ETV Bharat / bharat

Holi 2023: হোলী খেলোতে মনত ৰাখিব এইসমূহ কথা, তেতিয়াহে ল'ব পাৰিব উৎসৱৰ মজা

author img

By

Published : Mar 7, 2023, 10:56 AM IST

ৰঙৰ উৎসৱ হোলীৰ বাবে দেশজুৰি এক আনন্দৰ পৰিবেশ দেখিবলৈ পোৱা গৈছে, কিন্তু ৰং আৰু গুলালৰ সৈতে হোলী খেলি থাকোঁতে যদি আপুনি কিছু সাৱধানতা অৱলম্বন কৰে, তেন্তে আপোনাৰ হোলী উৎসাহ আৰু উল্লাসেৰে ভৰি পৰিব...সেয়ে এইবাৰৰ হোলীত নিজকে ৰোগ তথা আঘাতৰ পৰা ৰক্ষা কৰিবলৈ কোনবোৰ দিশত গুৰুত্ব দিয়া উচিত জানি লওক...

Keep these things in mind while playing Holi
হোলী খেলোতে মনত ৰাখিব এইসমূহ কথা, তেতিয়াহে ল'ব পাৰিব উৎসৱৰ মজা

উৎসৱে আমাৰ জীৱন ৰঙেৰে উপচাই তোলে আৰু ক'বলৈ গ'লে হোলী নিজেই এক ৰঙৰ উৎসৱ । এই উৎসৱৰ আনন্দ উল্লাস এনেকুৱা যে আপুনি ইয়াৰ মাজতে নিজৰ সকলো দুখ পাহৰি এই উৎসৱৰ ধেমালিত ডুব যাব বিচাৰে(Keep these things in mind while playing Holi)। আজি এনে এক বিশৃংখল জীৱনত যদি আমি আমাৰ ওচৰৰ আৰু প্ৰিয়জনক লগ পোৱাৰ সুযোগ পাওঁ তেন্তে ইয়াতকৈ ভাল কি হ’ব পাৰে(Holi 2023) ।

কষ্ট চিন্তা দুখ ভাগৰ আদিৰ পৰা উৎসৱে আমাক সকাহ প্ৰদান কৰে । কিন্তু উৎসৱৰ এই উৎসাহে কেতিয়াবা বিপদজনক ৰূপ ধাৰণ কৰিব পাৰে । বহুবাৰ দেখা যায় যে ৰঙৰ বাবে কাৰোবাৰ যদি ছাল বা চকুৰ সৈতে জড়িত সমস্যাই দেখা দিয়ে তেন্তে কোনো লোক আঘাতপ্ৰাপ্ত হয় নতুবা ভাইৰেল সংক্ৰমণ আদি হোৱা দেখিবলৈ পোৱা যায় । গতিকে নিজৰ সুৰক্ষাৰ প্ৰতিও যত্ন ল’লে উৎসৱৰ আনন্দ আৰু অধিক বৃদ্ধি পায় । এই উৎসৱৰ ভাল স্মৃতিবোৰ অটুত ৰাখিবলৈ কিছু সাৱধানতা অৱলম্বন কৰা উচিত ।

