ETV Bharat / bharat

PRESIDENTIAL ELECTION 2022 : এনডিএ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক সমৰ্থন কৰিব উদ্ধৱ থাকৰেয়ে

author img

By

Published : Jul 12, 2022, 5:37 PM IST

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে পুনৰ চৰ্চালৈ আহিছে শিৱসেনাৰ উদ্ধৱ থাকৰে শিবিৰ (Uddhav Thackeray came in limelight before presidential election) । শিৱসেনাৰ উদ্ধৱ থাকৰে গোটে আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত এনডিএৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক সমৰ্থনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Shiv Sena supporting Presidential candidate Draupadi Murmu) । কিন্তু বিৰোধী জোঁটৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহা থকা সত্ত্বেও বিজেপিবিৰোধী সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে গোটে দ্ৰৌপদী মুৰ্মুক কিয় সমৰ্থনৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ?

a
a

নিউজ ডেস্ক, ১২ জুলাই : ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে পুনৰ চৰ্চালৈ আহিছে শিৱসেনাৰ উদ্ধৱ থাকৰে শিবিৰ (Uddhav Thackeray came in limelight before presidential election) । শিৱসেনাৰ উদ্ধৱ থাকৰে গোটে আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত এনডিএৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক সমৰ্থনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Shiv Sena supporting Presidential candidate Draupadi Murmu) । কিন্তু বিৰোধী জোঁটৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহা থকা সত্ত্বেও বিজেপিবিৰোধী সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে গোটে দ্ৰৌপদী মুৰ্মুক কিয় সমৰ্থনৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ?

এইমুহূৰ্তত সেইটো এক ডাঙৰ প্ৰশ্ন ৰাজনৈতিক বিশ্লেষকসকলৰ বাবে । উদ্ধৱ থাকৰেৰ গোটৰ অন্যান্য বিধায়ক তথা সাংসদসকলে এই সিদ্ধান্ত ল'বলৈ উদ্ধব থাকৰেৰ ওপৰত চাপৰ সৃষ্টি কৰিছে নেকি সেয়াও চৰ্চিত হৈছে । তেনে সময়তে শিৱসেনাৰ অন্যতম নেতা সঞ্জয় ৰাউতে এই সন্দৰ্ভত স্পষ্টীকৰণ আগবঢ়াইছে ।

শিৱসেনাৰ নেতা তথা সাংসদ সঞ্জয় ৰাউতে কয় যে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক সমৰ্থন কৰাৰ অৰ্থ বিজেপিক সমৰ্থন কৰা নহয় (Sanjay Raut speech about supporting Draupadi Murmu) । তেওঁ কয় যে দলৰ মুৰব্বী উদ্ধৱ থাকৰেয়ে সাংসদসকলৰ সমৰ্থন পোৱাৰ পিছত এই সিদ্ধান্ত লৈছে । তেওঁ সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে । উল্লেখ্য, দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচন অহা ১৮ জুলাইত অনুষ্ঠিত হ'ব (Presidential election held on 18 July)।

আনহাতে, উদ্ধৱ থাকৰেয়ে মাতোশ্ৰীত অনুষ্ঠিত সাংসদসকলৰ বৈঠক আধাতে এৰি অহা বুলি ওলোৱা খবৰৰো খণ্ডন কৰিছে সঞ্জয় ৰাউতে । এই সন্দৰ্ভত তেওঁ কয় যে মাতোশ্ৰীত অনুষ্ঠিত সাংসদসকলৰ বৈঠক এৰি যোৱা সন্দৰ্ভত আলোচনাটো ভুল । তেওঁ এইটোও কয় যে উদ্ধৱ থাকৰেৰ ওপৰত কোনো চাপ নাছিল ।

শিৱসেনাৰ সাংসদসকলে আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপি প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ সমৰ্থন দাবী কৰে (Shiv Sena MPs demanding support of BJP candidate Draupadi Murmu) । সাংসদসকলে থাকৰেৰ ওপৰত চাপ বৃদ্ধি কৰে । এইটোও আলোচনা কৰা হয় যে শিৱসেনাৰ ১৯ জন সাংসদৰ ভিতৰত ১৪ জনে লোকসভাত এটা স্বতন্ত্ৰ গোটৰ দাবী জনাইছে । এতিয়া যদি বিধায়কসকলৰ বিদ্ৰোহৰ পিছত সাংসদসকলেও বিদ্ৰোহ কৰে, তেন্তে দলৰ মুৰব্বী উদ্ধৱ থাকৰেয়ে এক কঠিন যুঁজত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য, উদ্ধৱ থাকৰেৰ নেতৃত্বত মাতোশ্ৰীত সকলো সাংসদৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় (important meeting of all Shiv Sena MPs on Matoshree) । উক্ত বৈঠকত শিৱসেনাক লোকচানৰ পৰা ৰক্ষা কৰিবলৈয়ে উদ্ধৱ থাকৰেয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এক সমৰ্থন কৰাৰ সিদ্ধান্ত লোৱা বুলি অনুমান কৰা হৈছে ।

