ETV Bharat / bharat

ভাৰতত নিষিদ্ধ অমৃতপাল সিঙৰ টুইটাৰ একাউণ্ট

author img

By

Published : Oct 7, 2022, 5:01 PM IST

Waris Punjab de Controversy
Waris Punjab de Controversy

সামাজিক মাধ্যমত চৰ্চাত থকা ৱাৰিছ পাঞ্জাৱ দে' সংগঠনৰ মুৰব্বী অমৃতপাল সিঙৰ বিৰুদ্ধে কঠোৰ কেন্দ্ৰীয় চৰকাৰ । বিতৰ্কিত যুৱ নেতাগৰাকীৰ টুইটাৰ একাউণ্ট নিষিদ্ধ কৰিলে চৰকাৰে (Amritpal Singh Twitter account banned)। পাঞ্জাৱ কংগ্ৰেছৰ সভাপতি অমৰিন্দৰ সিং ৰাজা ৱাৰিঙে আৰক্ষীলৈ অমৃতপালৰ বিৰুদ্ধে পত্ৰ লিখিছিল ।

নেশ্যনেল ডেস্ক,৭ অক্টোবৰ : শেহতীয়াকৈ সামাজিক মাধ্যমত খলকনিৰ সৃষ্টি কৰিছে 'ৱাৰিছ পাঞ্জাৱ দে' সংগঠনৰ মুৰব্বী অমৃতপাল সিঙে (Waris Punjab de chief Amritpal Singh)। সামাজিক মাধ্যমত নিজৰ বক্তব্যৰে যুৱপ্ৰজন্মক আকৰ্ষণ কৰাৰ মাজতে আকৌ বহু ৰাজনৈতিক নেতাই তেওঁ সমালোচনাও কৰিছে (Amritpal Singh Controversy)। ইয়াৰ মাজতে এইবাৰ কেন্দ্ৰীয় চৰকাৰ কঠোৰ হৈছে অমৃতপাল সিঙৰ বিৰুদ্ধে ।

চৰকাৰে সিঙৰ বিৰুদ্ধে ডিজিটেল ষ্ট্ৰাইক আৰম্ভ কৰিছে (Digital Strike against Amritpal Singh)। চৰকাৰে ভাৰতত সিঙৰ টুইটাৰ একাউণ্ট নিষিদ্ধ কৰিছে । এতিয়াৰ পৰা আৰু অমৃতপাল সিঙৰ টুইটাৰ একাউণ্ট দেশত নচলিব (Centre banned twitter account of Amritpal Singh)। তেওঁৰ টুইটাৰ একাউণ্টত প্ৰায় ১১,০০০ ফলোৱাৰ্চ আছিল ।

শেহতীয়াকৈ পাঞ্জাৱ কংগ্ৰেছৰ সভাপতি অমৰিন্দৰ সিং ৰাজা ৱাৰিঙেও যুৱ নেতা অমৃতপাল সিঙৰ কাৰ্যকলাপ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱলৈ এখন পত্ৰ লিখিছিল । তেওঁ অভিযোগ কৰিছিল যে, অমৃতপাল সিঙে যুৱকসকলক সন্ত্ৰাসবাদৰ দিশে ঠেলি দিছে । পত্ৰখনত তেওঁ উল্লেখ কৰা মতে যুৱকসকলক সেই দিশত যোৱাটো নিবিচাৰে কংগ্ৰেছে (Amrinder Singh Raja Warring slams Amritpal Singh)।

ৰাজা ৱাৰিঙে তেওঁৰ পত্ৰত কৈছিল যে ২৯ ছেপ্টেম্বৰত মোগাৰ ৰোডে গাঁৱত অমৃতপাল সিঙৰ বাবে আয়োজিত অনুষ্ঠানটোৱে মানুহৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে । তেওঁ কয় যে, ধৰ্মীয় অনুষ্ঠানটোত যি ধৰণৰ ভাষণ দিয়া হৈছিল, তাৰ পাছত জনসাধাৰণৰ মাজত ভয় আৰু শংকা বৃদ্ধি পাইছে । তেওঁ কয় যে পাঞ্জাৱত ৮০-৯০ ৰ গণহত্যাৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে ।

ৰাজা ৱাৰিঙে লগতে কয় যে, অমৃতপালে সেই অনুষ্ঠানত অতি প্ৰৰোচনামূলক যুক্তি দিছে । যিটোৱে ৰাজ্যখনৰ পৰিৱেশ নষ্ট কৰিব বুলিও আশংকা কৰিছে ৰাজা ৱাৰিঙে । অমৃতপালৰ ভাষণ গুৰুত্ব সহকাৰে ল'বৰ বাবেও আৰক্ষীক আহ্বান জনাইছে ৱাৰিঙে । তেওঁ দাবী কৰা মতে পাঞ্জাৱক পুনৰ সন্ত্ৰাসবাদৰ ফালে ঠেলি দিবলৈ কৰা চেষ্টা সহ্য কৰা নহ'ব ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰ আৰক্ষীৰ জালত হাইব্ৰিড সন্ত্ৰাসবাদী: অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.