিল । কিন্তু পথ নিৰ্মাণকাৰী সংস্থাই নিজৰ মতেই কাম কৰি গৈছে ।

যাৰ বাবে এতিয়া হাটিখিৰাৰ পৰা চূড়াইবাৰী পৰ্যন্ত পথটোৰ দুৰৱস্থাই অসুবিধাত পেলাইছে সৰ্বসাধাৰণ ৰাইজক । আনকি পথটোৰ দুৰৱস্থা দেখিও কোনো প্ৰতিক্ৰিয়া নাই জনপ্ৰতিনিধিৰ । সেয়ে স্থানীয় ৰাইজে এই পথটো অতি শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক :জোনাইৰ কবু চাপৰিত বৰ্নাত্যৰ হাহাকাৰ অৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.