HSLC ৰ ফলাফল: সিপৰিয়া হাইস্কুলত অভিভাৱকৰ প্ৰতিবাদ

By

Published : Aug 2, 2021, 6:24 PM IST

thumbnail

চতিয়াৰ সিপৰিয়া হাইস্কুলত সোমবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (HSLC EXAM RESULT)ক লৈ অসন্তুষ্ট অভিভাৱকৰ লগতে কেইবাটাও সংগঠনৰ নেতৃবৃন্দই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিদ্যালয়খনৰ কেইবাজনো মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ফলাফল অতি নিম্নমানৰ হোৱাত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী গৰাকীৰ প্ৰতি অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে ৷ অভিভাৱকসকলে মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীক পাবলগীয়া উপযুক্ত নম্বৰৰ পৰা বঞ্চিত কৰি ধনৰ বিনিময়ত কম মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীক বেছি নম্বৰ দিয়াৰ অভিযোগ কৰিছে । আনহাতে অভিভাৱকসকলৰ এই অভিযোগ খণ্ডন কৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰীগৰাকীয়ে । অভিভাৱকসকলৰ লগত সংখ্যালঘু সংগ্ৰাম পৰিষদ, নেমছু, আমছু আৰু স্থানীয় ৰাইজে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.