হোলী খেলাৰ পূৰ্বে

  • হোলী খেলাৰ পূৰ্বে সম্পূৰ্ণ প্ৰস্তুতি চলাব লাগে যাতে পিছত কোনো আক্ষেপ নহয় । উদাহৰণস্বৰূপে, ছালখন মইশ্ব’ৰাইজ কৰাটো অতি প্ৰয়োজনীয়, অৰ্থাৎ আৰ্দ্ৰ কৰি ৰখাটো অতি প্ৰয়োজনীয় । আচলতে শুকান ছালৰ ৰংবোৰ সহজে ওলাই নাযায় । লগতে এই ৰংবোৰ ইমানেই গাঢ় হয় যে ইয়াক আঁতৰোৱাৰ ক্ষেত্ৰত ছালৰ খজুৱটি হোৱাও দেখা যায়(Holi Special)।
  • ছালত মইশ্ব’ৰাইজাৰ লগাই বাহিৰলৈ ওলাই যাওক
  • আজিকালি ৰ’দৰ উত্তাপ দিনক দিনে বৃদ্ধি পাইছে । যদি আপুনি হোলী খেলিবলৈ গৈ আছে তেন্তে ছানস্ক্ৰীণ ভালদৰে লগাওক । ইয়াৰ উপৰিও ই আপোনাৰ ছালখনক ৰ’দত পোৰাৰ পৰা ৰক্ষা কৰিব ।
  • মইশ্ব’ৰাইজাৰ নাথাকিলে ছালত যিকোনো তেলীয়া ক্ৰীম বা তেল লগাব পাৰে । ইয়াৰ বাবে ৰঙৰ বিৰূপ প্ৰভাৱৰ আপুনি হাত সাৰিব পাৰে ৷
  • বিপদজনক কৃত্ৰিম ৰং আৰু গুলালৰ পৰা চুলিক ৰক্ষা কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰক । এই ৰঙে আপোনাৰ চুলি শুকান, নিৰ্জীৱ আৰু দুৰ্বল কৰি তুলিব পাৰে । ইয়াৰ ফলত চুলিৰ পুষ্টিও কাঢ়ি নিব পাৰে ।
  • চকুত ৰং বা গুলাল সোমাব নোৱাৰাকৈ চশমা ব্যৱহাৰ কৰিব পাৰে ।
  • ভাইৰেল সংক্ৰমণৰ পৰা হাত সাৰিবলৈ বা যদি আপুনি সংক্ৰমিত হয় তেন্তে ইয়াৰ সৈতে ভালদৰে মোকাবিলা কৰিবলৈ ভিটামিন চি, ভিটামিন B12 টেবলেট খাব পাৰে ।
  • যদি আপুনি ডায়েবেটিছ, উচ্চ ৰক্তচাপ ৰোগী, তেন্তে আপুনি আপোনাৰ খাদ্যাভ্যাসত সাৱধান হ’ব লাগিব । প্ৰথমে আপোনাৰ চেনি নিয়ন্ত্ৰণ কৰা হৈছে নে নাই পৰীক্ষা কৰক ।
  • শুকান আৰু হাৰ্বল ৰঙৰ ব্যৱহাৰ কৰক । ভিজা ৰঙেৰে খেলিব বিচাৰিলে বেছি সময় পানীত থকাটো পৰিহাৰ কৰক ।

এইদৰেই আপুনি নিজকে ৰক্ষা কৰিব পাৰে

  • সম্পূৰ্ণ হাতৰ কাপোৰ পিন্ধক । ছালখন সুৰক্ষিত কৰিবলৈ পানী নোসোমাব পৰা কাপোৰো পিন্ধিব পাৰে ।
  • কিছুমান মহিলাই নখৰ সুৰক্ষাৰ বাবে নখৰ ৰং লগায়, এইটো এটা ভাল উপায় ।
  • চকুৰ যত্ন লোৱাৰ পিছতো যদি চকুৰ ভিতৰলৈ ৰং বা গুলাল যায় তেন্তে তৎক্ষণাত চকু দুটা পৰিষ্কাৰ পানীৰে ধুব লাগে । যদি জ্বলা-পোৰা কৰে তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ।
  • ছালৰ এলাৰ্জী বা চকুৰ এলাৰ্জী বা ফুলিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক
  • যদি চিকিৎসকে খাদ্য নিয়ন্ত্ৰণ কৰিবলৈ পৰামৰ্শ দিছে তেন্তে নিশ্চিতভাৱে যত্ন লওক ।
  • আপোনাৰ প্ৰিয় মিঠাই বা খাদ্য খালে কি হ'ব এদিনৰ কথা, আপোনাৰ চেনি নিয়ন্ত্ৰণত থাকিলে এই বস্তুটো প্ৰযোজ্য হ'ব ।
  • বজাৰৰ মিঠাই বা খাদ্যৰ পৰা আঁতৰি থাকক বা ইয়াৰ গুণগত মান নিশ্চিত হোৱাৰ পিছতহে সেৱন কৰক ।

লগতে পঢ়ক: Holi 2023: এইবাৰৰ হোলীৰ উৎসৱত আপুনি নিজকে সজাই তুলিব বিচাৰিছে নেকি ? তেন্তে কামত আহিব এইসমূহ সহজ টিপছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.