ETV Bharat / entertainment

Ranvir Shorey father:ৰণবীৰ শোৰেৰ পিতৃ কৃষ্ণণ দেৱৰ মৃত্যু

author img

By

Published : Sep 17, 2022, 4:54 PM IST

Ranvir Shorey
কৃষ্ণণ দেৱৰ মৃত্যু

ৰণবীৰ শোৰেৰ পিতৃ কৃষ্ণণ দেৱৰ 92 বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে ৷ অভিনেতা গৰাকীয়ে কয় যে শুকুৰবাৰে নিশা তেওঁৰ পিতৃৰ মৃত্যুৰ সময়ত হয় সমস্ত পৰিয়ালে আগুৰি আছিল তেওঁক (Ranvir Shorey news) ৷

চিটাৰা ডেস্ক, 17 ছেপ্টেম্বৰ : অভিনেতা ৰণবীৰ শোৰেই শনিবাৰে অনুৰাগী সকলৰ সৈতে শ্বেয়াৰ কৰে এক দুখজনক খবৰ ৷ তেওঁ কয় যে তেওঁৰ পিতৃ কৃষ্ণণ দেৱৰ 92 বছৰ বয়সত মৃত্যু হৈছে ।খোছলা কা ঘোছলা, ট্ৰেফিক চিগনেল, ভেজা ফ্ৰাই, লুটকেছ আদি চিনেমাৰ বাবে পৰিচিত শোৰেয়ে ইনষ্টাগ্ৰামত এটা পোষ্ট দি এই খবৰটো শ্বেয়াৰ কৰিছে ।

শুকুৰবাৰে নিশা তেওঁৰ পিতৃৰ মৃত্যু ঘটে বুলি অভিনেতাগৰাকীয়ে জানিবলৈ দিয়ে ৷ তেওঁ উল্লেখ কৰে যে মৃত্যুৰ সময়ত পিতৃক তেওঁৰ সন্তান আৰু নাতি-নাতিনীয়ে আগুৰি ৰাখিছিল । তেওঁ লিখিছিল এইদৰে, "মোৰ মৰমৰ পিতৃ কৃষ্ণণ দেৱ শোৰেই যোৱা নিশা 92 বছৰ বয়সত শান্তিৰে শেষ নিশ্বাস ত্যাগ কৰে ৷ মই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰেৰণা আৰু সুৰক্ষাৰ উৎস হেৰুৱাই পেলাইছো" ৷

50 বছৰীয়া অভিনেতাগৰাকীয়ে লিখিছে, "তেওঁ এৰি থৈ গৈছে বহুতো স্মৃতি আৰু প্ৰশংসক" ৷ শোৰেৰ বন্ধু-বান্ধৱী আৰু চলচ্চিত্ৰ জগতৰ সহকৰ্মীসকলে তেওঁৰ পিতৃৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । চলচ্চিত্ৰ নিৰ্মাতা অভিষেক কাপুৰে লিখিছে, "Deepest condolences brother," আনহাতে দিব্যা দত্তই লিখিছে, "আন্তৰিক সমবেদনা"।

লগতে পঢ়ক : Jacqueline Fernandez news:সুকেশ চন্দ্ৰশেখৰক সপোনৰ ৰাজকোঁৱৰ সজাইছিল জেকলিনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.