আনহাতে, পালঘৰ শিৱসেনাৰ সাংসদ ৰাজেন্দ্ৰ গাভিটে দ্ৰৌপদী মুৰ্মুক সমৰ্থন কৰিবলৈ শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেক এখন পত্ৰ প্ৰদান কৰে । শিৱসেনাৰ সাংসদ ৰাজেন্দ্ৰ গাভিটে প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেলৈ লিখা পত্ৰখনত লিখিছে যে প্ৰয়াত শিৱসেনাৰ মুৰব্বী বালাচাহেব থাকৰেয়ে মহাৰাষ্ট্ৰত তেতিয়াৰ ইউ পি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আৰু প্ৰথম মাৰাঠীভাষী প্ৰতিভা পাটিলৰ লগতে প্ৰণৱ মুখাৰ্জী, দেশৰ দুয়োগৰাকী ৰাষ্ট্ৰপতিকে সমৰ্থন কৰিছিল (Balasaheb Thackeray supported presidential candidate Pratibha Patil and Pranab Mukherjee) আৰু নিৰ্বাচিত হৈছিল ।

লগতে পত্ৰখনত লিখা হৈছে যে এইটো কথা মনত ৰাখিব লাগিব যে আমি দেশৰ প্ৰথম জনজাতীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সমৰ্থন কৰা উচিত (First tribal president candidate Draupadi Murmu), যি দেশৰ প্ৰথম জনজাতীয় ৰাষ্ট্ৰপতি হ'ব । যদি শিৱসেনাই বিজেপিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক সমৰ্থন কৰে, তেন্তে দেশৰ সমগ্ৰ জনজাতীয় সম্প্ৰদায় তেওঁৰ ওচৰত ঋণী হ'ব ।

ইফালে দ্ৰৌপদী মুৰ্মুক সমৰ্থন কৰাৰ ক্ষেত্ৰত সঞ্জয় ৰাউতৰ বক্তব্যও আহিছে । দ্ৰৌপদীক সমৰ্থন কৰাৰ অৰ্থ বিজেপিক সমৰ্থন কৰা নহয় বুলি তেওঁ লগতে কয় । তেওঁ কয় যে যশৱন্ত সিনহাৰ সৈতে শিৱসেনাৰ ভাল সম্পৰ্ক আছে । কিন্তু মানুহৰ অনুভূতিকো গুৰুত্ব দিয়া উচিত । শিৱসেনাই প্ৰায়ে এনে সিদ্ধান্ত লৈ আহিছে । উদাহৰণ স্বৰূপে সঞ্জয় ৰাউতে ইউ পি এৰ প্ৰাৰ্থী থকাৰ সময়ত শিৱসেনাই প্ৰতিভা পাটিলক সমৰ্থন কৰাৰ কথা কয় ।

একেদৰে প্ৰণৱ মুখাৰ্জীকো সমৰ্থন কৰা হৈছিল । সঞ্জয় ৰাউতে কয় যে মুৰ্মু হৈছে প্ৰথম জনজাতীয় মহিলা যাক এই পদৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । আনহাতে, শিৱসেনাতো বহু জনজাতীয় প্ৰতিনিধি আছে । সাংসদসকলেও মুৰ্মুক সমৰ্থন কৰাৰ দাবী প্ৰকাশ কৰিছে ।

কিন্তু এটা কথা উল্লেখ কৰিবই লাগিব যে উদ্ধৱ থাকৰেৰ এই সিদ্ধান্তটো মহাবিকাশ আঘাড়ী মিত্ৰদলৰ বাবেও এক বিফলতা (setback for Mahavikas Aghadi alliance) । কাৰণ মিত্ৰজোঁটৰ আন দুটা অংশীদাৰ অৰ্থাৎ কংগ্ৰেছ আৰু শাৰদ পাৱাৰৰ এন চি পিয়ে যশৱন্ত সিনহাক সমৰ্থন কৰিছে (Congress and NCP supporting Yashwant Sinha) ।

উল্লেখ্য, ১৮ জুলাইত অনুষ্ঠিত হ'ব দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচন । ২১ জুলাইত দেশখনে এগৰাকী নতুন মহা মহিম লাভ কৰিব । নিৰ্বাচনত ভোটদানৰ বাবে বিশেষ চিঁয়াহী থকা কলম এটা প্ৰদান কৰা হ'ব । ভোট দিবলৈ 1,2,3 লিখি নিজৰ পচন্দ উল্লেখ কৰিব লাগিব । যদি প্ৰথম পচন্দ দিয়া নহয় তেন্তে ভোট বাতিল কৰা হ'ব ।

লগতে পঢ়ক :Money Laundering case : ২১ জুলাইত ই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ ছোনিয়া গান্ধীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.