ETV Bharat / bharat

Gyanvapi case updates: পিছুৱালে জ্ঞানবাপী মছজিদৰ শুনানি

author img

By

Published : Oct 7, 2022, 6:08 PM IST

Gyanvapi case
পিছুৱালে জ্ঞানবাপী মছজিদৰ শুনানি

জ্ঞানবাপী মছজিদ শৃংগাৰ গৌৰী গোচৰত শিৱলিংগৰ কাৰ্বন ডেটিং সম্পৰ্কীয় আবেদনৰ শুনানি পিছুৱাই দিয়া হৈছে (Carbon dating of Shivling)। আদালতে বিষয়টোৰ পৰৱৰ্তী শুনানি ১১ অক্টোবৰত নিৰ্ধাৰণ কৰিছে । শিৱলিংগৰ বৈজ্ঞানিক অনুসন্ধানৰ দাবীৰ সমৰ্থনত বাৰাণসীত পোষ্টাৰ দেখিবলৈ পোৱা গৈছে ।

নেশ্যনেল ডেস্ক,৭ অক্টোবৰ : প্ৰসংগ জ্ঞানবাপী-শৃংগাৰ গৌৰী গোচৰ (Gyanvapi mosque Shrinagar Gauri case)। এই গোচৰ সন্দৰ্ভত শুকুৰবাৰে আদালতত এক গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰা হয় (Carbon dating of Shivling)। অজুখানাত পোৱা শিৱ লিংগৰ কাৰ্বন ডেটিং বিচাৰি জনোৱা এক আবেদনৰ শুনানি গ্ৰহণ কৰা হয় । এই ক্ষেত্ৰত, অজয় কৃষ্ণ বিশেষৰ আদালতে অভিযোগকাৰী মহিলা পক্ষৰ অধিবক্তাসকলক কাৰ্বন ডেটিঙৰ দাবীৰ ওপৰত তেওঁলোকৰ কথা স্পষ্ট কৰিবলৈ যুক্তি তৰ্কৰ আহ্বান জনায় ।

আদালতৰ নিৰ্দেশত, হিন্দু পক্ষৰ অধিবক্তা বিষ্ণুশংকৰ জৈনে যুক্তিবোৰ আগবঢ়ায় আৰু এই ক্ষেত্ৰত কাৰ্বন ডেটিঙৰ পৰিৱৰ্তে আন কোনো বৈজ্ঞানিক কৌশলেৰে বিষয়বোৰ স্পষ্ট কৰিবলৈ আহ্বান জনায় । ইয়াৰ পূৰ্বে, হৰিশংকৰ জৈনে শিৱলিংগৰ কাৰ্বন ডেটিং দাবী কৰিছিল, যাৰ বিৰোধিতা কৰিছিল হিন্দু পক্ষৰ ৰাখী সিং অৰ্থাৎ বিশ্ব বৈদিক সনাতন সংঘই । বিশ্ব সনাতন সংঘৰ মুৰব্বী জীতেন্দ্ৰ সিং বিছেনে কাৰ্বন ডেটিঙক হিন্দু ধৰ্মৰ বিশ্বাসৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰিছিল আৰু এই কৌশলক শিৱলিংগ ভাঙি যোৱাৰ কাৰণ হিচাপে বিবেচনা কৰিছিল ।

কাৰ্বন ডেটিঙৰ বিৰোধিতা কৰি তেওঁ আদালতক কাৰ্বন ডেটিং নকৰিবলৈও আহ্বান জনায় । ইয়াৰ পাছত, ২৯ ছেপ্টেম্বৰত শুনানিৰ সময়ত আদালতে আদেশটোৰ বাবে ৭ অক্টোবৰৰ দিনটো নিৰ্ধাৰণ কৰিছিল । কিন্তু শুকুৰবাৰে গোচৰটোৰ শুনানি আৰম্ভ হোৱাৰ লগে লগে আদালতে এই গোচৰটোৰ কাৰ্বন ডেটিং খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু বিষ্ণু শংকৰ জৈন আৰু হৰি শংকৰ জৈনৰ কাৰ্বন ডেটিং সন্দৰ্ভত বিষয়বোৰ স্পষ্ট কৰিবলৈ কয় ।

দুয়োজন অধিবক্তাৰ হৈ কাৰ্বন ডেটিঙৰ পৰিৱৰ্তে এইবোৰ স্পষ্ট কৰিবলৈ আৰু অন্যান্য বৈজ্ঞানিক কৌশল বিচাৰি উলিয়াবলৈ কয় । ইয়াৰ পাছত, জিলা ন্যায়াধীশে মুছলমান পক্ষক শুনানি আগবঢ়াবলৈ কৈছিল । কিন্তু মুছলমান পক্ষই যুক্তি দিছিল যে, তেওঁলোকে আজি আদেশটো দিয়া হ'ব বুলি ভাবি বেছি প্ৰস্তুত হৈ অহা নাছিল । সেয়েহে, তেওঁলোকক পৰৱৰ্তী তাৰিখ দিয়া উচিত । যাৰ ওপৰত ভিত্তি কৰি আদালতে এই গোচৰটোৰ শুনানিৰ তাৰিখ ১১ অক্টোবৰ নিৰ্ধাৰণ কৰিছে (Court defers hearing on Shivling carbon dating)।

উল্লেখ্য যে, বাৰাণসীৰ জ্ঞানবাপী মছজিদত অধিবক্তা আয়োগৰ কাৰ্যক্ৰমৰ সময়ত অজুখানাত এটা গাঁথনি পোৱা গৈছিল । হিন্দু পক্ষই ইয়াক শিৱলিংগ বুলি অভিহিত কৰিছে, আনহাতে মুছলমান পক্ষই কয় যে, এইটো এটা ফাউণ্টেইন । যদিও হিন্দু পক্ষৰ হৈ আদালতত কাৰ্বন ডেটিঙৰ দাবীত আদেশটো সংৰক্ষিত ৰখা হৈছে ।

কিন্তু ইয়াৰ মাজতে পোষ্টাৰৰ জৰিয়তে শিৱলিংগৰ বৈজ্ঞানিক অনুসন্ধানৰ দাবী উত্থাপিত হ'বলৈ আৰম্ভ হৈছে । বাৰাণসীৰ বিভিন্ন অঞ্চলত শিৱলিংগৰ বৈজ্ঞানিক অনুসন্ধানৰ দাবীৰ সমৰ্থনত ৰাস্তাৰ কাষত পোষ্টাৰ দেখিবলৈ পোৱা গৈছে ।

চহৰখনৰ অন্ধৰাপুল, কচাৰী, দুৰ্গাকুণ্ডকে ধৰি সকলো ঠাইতে এই পোষ্টাৰবোৰ লগোৱা হৈছে । ভগৱা ৰক্ষা বাহিনীয়ে এই পোষ্টাৰ লগোৱাৰ দায়িত্ব স্বীকাৰ কৰিছে । ইয়াৰ উপৰিও সংগঠনটোৰ কৰ্মীসকলৰ সৈতে পোষ্টাৰখনত শৃংগাৰ গৌৰীৰ অধিবক্তা হৰিশংকৰ জৈন আৰু বিষ্ণু শংকৰ জৈনৰ ফটোও আছিল ।

লগতে পঢ়ক :ভাৰতত নিষিদ্ধ অমৃতপাল সিঙৰ টুইটাৰ একাউণ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.