ETV Bharat / bharat

skeleton donation at Kolkata: কলকাতাত কংকাল দান

author img

By

Published : Jul 13, 2022, 2:27 PM IST

মগজুৰ মৃত্যুৰ পিছত অংগ দান স্বাভাৱিক বিষয় হিচাপে গন্য় কৰা হয় । পিছে এইবাৰ কলকাতাত কংকাল দান কৰাৰ বিষয়টোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। কলকাতাৰ আৰজি কাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এটা কংকাল দান কৰা বুলি সদৰি কৰিছে চিকিৎসালয়ৰ সূত্ৰই (skeleton donated at RG Kar Medical College and Hospital in Kolkata)।

kolkata
skeleton donation at Kolkata: কলকাতাত কংকাল দান

নেচনেল ডেক্স,১৩ জুলাই: মগজুৰ মৃত্যুৰ পিছত অংগ দান স্বাভাৱিক বিষয় হিচাপে গন্য় কৰা হয় । পিছে এইবাৰ কলকাতাত কংকাল দান কৰাৰ বিষয়টোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । সোমবাৰে কলকাতাৰ আৰজি কাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এটা কংকাল দান কৰা বুলি জানিব পৰা গৈছে (skeleton donated at RG Kar Medical College and Hospital in Kolkata )। পশ্চিম বংগত প্ৰথমবাৰৰ বাবে এনে ঘটনা সংঘটিত হয় ৷ আৰজি কাৰ চিকিৎসালয়ৰ সূত্ৰ অনুসৰি ৰমেশ ভক্তৰ পত্নী মঞ্জুবালা ভক্তক (৫৮) ২ জুলাইত হঠাতে অচেতন হোৱাত হাব্ৰা ৰাজ্যিক সাধাৰণ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ তেওঁৰ অৱস্থাৰ কোনো উন্নতি নোহোৱাত মঞ্জুবালাক পিছত ছল্ট লেকৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয়(later shifted to a private hospital in Salt Lake)৷ যোৱা 8 জুলাইত মহিলাগৰাকীৰ মগজুৰ মৃত্যু হোৱা বুলি চিকিৎসকে ৰমেশ ভক্তক অৱগত কৰে ।

উল্লেখ্য় যে দম্পতীহালে ১৯৯৪ চনত তেওঁলোকৰ মৃতদেহ দান কৰাৰ প্ৰতিশ্ৰুতি দিছিল । সেইবাবে ৰমেশ ভক্তই কল্যাণসংস্থা গণদৰ্পনৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰে (welfare organisation Ganadarpan of Kolkata)। এই সংগঠনটোৱে সহায় কৰি যোৱা ১০ জুলাইত মঞ্জুবালাৰ যকৃত বৃক্ক, হৃদযন্ত্ৰ, কৰ্ণিয়া আৰু ছাল এছএছকেএম চিকিৎসালয়লৈ দান কৰে । তাৰ পিছত কংকালটো আৰজি কাৰ চিকিৎসালয়লৈ দান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।' আমি সদায় আমাৰ শৰীৰ দান কৰিব বিচাৰিছিলো । তেওঁৰ ইচ্ছা অনুসৰি কাম কৰিছো । মই এই কংকালটো দান কৰিছিলো যাতে ভৱিষ্যতৰ চিকিৎসা বিদ্যাৰ্থীসকলক তেওঁলোকৰ পঢ়াশুনাত সহায় কৰা হয় ।' ৰমেশ ভক্তই এইদৰে কয় । আনহাতে, গণদৰ্পনৰ সদস্য শ্যামল চট্টোপাধ্যায়ে কয়, 'সুকুমাৰ হোম চৌধুৰীয়ে তেওঁৰ মৃত্যুৰ পিছত প্ৰথমে শৰীৰ দান কৰিছিল । অংগ দানৰ পিছত এতিয়া কংকাল দান এক উদাহৰণ হৈছে।'

লগতে পঢ়ক:etv comment image Thumbnail image PRESIDENTIAL ELECTION 2022 : এনডিএ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক সমৰ্থন কৰিব উদ্ধৱ থাকৰেয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.