ETV Bharat / city

HSLCৰ ফলাফল: টিংখাঙত তীব্ৰ অসন্তুষ্টি শিক্ষাৰ্থী-অভিভাৱকৰ মাজত

author img

By

Published : Aug 4, 2021, 11:14 AM IST

HSLC EXAM RESULT
টিংখাঙত তীব্ৰ অসন্তুষ্টি শিক্ষাৰ্থী-অভিভাৱকৰ মাজত

বহু জল্পনা-কল্পনাৰ অন্তত 30 জুলাইত হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC EXAM RESULT)ৰ ফলাফল ঘোষণা কৰা হয় ৷ কিন্তু পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছৰে পৰা ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়াৰ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্ত সমান্তৰালকৈ টিংখাঙৰ নীলমণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ একাংশ অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ বিদ্যালয়ৰ বিভাগীয় কতৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৷

টিংখাং, 4 আগষ্ট : বিতৰ্কৰ আন এটা নাম হৈ পৰিছে এতিয়া ৰাজ্যৰ শিক্ষা বিভাগ ৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক কেন্দ্ৰ কৰি বিতৰ্কৰ মাজলৈ সোমাই পৰিছে অসম মাধ্যমিক শিক্ষা সংসদ ৷ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (HSLC EXAM RESULT)ক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

ৰাজ্যৰ আন কেইবাখনো জিলাৰ সমান্তৰালকৈ টিংখাঙতো অব্যাহত আছে শেহতীয়া ফলাফলত অনুত্তীৰ্ণ হোৱা একাংশ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ ক্ষোভ ৷ অভিযোগ অনুসৰি, টিংখাঙৰ নীলমণি উচ্চ মাধ্যমিক বিদ্যালয়ত ফলাফলত হৈছে বিসংগতি ৷ কিয়নো উত্তীৰ্ণৰ নম্বৰ পোৱাৰ পাচতো বিদ্যালয়ৰ 70 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত কেৱল 13 গৰাকী শিক্ষাৰ্থীয়েহে উত্তীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৷

বিদ্যালয়ৰ এই সিদ্ধান্ত কোনো পধ্যেই মানি ল’ব পৰা নাই অনুত্তীৰ্ণ শিক্ষাৰ্থী সকলে ৷

লগতে পঢ়ক: হোজাইত অব্যাহত HSLC ৰ ফলাফল বিতৰ্ক

টিংখাঙৰ নীলমণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অনুত্তীৰ্ণ শিক্ষাৰ্থী তথা অভিভাৱক সকলৰ অভিযোগ, সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ নামত সংঘটিত হৈছে দুৰ্নীতি ৷ অনুত্তীৰ্ণ শিক্ষাৰ্থী সকলে এই দুৰ্নীতি সংঘটিত কৰা বুলি দোষাৰোপ কৰিছে বিদ্যালয়ৰ কতৃপক্ষক ৷ এই ক্ষেত্ৰত ৰাজ্যৰ শিক্ষা বিভাগ তথা বিভাগীয় কতৃপক্ষক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় নীলমণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অনুত্তীৰ্ণ শিক্ষাৰ্থী তথা অভিভাৱক সকলে ৷

উল্লেখ্য যে, ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নকৰিলে শিক্ষা বিভাগে ৷ পৰীক্ষা অনুষ্ঠিত নহ'লেও মূল্যায়নৰ ওপৰত ভিত্তি কৰি ইতিমধ্যেই বিভাগে ঘোষণা কৰিছে ফলাফল ৷ ফলাফলৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ এই ঘটনাক কেন্দ্ৰ কৰি সচেতন মহলৰ মাজতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক: ধনৰ বিনিময়ত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল মূল্যাংকন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.