মুকলি আকাশৰ তললৈ ভিক্টৰ দাস

author img

By

Published : Sep 17, 2022, 2:30 PM IST

Updated : Sep 17, 2022, 4:14 PM IST

মুকলি আকাশৰ তললৈ ভিক্টৰ দাস

শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ভিক্টৰ দাসৰ জামিন মঞ্জুৰ কৰে (Victor Das got bail)। শনিবাৰে CJM আদালতত হাজিৰ কৰাৰ পাছতে ভিক্টৰক মুকলি কৰি দিয়া হয় । মুকলি আকাশৰ তললৈ আহিয়ে অসমবাসীক ধন্যবাদ জনালে ভিক্টৰ দাসে । সংবাদকৰ্মীকো ধন্যবাদ জনালে ভিক্টৰ দাসে ।

গুৱাহাটী,১৭ ছেপ্টেম্বৰ : অৱশেষত মুকলি আকাশৰ তললৈ আহিল ভিক্টৰ দাস । গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে ভিক্টৰ দাসৰ জামিন মঞ্জুৰ কৰিছিল (Victor Das got bail)। কিন্তু জামিন পোৱাৰ পাছতো শুকুৰবাৰে মুকলি আকাশৰ তললৈ নাহিল শিক্ষক ভিক্টৰ দাস । আদালতৰ যাৱতীয় কাম সম্পূৰ্ণ নোহোৱাৰ বাবে থানাতে থাকিবলগীয়া হ’ল ভিক্টৰ ।

শনিবাৰে CJM আদালতত হাজিৰ কৰাৰ পাছতে ভিক্টৰক মুকলি কৰি দিয়া হয় । ৭ দিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত অৱশেষত মুকলি আকাশৰ তললৈ আহে ভিক্টৰ দাস ।

মুকলি আকাশৰ তললৈ ভিক্টৰ দাস

ইফালে মুকলি আকাশৰ তললৈ আহিয়ে অসমবাসীক ধন্যবাদ জনালে ভিক্টৰ দাসে । সমান্তৰালকৈ সংবাদকৰ্মীসকলকো ধন্যবাদ জনালে ভিক্টৰ দাসে । আদালতৰ পৰা পোনে পোনে বাসগৃহলৈ ৰাওনা হয় ভিক্টৰ দাস । ভিক্টৰ দাসক সংগ দিলে মাতৃ জুৰিমণি দাস আৰু তেওঁৰ মোমায়েকে ।

উল্লেখ্য যে আৰক্ষীৰ এজাহাৰত আদালতে কোনো তথ্য বিচাৰি নোপাৱাৰ ফলতে আদালতে মঞ্জুৰ কৰে অভিযোগ দিবলৈ গৈ অভিযুক্ত হোৱা ভিক্টৰ দাসৰ জামিন আবেদন ৷ আনহাতে ৬ দিনীয়া জেৰাতো আৰক্ষীয়ে কোনো তথ্য বিচাৰি নাপালে ভিক্টৰৰ পৰা (Victor das in police custody)। ইফালে ভিক্টৰ দাসৰ বিৰুদ্ধে আৰক্ষীয়ে আৰোপ কৰা ৬ টা ধাৰাই ভিত্তিহীন বুলি শুকুৰবাৰে মন্তব্য কৰিছিল ভিক্টৰ দাসৰ অধিবক্তা অংশুমান বৰাই (Advocate of Victor das) ।

অধিবক্তাৰ যুক্তি শুনাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে ভিক্টৰ দাসৰ জামিন আবেদন । উল্লেখ্য যে ভিক্টৰ দাসৰ মন্তব্যই সমাজত দুটা ফৈদৰ সৃষ্টি কৰিব বুলি চৰকাৰী অধিবক্তাই প্ৰদৰ্শন কৰা যুক্তি ন্যায়ালয়ে নাকচ কৰে ।

অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ক্ষেত্ৰত ধনৰ লেন-দেন হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাসে (Assam recruitment scam allegation)৷ ভিক্টৰৰ এই অভিযোগৰ পাছতেই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ ইয়াৰ পাছতে অসম আৰক্ষীয়ে ভিক্টৰ দাসক সোধা-পোছা কৰাৰ অন্তত ৬ টাকৈ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল ৷

লগতে পঢ়ক:বোকাখাতত ৰাইজৰ মাৰপিটত আহত অতিৰিক্ত দণ্ডাধীশ

Last Updated :Sep 17, 2022, 4:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.