নলবাৰীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অমৃত সৰোবৰ আঁচনি উদ্বোধন

author img

By

Published : Sep 17, 2022, 3:58 PM IST

Updated : Sep 17, 2022, 6:03 PM IST

nalbari

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আজি অসমত মুকলি হ'ল অভিলাষী অমৃত সৰোবৰ আঁচনি । নলবাৰীত অমৃত সৰোবৰ আঁচনি মুকলি কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Chandra Mohan patowary inaugurated Amrit Sarobar Project in Nalbari) ।

নলবাৰী, ১৭ ছেপ্টেম্বৰ : নলবাৰীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন (PM Narendra Modi birthday) উপলক্ষে মুকলি কৰে অভিলাষী অমৃত সৰোবৰ আঁচনি (Amrti Sarobar Project inaugurated in Nalbari) । জিলাখনত মুঠ ৭৮ টাকৈ অমৃত পুখুৰীৰে অমৃত সৰোবৰ আঁচনিৰ উদ্বোধন কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

আজি জিলাখনৰ তিনিটাকৈ বিধানসভা সমষ্টিত তিনিটা অমৃত পুখুৰী খান্দি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক জন্মদিনৰ ওলগ জনায় । আনহাতে, জয়ামালা সন্দৰ্ভত (Jaymala issue in Tamilnadu) মন্ত্ৰী পাটোৱাৰীয়ে কয় যে অসমৰ পৰা তামিলনাডুলৈ জয়ামলাৰ খবৰ ল'বলৈ যোৱা বন বিভাগ আৰু স্বাস্থ্য বিভাগলৈ তামিলনাডু চৰকাৰৰ লগতে ট্ৰাষ্ট কমিটীয়ে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই ।

নলবাৰীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অমৃত সৰোবৰ আঁচনি উদ্বোধন

যাৰ বাবে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত অভিযোগ দাখিল কৰা বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । উচ্চতম ন্যায়ালয়ে অনুমতি দিলে জয়ামালাৰ খবৰ ল'বলৈ প্ৰতি তিনিমাহে তিনিমাহে অসমৰ পৰা দল গৈ থাকিব বুলি আশ্বাস দিয়ে । লগতে জয়ামালা অসুস্থ হ'লেহে অসমলৈ ঘূৰাই অনাৰ বাবে চেষ্টা কৰিব বুলি মন্তব্য কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

উল্লেখ্য, প্ৰধানমন্ত্ৰী মোডীয়ে ৭০ বছৰৰ পিছত আজি দেশক এটা ডাঙৰ উপহাৰ দিয়ে (PM Modi birthday) । চিতাবাঘ আজিৰে পৰা দেশলৈ উভতি আহিছে । বিদেশৰ অতিথিকেইটাই আজি পুৱা দুখন হেলিকপ্টাৰত মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰৰ পালপুৰত অৱতৰণ কৰে (Cheetah released in Kuno National Park MP) । বিলুপ্ত ঘোষণা কৰাৰ সাত দশক পিছত (Cheetah declared extinct in India) ভাৰতত চিতাৰ পুনৰ এক বিশেষ পৰিচয় পৰিকল্পনাৰ অধীনত এখন বিশেষ বিমানেৰে নামিবিয়াৰ পৰা আহি গোৱালিয়ৰত উপস্থিত হয় ।

কুনো ৰাষ্ট্ৰীয় উদ্যানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ জন্মদিন উপলক্ষে চিতাকেইটা দেশক হস্তান্তৰ কৰে আৰু নিজেও ফটোগ্ৰাফী কৰে । নামিবিয়াৰ পৰা গোৱালিয়ৰলৈ যাত্ৰাৰ সময়ত চিতাকেইটা খাদ্য অবিহনেই আহিছিল। বনাঞ্চলত এৰি দিয়াৰ পিছত সিহঁতক খাবলৈ দিয়া হ'ব । প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ এখন মঞ্চৰ পৰা এটা বিশেষ পিঞ্জৰাৰ পৰা লিভাৰ দাঙি সিহঁতক মুকলি কৰি দিয়ে । প্ৰধানমন্ত্ৰীয়ে প্ৰথমতে এটা এটাকৈ ২ টা চিতা মুকলি কৰি দিয়ে । তাৰ পিছত আন গণ্যমান্য ব্যক্তিসকলে বাকী থকা চিতাকেইটা অন্য অঞ্চলত মুকলি কৰে ।

লগতে পঢ়ক :মুকলি আকাশৰ তললৈ ভিক্টৰ দাস

Last Updated :Sep 17, 2022, 6:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.