হিজাব পৰিধান নকৰাৰ অভিযোগ: আৰক্ষীৰ জিম্মাত মৃত্যু 22 বছৰীয়া যুৱতীৰ

author img

By

Published : Sep 17, 2022, 4:24 PM IST

iran-22-year-old-mahsa-amini-dies-after-being-detained-by-police-for-not-wearing-hijab

ইৰাণ প্ৰশাসনৰ বৰ্বতাৰ বলি হৈ মৃত্যু ঘটে এগৰাকী যুৱতীৰ (youth girl died in Iran)৷ হিজাব পৰিধান কৰাৰ নিয়ম অনুসৰণ নকৰাৰ অভিযোগত কিছুদিনৰ পূৰ্বে তেহৰাণত মহছা আমিনী নামৰ এগৰাকী 22 বছৰীয়া যুৱতীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল (Mahsa Amini detained by police for not wearing Hijab)৷ ইয়াৰ পিছতে শনিবাৰে মহছাই আৰক্ষীৰ জিম্মাত ৰহস্যজনকভাৱে মৃত্যুক আকোৱালি লয় (Mahsa Amini died in polce custody)৷

নেশ্যনেল ডেস্ক, 17 ছেপ্টেম্বৰ: বিশ্বজুৰি তোলপাৰ লগোৱা হিজাব বিতৰ্ক এতিয়াও নাইকীয়া হোৱা নাই (Hijab controversy in World)৷ ইৰাণৰ তেহৰাণত হিজাব বিতৰ্কই লৈছে চূড়ান্ত ৰূপ(Hijab controversy in Iran)৷ ইৰাণ প্ৰশাসনৰ বৰ্বৰতাৰ বলি হৈ মৃত্যুক সাৱটি ল'লে এগৰাকী যুৱতীয়ে (youth girl died in Iran)৷

হিজাব পৰিধান কৰাৰ নিয়ম অনুসৰণ নকৰাৰ অভিযোগত কিছুদিনৰ পূৰ্বে তেহৰাণত মহছা আমিনী নামৰ এগৰাকী 22 বছৰীয়া যুৱতীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল (Mahsa Amini detained by police for not wearing Hijab)৷ ইয়াৰ পিছতে শনিবাৰে মহছাই আৰক্ষীৰ জিম্মাত ৰহস্যজনকভাৱে মৃত্যুক আকোৱালি লয় (Mahsa Amini died in polce custody)৷

  • Molla rejimi demek cinayet demek.

    22 yaşında hayatının baharında olan #Mahsa_Amini, İran’da ahlak polisi tarafından sırf başörtüsünden saçının telleri gözüküyor diye feci şekilde dövüldü.

    Komaya giren Mahsa, bugün hayatını kaybetti. pic.twitter.com/pdxf1DERDR

    — Masih Alinejad 🏳️ (@AlinejadMasih) September 16, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

মঙলবাৰে মহছাক আৰক্ষীয়ে বাহনৰ ভিতৰত প্ৰহাৰ কৰাৰ ঘটনাও পোহৰলৈ আহিছিল ৷ কিন্তু এই কথা মিছা বুলি আৰক্ষীয়ে নস্যাৎ কৰিছিল ৷ আৰক্ষীয়ে এই অভিযোগ নস্যাৎ কৰি কয় যে মহছা হঠাৎ হৃদৰোগত আক্ৰান্ত হৈছিল ৷

ইফালে এই সন্দৰ্ভত মহছাৰ পৰিয়ালে কয় যে তেওঁ এগৰাকী স্বাস্থ্যৱান যুৱতী আছিল ৷ তেওঁৰ এনে কোনো ৰোগ নাছিল যে যাৰ ফলত তেওঁৰ হঠাৎ হৃদৰোগত আক্ৰান্ত হ’ব ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱাৰ কেইঘণ্টামান পিছত মহছাক চিকিৎসালয়লৈ লৈ গৈছিল ৷

আমিনীৰ অকাল মৃত্যুক সহজভাৱে মানি লব পৰা নাই তেওঁৰ পৰিয়ালে ৷ এই ঘটনাই ইৰাণী প্ৰশাসনৰ দমনমূলক শাসনৰ ইংগিত বহন কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ৷ শেহতীয়াকৈ ইৰাণত কিছু মহিলাক হিজাব পৰিধান নকৰাৰ বাবে চৰকাৰী কাৰ্যালয় আৰু বেংকত প্ৰৱেশ কৰিবলৈ বাধা দিয়াৰ বাতৰিও প্ৰচাৰ হৈছিল ৷

উল্লেখ্য যে ইৰাণত কিছু মহিলাক জোৰ জবৰদস্তি হিজাব পৰিধান কৰিবলৈ মাতি নিয়াৰ লগতে আৰক্ষীয়ে আটক কৰাৰ বহু ভিডিঅ’ ই সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে ৷ বহুতো ইৰাণীয়ে নাৰীৰ ওপৰত হোৱা এই বৰ্বৰ নিৰ্যাতনৰ বাবে নেতা আলী খামেনিক পোনপটীয়াকৈ দোষাৰোপ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ নেতা আলী খামিনে এটা পুৰণি ভাষণত ইছলামিক শাসনৰ অধীনত ইছলামিক পোছাক বিধি অনুসৰণ কৰিবলৈ মহিলাসকলক বাধ্য কৰিছিল ৷

লগতে পঢ়ক: জলবায়ু পৰিবৰ্তনৰ নেতিবাচক প্ৰভাৱ: শীৰ্ষত আছে কৰিমগঞ্জ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.