ETV Bharat / city

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 17, 2022, 5:10 PM IST

top-10-at-5pm
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

মুকলি আকাশৰ তললৈ ভিক্টৰ দাস

শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ভিক্টৰ দাসৰ জামিন মঞ্জুৰ কৰে (Victor Das got bail)। শনিবাৰে CJM আদালতত হাজিৰ কৰাৰ পাছতে ভিক্টৰক মুকলি কৰি দিয়া হয় । মুকলি আকাশৰ তললৈ আহিয়ে অসমবাসীক ধন্যবাদ জনালে ভিক্টৰ দাসে । সংবাদকৰ্মীকো ধন্যবাদ জনালে ভিক্টৰ দাসে ।

হিজাব পৰিধান নকৰাৰ অভিযোগ: আৰক্ষীৰ জিম্মাত মৃত্যু 22 বছৰীয়া যুৱতীৰ

ইৰাণ প্ৰশাসনৰ বৰ্বতাৰ বলি হৈ মৃত্যু ঘটে এগৰাকী যুৱতীৰ (youth girl died in Iran)৷ হিজাব পৰিধান কৰাৰ নিয়ম অনুসৰণ নকৰাৰ অভিযোগত কিছুদিনৰ পূৰ্বে তেহৰাণত মহছা আমিনী নামৰ এগৰাকী 22 বছৰীয়া যুৱতীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল (Mahsa Amini detained by police for not wearing Hijab)৷ ইয়াৰ পিছতে শনিবাৰে মহছাই আৰক্ষীৰ জিম্মাত ৰহস্যজনকভাৱে মৃত্যুক আকোৱালি লয় (Mahsa Amini died in polce custody)৷

পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত এগৰাকী ড্ৰাগ ইঞ্চপেক্টৰ

ৰাজ্যত ইটোৰ পিছত সিটোকৈ ঘোচখোৰ বিষয়া জালত পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ (Vigilance and Anti Corruption Assam) ৷ যোৰহাটত পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে হাতে-লোটে গ্ৰেপ্তাৰ কৰিলে এগৰাকী ঘোচখোৰ মহিলা বিষয়াক ৷

বাৰাণসীত মোদীৰ জন্মদিনত যুৱকসকলৰ টেটু অংকন

বহুতো যুৱকে তেওঁলোকৰ হাতত 'হেপ্পী বাৰ্থডে মোদী' (youth got modi tattoos on hand in varanasi) টেটু অংকন কৰে । সকলোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দীৰ্ঘ জীৱনৰ শুভেচ্ছা জনায় । ইটিভি ভাৰতৰ প্ৰতিনিধিয়ে উক্ত যুৱসকলৰ সৈতে বাৰ্তালাপ কৰে । তাত তেওঁলোকে কয় যে দেশৰ প্ৰধানমন্ত্ৰী বাৰাণসীৰ সাংসদ হোৱাটো আমাৰ বাবে সৌভাগ্যৰ বিষয় ।

BTRৰ বড়ো-অবড়ো গাঁৱৰ সমস্যাৰ সমাধান কেতিয়া ?

বি টি আৰৰ অবড়ো বসতিপূর্ণ গাঁৱৰ বিষয়টো এতিয়াও সীমা নিৰ্ধাৰণ আয়োগৰ আওতাত আছে (BTR Delimitation commission)। বি টি আৰৰ সীমা নিৰ্ধাৰণৰ বাবে ২০২০ চনৰ ছেপ্টেম্বৰত পি পি বাৰ্মাৰ অধ্যক্ষতাত আয়োগ গঠন কৰা হৈছিল । কিন্তু আয়োগৰ অধ্যক্ষ বাৰ্মাৰ মৃত্যুৰ পাছত সেই দায়িত্ব আশিস ভূটানীক দিয়া হয় । বি টি আৰৰ পৰা কোনকেইখন গাঁও কৰ্তন হ'ব বা কোনকেইখন গাঁও নতুনকৈ অন্তৰ্ভুক্ত হ'ব সেয়া আয়োগৰ প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিব ।

আই আই টি গুৱাহাটীত কেৰালাৰ ছাত্ৰৰ আত্মহনন

বিশ্বকৰ্মা পূজাৰ উখল মাখলৰ মাজতেই গুৱাহাটীৰ আই আই টিত ছাত্ৰ আত্মহনন কৰাৰ ঘটনা পোহৰলৈ আহিছে (IIT Guwahati suicide case) ৷ শুকুবাৰে নিশা নিজৰ কোঠাতেই চিপ লৈ আত্মহত্যা কৰে কেৰালাৰ এজন ছাত্ৰই(Student suicide case in IIT Guwahati)৷

চেঙাত ৭৫ লাখ ব্যয় সাপেক্ষ অমৃত সৰোবৰৰ খননকাৰ্যৰ শুভাৰম্ভ

প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন উপলক্ষ্যে বৰপেটাত ১৩ লাখ টকা ব্যয় সাপেক্ষে আৰম্ভ কৰা হ’ল অমৃত সৰোবৰৰ খননকাৰ্য (Amrit Sarovar in Barpeta) ৷ চেঙা উন্নয়ণ খণ্ডৰ অন্তৰ্গত ২৩নং নিজ চেঙা গাঁও পঞ্চায়ত, ২৪ নং চেঙা মুছলমানপাৰা গাঁও পঞ্চায়ত, নিজ বহৰি গাঁও পঞ্চায়ত আৰু বাটগাঁও পঞ্চায়তকে ধৰি পাঁচখনকৈ আঁচনিৰ শুভাৰম্ভ কৰা হয় ।

Ranvir Shorey father:ৰণবীৰ শোৰেৰ পিতৃ কৃষ্ণণ দেৱৰ মৃত্যু

ৰণবীৰ শোৰেৰ পিতৃ কৃষ্ণণ দেৱৰ 92 বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে ৷ অভিনেতা গৰাকীয়ে কয় যে শুকুৰবাৰে নিশা তেওঁৰ পিতৃৰ মৃত্যুৰ সময়ত হয় সমস্ত পৰিয়ালে আগুৰি আছিল তেওঁক (Ranvir Shorey news) ৷

Jacqueline Fernandez news:সুকেশ চন্দ্ৰশেখৰক সপোনৰ ৰাজকোঁৱৰ সজাইছিল জেকলিনে

জেকলিনে প্ৰকাশ কৰিছে যে সুকেশ আছিল তেওঁৰ সপোনৰ ৰাজকুমাৰ আৰু তেওঁ সুকেশৰ সৈতে বিয়াত বহিব বিচাৰিছিল (Jacqueline and Sukesh) ।

নলবাৰীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অমৃত সৰোবৰ আঁচনি উদ্বোধন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আজি অসমত মুকলি হ'ল অভিলাষী অমৃত সৰোবৰ আঁচনি । নলবাৰীত অমৃত সৰোবৰ আঁচনি মুকলি কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Chandra Mohan patowary inaugurated Amrit Sarobar Project in Nalbari) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.