ETV Bharat / state

নগাঁৱত অব্যাহত আছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বিতৰ্ক

author img

By

Published : Aug 3, 2021, 10:12 PM IST

শিক্ষা বিভাগে শেহতীয়াকৈ ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বিতৰ্ক ৷ সমান্তৰালকৈ নগাঁৱত জিলাতো অব্যাহত আছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বিতৰ্ক ৷

hslc-result-controversy-continues-at-nagaon
নগাঁৱত অব্যাহত আছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বিতৰ্ক

নগাঁও, 3 আগষ্ট : ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নকৰিলে শিক্ষা বিভাগে ৷ পৰীক্ষা অনুষ্ঠিত নহ’লেও মূল্যায়নৰ ওপৰত ভিত্তি কৰি ইতিমধ্যেই বিভাগে ঘোষণা কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ৷ কিন্তু এই ফলাফলক লৈয়ে ৰাজ্যজুৰি সৃষ্টি হৈছে আন এক নতুন বিতৰ্কৰ ৷ এইবাৰ ছাত্ৰ-ছাত্ৰীসকলক উত্তীৰ্ণ কৰাৰ নামত একাংশ শিক্ষকৰ বিৰুদ্ধে উৎকোচ গ্ৰহণ কৰাৰ লগতে বিসংগতি কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

ৰাজ্যৰ আন কেইবাখনো জিলাৰ সমান্তৰালকৈ নগাঁৱতো অব্যাহত আছে শেহতীয়া ফলাফলত অনুত্তীৰ্ণ হোৱা একাংশ ছাত্ৰ-ছাত্ৰীৰ ক্ষোভ ৷ তেওঁলোকক অচিৰেই উত্তীৰ্ণ কৰোৱাৰ দাবীত অটল হৈ আছে নগাঁও চহৰৰ হয়বৰগাঁও আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকল ৷ উল্লেখ্য যে, এইবাৰ বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থী আছিল 71 গৰাকী ৷ ইয়াৰে 31 গৰাকী ছাত্ৰ-ছাত্ৰী অনুত্তীৰ্ণ হোৱাৰ বাবে বিদ্যালয়খনত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷

লক্ষণীয় যে, অনুত্তীৰ্ণ হোৱা একাংশ ছাত্ৰ-ছাত্ৰীয়ে এইবাৰৰ মূল্যায়নত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলিছে ৷

একাংশ অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে মঙলবাৰে বিদ্যালয়লৈ আহি তেওঁলোকক ফেইল কৰোৱাৰ বাবে প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ ওপৰত প্ৰচণ্ড ক্ষোভ উজাৰে ৷ এগৰাকী ছাত্ৰীয়ে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰা মতে, শিক্ষকৰ খেয়াল-খুঁচি মতে মাত্ৰ এক-দুই নম্বৰৰ বাবে ছাত্ৰ-ছাত্ৰীক ফেইল কৰোৱা হৈছে ৷

নগাঁৱত অব্যাহত আছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বিতৰ্ক

লগতে পঢ়কঃ সংৰক্ষণ হ’ব ভূপেনদাৰ গীত-মাতৰ লগতে বিভিন্ন সাংস্কৃতিক উপাদান

ইফালে আন একাংশ ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ কৰা মতে,প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে নিজৰ পছন্দ অনুযায়ী পঢ়া-শুনাত অতি পিছপৰা ছাত্ৰীকো পাছ কৰাই দিছে ৷ কিন্তু ইয়াৰ বিপৰীতে মনৰ ইচ্ছামতে একাংশ মেধাৱী ছাত্ৰ-ছাত্ৰীকো ফেইল কৰাই দিয়া হৈছে ৷ লগতে এই বিষয়ত প্ৰতিবাদ নকৰিবৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক ভয়-ভাবুকি দিয়াৰো অভিযোগ উঠিছে ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱা দিনৰ পৰাই আৰম্ভ হোৱা ফলাফল বিতৰ্ক আৰু কিমান দিনলৈ চলি থাকিব সেইয়া এই মুহুৰ্তত এক ডাঙৰ প্ৰশ্ন ৰূপে বিবেচিত হৈছে ৷

লগতে পঢ়কঃ লাভলীনাৰ জয়ৰ কামনাৰে সৰুপথাৰৰ বাৰখেলীয়া নামঘৰত নাম-প্ৰসংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.