চেঙাত ৭৫ লাখ ব্যয় সাপেক্ষ অমৃত সৰোবৰৰ খননকাৰ্যৰ শুভাৰম্ভ

author img

By

Published : Sep 17, 2022, 4:47 PM IST

৭৫ লাখ টকা ব্যয় সাপেক্ষ অমৃত সৰোবৰৰ খননকাৰ্যৰ শুভাৰম্ভ

প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন উপলক্ষ্যে বৰপেটাত ১৩ লাখ টকা ব্যয় সাপেক্ষে আৰম্ভ কৰা হ’ল অমৃত সৰোবৰৰ খননকাৰ্য (Amrit Sarovar in Barpeta) ৷ চেঙা উন্নয়ণ খণ্ডৰ অন্তৰ্গত ২৩নং নিজ চেঙা গাঁও পঞ্চায়ত, ২৪ নং চেঙা মুছলমানপাৰা গাঁও পঞ্চায়ত, নিজ বহৰি গাঁও পঞ্চায়ত আৰু বাটগাঁও পঞ্চায়তকে ধৰি পাঁচখনকৈ আঁচনিৰ শুভাৰম্ভ কৰা হয় ।

বৰপেটা, ১৭ ছেপ্টেম্বৰ: প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন উপলক্ষে বিশেষ পদক্ষেপ প্ৰতিখন পঞ্চায়তত । বৰপেটা জিলাৰ চেঙা উন্নয়ণ খণ্ডৰ অন্তৰ্গত ২৩নং নিজ চেঙা গাঁও পঞ্চায়ত, ২৪ নং চেঙা মুছলমান পৰা গাঁও পঞ্চায়ত, নিজ বহৰি গাঁও পঞ্চায়ত আৰু বাটগাঁও পঞ্চায়তকে ধৰি পাঁচখনকৈ আঁচনিৰ শুভাৰম্ভ কৰা হয় (Amrit Sarovar in Barpeta)।

৭৫ লাখ টকা ব্যয় সাপেক্ষ অমৃত সৰোবৰৰ খননকাৰ্যৰ শুভাৰম্ভ

আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানটোৰ সভাখন সভাপতিত্ব কৰে ২৪ নং চেঙা মুছলমান পৰা গাঁও পঞ্চায়ৰ সভাপতি মিৰ্জানুৰ ৰহমানে ৷ উক্ত সভাখনত এটি সম্বৰ্ধনা অনুষ্ঠানো অনুষ্ঠিত কৰা হয় । উল্লেখ্য ২৪ নং চেঙা মুছলমান পৰা গাঁও পঞ্চায়তৰ অধীনত ১৩ লাখ টকা ব্যয় সাপেক্ষ Fishery Tank At Musti Sawalkhadimi Phond Socicty Chenga নামৰ এখন আঁচনিৰ শুভাৰম্ভ কৰে চেঙা মুছলমান পৰা গাঁও পঞ্চায়ৰ সভাপতি মিৰ্জানুৰ ৰহমানে ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে চেঙা উন্নয়ন খণ্ডৰ(Chenga development Block in Barpeta) খণ্ড উন্নয়ন বিষয়া লাচিত দাস, মুখ্য অভিযন্তা মজিবৰ ৰহমান, পঞ্চায়ত সচিব জাহিদুল ইছলাম আৰু দিলোৱাৰ হুছেইনৰ উপৰিও ভালেকেইজন ব্যক্তিৰ উপস্থিতিত আঁচনিৰ শুভাৰম্ভ কৰা হয় । খণ্ড উন্নয়ন বিষয়া লাচিত দাসে ভাষণ প্ৰসংগত কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ(Birthday of PM Modi) লগত সংগতি ৰাখি শুভাৰম্ভ কৰা আঁচনিৰ পৰা এই অঞ্চলৰ ৰাইজ যথেষ্ট পৰিমাণে উপকৃত হ'ব ।

আনহাতে চেঙা উন্নয়ন খণ্ডৰ অধীনত ২৪ নং চেঙা মুছলমান পৰা গাঁও পঞ্চায়ৰ অন্তৰ্গত মুস্তিচাউলখাদীমি ফণ্ড চোছাইটিৰ সম্পাদক পজিৰ আলীয়ে চৰকাৰ আৰু জিলা গ্ৰামোন্নয়ন বিভাগক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক: PM Modi birthday: মোডীক জাতিটোৰ শক্তিশালী স্তম্ভ হিচাপে অভিহিত কৰিলে কৰণ জোহৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.