ETV Bharat / bharat

Holi 2023: এইবাৰৰ হোলীৰ উৎসৱত আপুনি নিজকে সজাই তুলিব বিচাৰিছে নেকি ? তেন্তে কামত আহিব এইসমূহ সহজ টিপছ

author img

By

Published : Feb 28, 2023, 8:19 PM IST

পূৰ্ণগতিত চলিছে ৰঙৰ উৎসৱ হোলীৰ প্ৰস্তুতি । আপুনিও নিশ্চয় এই দিনটোক বিশেষ কৰি তুলিবলৈ সকলো প্ৰস্তুতি চলাইছে । এইবাৰ হোলীত যদি আপুনি নিজকে ষ্টাইলিছ আৰু ফেশ্বনেবল দেখাব বিচাৰে তেন্তে আমি আপোনাৰ বাবে লৈ আহিছো কেইটামান বিশেষ টিপছ ।

These easy tips to look fab and stylish this Holi
এইবাৰৰ হোলীৰ উৎসৱত আপুনি নিজকে সজাই তুলিব বিচাৰিছে নেকি ? তেন্তে কামত আহিব এইসমূহ সহজ টিপছ

ৰঙৰ উৎসৱ হোলীক আদৰিবলৈ সাজু হৈছে দেশবাসী ৷ সমগ্ৰ দেশতে হোলী অতি ধুমধামেৰে পালন কৰা হয় (Holi 2023)। এইবাৰ ৮ মাৰ্চত এই উৎসৱ পালন কৰা হ’ব । ভাৰতৰ অন্যতম ডাঙৰ উৎসৱ, যাৰ বাবে সকলোৱে বিশেষকৈ ল’ৰা-ছোৱালীয়ে আগ্ৰহেৰে বাট চাই থাকে । এই উৎসৱত মানুহে নিজৰ ওচৰৰ আৰু প্ৰিয়জন, পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে হোলী খেলি ভাল সময় পাৰ কৰে (how to make holi special)। আৰু পৰম্পৰাগত সাজ-পোছাকে এই উৎসৱক আৰু অধিক বিশেষ কৰি তুলিছে ।

এই উৎসৱক অধিক বিশেষ কৰি তোলাৰ লগতে কোনো অসুবিধা নহ'বৰ বাবে সঠিক সাজ-পোছাক বাছনি কৰাটো অতি প্ৰয়োজন যাতে আপুনি অস্বস্তি অনুভৱ নকৰে আৰু এই উৎসৱক উপভোগ কৰিব পাৰে (These easy tips to look fab and stylish this Holi)। হোলী উপলক্ষে মহিলা তথা পুৰুষে বিভিন্ন ধৰণৰ ষ্টাইল, বা লুক বাছনি কৰে যেনে কুৰ্টা, চুট বা শাৰী(How to celebrate Holi)। গতিকে যদি আপুনিও হোলী খেলাৰ প্ৰস্তুতি চলাইছে, তেন্তে কি কি কথাত গুৰুত্ব দিয়াটো উচিত জানি লওক...

Style and Comfort

হোলীৰ বাবে বেছি ষ্টাইলিছ কাপোৰ পিন্ধিব নালাগে, বৰঞ্চ এনেকুৱা সাজ-পোছাক পৰিধান কৰক য’ত আপুনি আৰাম অনুভৱ কৰে আৰু হোলী খেলাৰ সময়ত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয়(Holi significance)। Transparent আৰু বেছি ঢিলা কাপোৰ পৰিধান কৰিব নালাগে, ইয়াৰ ফলত আপোনাৰ অস্বস্তি অনুভৱ হ’ব পাৰে । আপুনি চিনেমাৰ পৰাও কিছুমান আইডিয়া ল'ব পাৰে য'ত হোলী প্ৰদৰ্শন কৰা হৈছে(Holi look)।

আৰামদায়ক কাপোৰ বাছনি কৰক

হোলীৰ ষ্টাইল ষ্টেটমেন্টৰ লগতে যি পিন্ধিব তাৰ কাপোৰৰ প্ৰতিও গুৰুত্ব দিব । হোলীৰ সময়ত গৰম বাঢ়ে, গতিকে কপাহী কাপোৰেই উত্তম । এনে কাপোৰ পিন্ধি গৰমও অনুভৱ নকৰিব । বগা কাপোৰ পিন্ধাটো প্ৰয়োজনীয় নহয়, ৰঙীন কাপোৰ বাছি ল’ব পাৰি, কিন্তু কেৱল কপাহী কাপোৰ বাছি লওক ।

এইবাৰ হোলী কেতিয়া পালন কৰা হ'ব ?

এইবাৰ হোলীৰ উৎসৱ ৮ মাৰ্চত অৰ্থাৎ অহা বুধবাৰে পালন কৰা হ’ব(Holi Date)।

আন কি কি নামেৰে হোলী জনা যায় ?

হোলীক ৰঙৰ উৎসৱ বুলিও কোৱা হয়, কাৰণ এই সময়ত ৰঙৰ প্ৰচুৰ ব্যৱহাৰ হয় ।

লগতে পঢ়ক: Holi 2023: কেনেকৈ হাত, মুখ তথা সমগ্ৰ শৰীৰৰ পৰা হোলীৰ ৰং আঁতৰাব পাৰি, জানি লওক কেইটামান সহজ উপায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.